ETV Bharat / politics

কংগ্ৰেছৰ নেতাসকলে বিয়া পাতিবলৈও টিকট দিম বুলি টকা লৈছে : এইবাৰ আৰু এটা বোমা মুখ্যমন্ত্ৰীৰ

"অখিল গগৈক হৰুৱাবলৈ শিৱসাগৰত আমাৰ দলৰ ৫-৬ জন আছেই ৷" প্ৰৱল আত্মবিশ্বাসী ডঃ শৰ্মা ৷ ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী ৷

BJP wall painting campaign
বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 2:58 PM IST

|

Updated : January 5, 2026 at 3:14 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : "অখিল গগৈক হৰুৱাবলৈ দলৰ বহুত কাৰ্যকৰ্তা আছে । তেওঁলোকে ভাবিব আমি আছোৱেই, দাদা আকৌ কিয় আহিব লাগে । আমাৰ দলৰ ৫-৬ জন আছে অখিল গগৈক হৰুৱাবলৈ ।" শেহতীয়াভাৱে শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ ৰাইজৰ দলৰ নেতাগৰাকীয়ে প্ৰত্যাহ্বান জনোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই মন্তব্য । সোমবাৰে এক অনুষ্ঠাত অংশগ্ৰহণৰ পিছত সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় দল বিজেপি । সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী ৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ।

বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণৰূপে সাজু হৈছে । আজিৰ পৰা দেৱাল লিখন কাৰ্যসূচী সমগ্ৰ অসমতেই আৰম্ভ হৈছে । আজি সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত ৱাল লিখন কাৰ্য্যসূচী আৰম্ভ কৰিলোঁ । বিজেপিৰ কাৰ্যকৰ্তাই ৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, মন্ত্ৰী-বিধায়কসকলেও বিভিন্ন স্থানত ভাগ ল'ব এই অভিযানত । ৱালৰ গৰাকীৰ অনুমতি সাপেক্ষে ৱালত লিখাৰ বাবে আগবাঢ়িব বিজেপি ।"

তেওঁ লগতে কয়, "গৰাকীৰ অনুমতি লোৱাটোতেই বিজেপিৰ এক প্ৰকাৰে গণসংযোগ স্থাপন আৰু প্ৰচাৰ হ'ব । আমি বিগত দহ বছৰৰ খতিয়ান দাঙি ধৰি দেৱাল লিখনৰ দ্বাৰা ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ । 'অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা', 'বিকশিত অসম, জয় আই অসম' ‌এনেধৰণৰ কেইবাটাও শ্লোগান লোৱা হৈছে ।"

টিকট প্ৰত্যাশী সম্পৰ্কত

আনহাতে, মুখ্যমন্ত্ৰীয়ে বিজেপিৰ টিকট প্ৰত্যাশী সন্দৰ্ভত কয়, "টিকট প্ৰত্যাশীৰ ভিৰ হোৱা যেন মোৰ লগা নাই, কিছুমান সমষ্টিত এটাতকৈ দুটাও নাই । বিগত ১০ বছৰত আমাৰ এনেকুৱা সুস্থিৰ পৰিস্থিতি হৈছে যে অসমৰ আধাতকৈ বেছি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী এজনেই আছে । টিকট প্ৰত্যাশীৰ ভিৰৰ ফলত দলত কাজিয়া হোৱাৰ বাতৰি আপোনালোকে ভাল পায়, কিন্তু এইবাৰ সংবাদ মাধ্যমে নাপাব । দহ-বাৰটা সমষ্টিত থাকিব পাৰে ততোধিক প্ৰাৰ্থী ।"

প্ৰাৰ্থী সন্দৰ্ভত আত্মবিশ্বাসী মুখ্যমন্ত্ৰীয়ে লগতে কয়, "৫০টা সমষ্টিত প্ৰাৰ্থী ঘোষণা আজিও কৰিব পাৰিব বিজেপিয়ে, বিজেপি সাজু হৈ আছে । বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ, আমাৰ বুথৰ পৰা আৰম্ভ কৰি এটা প্ৰক্ৰিয়াৰ দ্বাৰাহে সিদ্ধান্ত লোৱা হ'ব । কেইবাটাও প্ৰক্ৰিয়া আছে, তাৰে এটা প্ৰক্ৰিয়াৰ দ্বাৰাহে টিকট দিয়া হ'ব । নাম চিনাক্ত কৰিব কাৰ্যকৰ্তাই, আমাৰ দলত নিৰ্বাচন খেলিম বুলি খেলিব নোৱাৰে । ত্ৰিপুৰা, ঝাৰখণ্ডতো মই নিজে আছিলোঁ, তাতো তেনেকুৱা হৈছে । টিকটৰ বিনিময়ত বিজেপিত টকা লোৱা নহয় । বেলেগ দলে ৫০-২৫ হাজাৰ টকা লয়, সেই বিষয়ে একো নকওঁ ।"

