ETV Bharat / politics

বিধানসভা নিৰ্বাচন ২০২৬: কিমানটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে, কিমানটাত বিজয়ৰ লক্ষ্য ?

‘‘নতুন প্ৰাৰ্থীৰ সম্ভাৱনা বেছি । অসমীয়া মুছলমানৰ ভোট পাম । মিঞা মুছলমানৰ নাপাওঁ । পালে ভাল কথা ।’’ মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

Assam Assembly Elections 2026
ক'ৰ কমিটীৰ বৈঠকৰ এক মুহূৰ্ত (Himanta Biswa Sarma FB post)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 7:50 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : সমাগত বিধানসভা নিৰ্বাচন । বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনি-চাৰি মাহ বাকী । ইতিমধ্যে শাসক-বিৰোধী প্ৰতিটো দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ।

বিৰোধী কংগ্ৰেছ দলে ৰাজ্যৰ বিৰোধী দলসমূহক লৈ মহাজোঁট গঠন কৰাৰ চিন্তা-চৰ্চা কৰিছে যদিও একে সময়তে শাসকীয় বিজেপিয়ে অনুষ্ঠিত কৰিছে এখনৰ পিছত আনখন বৈঠক । শুকুৰবাৰেও বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপস্থিতিত অনুষ্ঠিত হয় ক'ৰ কমিটীৰ বৈঠক ।

কিমানটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে, জনালে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শ‌ইকীয়া, ৰাষ্ট্ৰীয় মুখপাত্ৰ ডাঃ সম্বিত পাত্ৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু প্ৰমুখ্যে দলৰ কৰ্ণধাৰ সমিতিৰ সদস্যসকল ।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰস্তুতিৰ ওপৰত যোৱা দুদিন ধৰি ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ডাঙৰীয়াৰ নেতৃত্বত কেইবাখনো বৈঠক অনুষ্ঠিত হয় । শেষত আজি তেখেতৰ উপস্থিতিত ক'ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হয় । য'ত নিৰ্বাচনী প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি, সাম্প্ৰতিক বিষয়, চৰকাৰী আঁচনিসমূহৰ বিষয়ত কিধৰণে ৰাইজৰ কাষ চাপিম তাৰ বিষয়ে আলোচনা কৰা হয় ।"

আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "এই আলোচনা যথেষ্ট ফলপ্ৰসূ হৈছে । এই আলোচনাৰ সিদ্ধান্তসমূহ ৰূপায়ণ কৰিব পাৰিলে আমি সাংগঠনিক দিশত যথেষ্ট শক্তিশালী হ'ব পাৰিম । বিভিন্ন নিৰ্বাচনী সমিতিৰ লগতে ৩৬ টা উপ-সমিতি আজি চূড়ান্ত কৰা হয় । মিত্ৰতা সন্দৰ্ভতো আলোচনা কৰা হয় ।"

কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে

নিৰ্বাচনত কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "ভাৰতীয় জনতা পাৰ্টীৰ জনগাঁথনি বা পৰিৱেশ অনুসৰি ১০৩ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম । বাকী সমষ্টিসমূহত নিজে প্ৰতিদ্বন্দ্বিতা নকৰিলেও মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব । আমি ১০৩ টাত প্ৰতিদ্বন্দ্বিতা কৰিম মানেই নহয় যে ১০৩ টাতেই জিকিম । কিন্তু টাৰ্গেট ১০৩ টাত থাকিব ।"

ইফালে ২০২৬ ত নতুন প্ৰাৰ্থীৰ সম্ভাৱনীয়তা বেছি বুলি উল্লেখ কৰি কয়, "অসমত প্ৰতিবাৰে যুৱ শক্তিক প্ৰাধান্য দিয়ে । এইবাৰ নতুন প্ৰাৰ্থীৰ সম্ভাৱনা বেছি । কাৰণ এইবাৰ সমষ্টি নিৰ্ধাৰণৰ পিছত ১০ৰ পৰা ১৫টা নতুন সমষ্টি হৈছে । য'ত আজিৰ দিনত কোনো বিধায়ক নাই, কাৰো টিকট কাটিব নালাগে।"

Assam Assembly Elections 2026
ক'ৰ কমিটীৰ বৈঠকৰ এক মুহূৰ্ত (Himanta Biswa Sarma FB post)

লগতে সংখ্যালঘু ভোট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "অসমীয়া সংখ্যালঘুৰ ভোট বিজেপিয়ে লাভ কৰিব । মিঞা মুছলমানৰ ভোট আমি নাপাওঁ । অসমীয়া মুছলমান লোকৰ ভোট আগতেও পাওঁ, এতিয়াও পাম । মোৰ সমষ্টিতে মই ৩০ হাজাৰ সংখ্যালঘু ভোট পাওঁ । মিঞা মুছলমানসকলে যদি দিয়ে ভাল, কিন্তু আমি আশা নকৰোঁ ।"

লগতে পঢ়ক :নিৰ্বাচনত পৰাজিত হোৱাৰ শতক কৰিব ৰাহুল গান্ধীয়ে : মন্ত্ৰী কৃষ্ণেন্দু পাল
লগতে পঢ়ক :’২৬ৰ নিৰ্বাচনক লৈ বিজেপিৰ বিশেষ ৰণনীতি : মুছলমান প্ৰধান সাতটা সমষ্টিত চকু, হিতাধিকাৰী ধৰ্মীয় সংখ্যালঘু মহিলা