ETV Bharat / politics

মিঞাৰ বিৰুদ্ধে আৰু শক্তিশালীভাৱে ৰাজনীতি কৰিম : দিলীপ শইকীয়া

মিঞা আৰু কংগ্ৰেছক উদ্দেশ্যি দিলীপ শইকীয়া তীব্ৰ বাক্যবাণ । তেওঁৰ মতে কংগ্ৰেছ অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু ।

BJP Organizational meeting at Dima hasao
ডিমা হাছাওত সাংগঠনিক সভাত দিলীপ শইকীয়াৰ অংশগ্ৰহণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 7:39 PM IST

3 Min Read
Choose ETV Bharat

হাফলং : "শেষ বিন্দু থকালৈকে বিজেপিয়ে মিঞাৰ বিৰুদ্ধে যুঁজি যাব ।" মিঞা বিৰুদ্ধে পুনৰ হুংকাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ । বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে পুনৰ অসমত মিঞাক লৈ ৰাজনীতি আৰম্ভ হৈছে । বিজেপিয়ে মিঞাক লৈ ৰাজনীতি কৰা বুলিও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।

তাৰ প্ৰত্যুত্তৰত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "মিঞাক লৈ ৰাজনীতি কৰিব লাগে । আমি কৰিম আৰু শক্তিশালীভাৱে কৰিম । যি মিঞাই সংস্কৃতিক প্ৰত্যাহ্বান জনাই, যি মিঞাই অসমৰ আধ্যাত্মিক, ধাৰ্মিক ঐতিহাসিক স্থানসমূহ দখল কৰে আৰু তেওঁলোকৰ আয়ত্বলৈ লৈ যায়, যি মিঞাই জনসংখ্যা বঢ়াই, আমাৰ খিলঞ্জীয়া মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰে । সেই মিঞাবিলাকে আমাক কম কষ্ট দিয়া নাই । এই কষ্ট দিয়াৰ মূল শক্তি কংগ্ৰেছ আৰু তেওঁলোকৰ লগত থকা দলবিলাক । গতিকে আমি মিঞাৰ বিৰুদ্ধে সদায় আছো আৰু ভৱিষ্যতেও থাকিম । যেনেকৈ লাচিত বৰফুকনে ১৭ বাৰ মোগলক পৰাস্ত কৰিছিল, আমিও শেষ বিন্দু থকালৈকে মিঞাৰ বিৰুদ্ধে ৰাজনীতি নহয়, অসমৰ অস্মিতা বা সভ্যতা ৰক্ষাৰ যুঁজত বিজেপি সদায় সন্মুখত থাকিব ।"

ডিমা হাছাওত সাংগঠনিক সভাত দিলীপ শইকীয়াৰ অংশগ্ৰহণ (ETV Bharat)

দলৰ সাংগঠনিক কামত দুদিনীয়া ডিমা হাছাও জিলা ভ্ৰমণৰ সময়ত ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে আন কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে । জনজাতীয় লোকৰ বাবে বিজেপিয়ে কি কৰিছে বুলি কংগ্ৰেছে কৰা প্ৰশ্নৰ উত্তৰত দিলীপ শইকীয়াই কংগ্ৰেছক প্ৰত্যাহ্বান জনায় । কংগ্ৰেছে জনজাতীয়সকলৰ বাবে কি কৰিছে তাক লৈ গৌৰৱ গগৈয়ে শ্বেতপত্ৰ উলিয়াব লাগে বুলি দাবী কৰে দিলীপ শইকীয়াই । তেওঁ কয়, "কংগ্ৰেছে ৫৫ বছৰ জনজাতিসকলক শোষণ কৰিছে । তাৰ বিপৰীতে আমি জনজাতিক ন্যায় দিবলৈ, উন্নয়নৰ কাৰণে কাম কৰিছো ।"

BJP Organizational meeting at Dima hasao
ডিমা হাছাওত সাংগঠনিক সভাত দিলীপ শইকীয়াৰ অংশগ্ৰহণ (ETV Bharat)

কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক পুনৰ সমালোচনা কৰি তেওঁ কয়, "গৌৰৱ গগৈ অহাৰ পিছত অসমত কংগ্ৰেছৰ অৱস্থা বেয়া হৈছে । পঞ্চায়তত,বিহালীত, ৰাভা হাচঙত শোচনীয়ভাৱে পৰাজিত হৈছে । বিটিচিত মাত্ৰ ১.৫ শতাংশ হৈ গ'ল ভোট তেওঁলোকৰ । তাক লৈ গৌৰৱ গগৈয়ে আত্ম অৱলোকন কৰিব লাগে । গৌৰৱ গগৈয়ে অসমত শাসনৰ অলীক কল্পনা কৰি আছে । কিন্তু অসমত কংগ্ৰেছ বহু বছৰলৈকে শাসনত আহিব নোৱাৰে । কাৰণ কংগ্ৰেছ অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু ।"

BJP Organizational meeting at Dima hasao
ডিমা হাছাওত সাংগঠনিক সভাত দিলীপ শইকীয়াৰ অংশগ্ৰহণ (ETV Bharat)

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ডিমা হাছাওত দলৰ সাংগঠনিক কামকাজ পৰ্যৱেক্ষণ কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় । তাক লৈ তেওঁ জিলাখনৰ বিজেপি নেতা-কৰ্মীৰে বৈঠকতো মিলিত হয় । বৈঠকৰ অন্তত তেওঁ সাংবাদিকৰ সন্মুখত কয় যে পাহাৰীয়া জিলাখনত ত্ৰিপল ইঞ্জিন চৰকাৰে বহু উন্নয়নমূলক কাম কৰিছে । তেওঁ কয় যে এই উন্নয়নমূলক কামকাজ ৰাইজৰ ওচৰলৈ লৈ যাব লাগে । আগন্তুক বিধানসভা নিৰ্বাচনত পূৰ্বতকৈ ভাল ফলাফলেৰে পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও দৃঢ়তাৰে কয় দিলীপ শইকীয়াই । ডিমা হাছাও ভ্ৰমণৰ সময়ত দিলীপ শইকীয়াৰ সৈতে বিজেপিৰ সৰ্বভাৰতীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ ৰাজুও উপস্থিত থাকে ।

লগতে পঢ়ক :সংবিধানত সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত কোনো বাধা নাই : মুখ্যমন্ত্ৰী