টিকটৰ নামত কংগ্ৰেছৰ ধন সংগ্ৰহ সন্দৰ্ভত

টিকটৰ নামত ধন সংগ্ৰহ সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছে ৩-৫ কোটি টকাকৈ সংগ্ৰহ কৰি আছে । নেতাসকলে বিয়া পাতিবলৈও টিকট দিম বুলি টকা লৈছে । টিকটৰ বিনিময়ত এডভান্স লৈছে, ২২ৰ পৰা ২৩টা সমষ্টিত । মিঞা সমাজৰ দুৰ্ভাগ্য যে মিঞাসকলে কংগ্ৰেছক ভোটো দিব, টকাও দিব; কিন্তু উচ্ছেদ হ'লে সহায়ো নকৰে । আজিও তেজপুৰত উচ্ছেদ আছে, কংগ্ৰেছে সহায়ো নকৰে । বিপদৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ ওচৰত নাথাকে ।"

আনহাতে, টকা লোৱা সন্দৰ্ভত দেৱব্ৰত শইকীয়াই দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, "মোৰ এজেণ্টবোৰে টিকট ল'বলৈ ৫০ হাজাৰ টকা দিব নোৱাৰিব নেকি ? ‌মোৰ এজেণ্ট কোনবোৰ, যিবোৰে কংগ্ৰেছত থাকোতে মোৰ লগত মন্ত্ৰী আছিল, বিধায়ক আছিল, তেওঁলোকে ৫০ হাজাৰ দিব নোৱাৰিব নেকি ?"

আনহাতে, জিলা বিজেপিৰ সভাপতিসকলৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, "জিলা বিজেপিৰ সভাপতিসকলে টিকটৰ আশা নকৰিলে ভালপাম । ক'ৰবাত যদি দলে সিদ্ধান্ত লঁও বেলেগ কথা । পদবী দিয়াৰ সময়তে কৈছিলোঁ,‌ আপোনালোকে টিকট নিবিচাৰিব । পিছত এম পিত বিচাৰিব পাৰিব, সেয়েহে কোনেও নিবিচাৰে । ক'ৰবাত দুই-এজন সকলোতে ব্যতিক্ৰম থাকে ।"

মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত নিৰ্বাচন খেলা সন্দৰ্ভত

ইফালে শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "শিৱসাগৰত মই নিৰ্বাচন খেলিবলৈ ৫ টা বছৰে তাত একো কামেই কৰা নাই । তাত নিৰ্বাচন খেলিবলৈ কাম কৰিব লাগিব, জিকাৰ পিছত তালৈ যাব লাগিব । মই খেলিলে ঠগোৱা হ'ব, কাৰণ মই যাব নোৱাৰিম, গুৱাহাটীত থাকিম । বিহুৱে-পূজাই যাব নোৱাৰিম, মোৰতো তাত ঘৰ নাই ।"

অখিল গগৈ প্ৰসংগত তেওঁ কয়, "অখিল গগৈক হৰুৱাবলৈ দলৰ বহুত কাৰ্যকৰ্তা আছে । তেওঁলোকে ভাবিব, আমি আছোৱেই দাদা আকৌ কিয় আহিব লাগে । আমাৰ দলৰ ৫-৬ জন আছে অখিল গগৈক হৰুৱাবলৈ ।"

অগপৰে আসন বুজাবুজি

আনহাতে, অগপৰে আসন বুজাবুজি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "আসন বুজাবুজিক লৈ অগপৰ লগত বিজেপিৰ সভাপতিয়ে কথা পাতি আছে । যদি ২৭ ফেব্ৰুৱাৰীত দিন ধাৰ্য হয়, মই ভাবোঁ ১৫ ফেব্ৰুৱাৰীত টিকট আৰু আসনৰ ভাগ-বাটোৱাৰা চূড়ান্ত হৈ যাব । অনানুষ্ঠানিক পৰ্যায়ত আলোচনা হৈ আছে ।"

লগতে পঢ়ক :নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসকীয় দলটোৱে; আজিৰে পৰা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী
লগতে পঢ়ক :প্ৰতিটো সমষ্টিত ৫-১০ হাজাৰ বহিঃৰাজ্যৰ ভোট অন্তৰ্ভুক্তিৰ নিৰ্দেশ: দেৱব্ৰত শইকীয়াৰ বিস্ফোৰক অভিযোগ
Last Updated : January 5, 2026 at 3:14 PM IST