ETV Bharat / politics

শোণিতপুৰত কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰাত বাধা বিজেপি সমৰ্থকৰ

আকৌ কংগ্ৰেছৰ অথন্তৰ ৷ এইবাৰ বিহগুৰিত ৷ গৌৰৱ গগৈয়ে ক'লে- "আমি যি পথ বাছি লৈছোঁ, সেই পথ হয়তো অলপ কঠিন, কিন্তু সঠিক পথ ।"

Congress rally in Tezpur
কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 7, 2026 at 4:42 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰাত শোণিতপুৰ জিলাত অথন্তৰ । শনিবাৰে তেজপুৰ ডেকাৰগাঁৱৰ হোটেল 'গ্ৰীণ উড'ৰ পৰা ঢেকীয়াজুলি অভিমুখে আৰম্ভ কৰা এই যাত্ৰাত বৰছলা সমষ্টিৰ বিহগুৰিত একাংশ লোকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । ৰাজপথ অৱৰোধ কৰি "গৌৰৱ গগৈ মূর্দাবাদ" ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

যাত্ৰাত সংগ দিয়া বৰ্তমান বৰছলা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰিপুণ বৰা গ' বেক ধ্বনি দিয়ে প্ৰতিবাদকাৰীয়ে । আনহাতে এগৰাকী কংগ্ৰেছ কৰ্মী ৰূপা কলিতাক যাত্ৰাৰ বাহনৰ পৰা নমাই আনিবলৈ চেষ্টা কৰে একাংশ লোকে । পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত পথ মুকলি কৰি দিয়া হয় । আনহাতে এই প্ৰতিবাদৰ সময়ত সংবাদ মাধ্যমৰ কৰ্মীও আক্ৰমণৰ সন্মুখীন হয় ।

কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰাত বাধা বিজেপি সমৰ্থকৰ (ETV Bharat)

'সময় পৰিৱৰ্তনৰ' যাত্ৰাৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমক কয়- "ঐক্যৰ মাজেৰে আজি আমাৰ তৃতীয় দিনত আমি আগবাঢ়ি গৈছো । এই যাত্ৰাত ৰাইজৰ পৰা পোৱা বিপুল সমৰ্থনে আমাক এক নতুন শক্তি আৰু আত্মবিশ্বাস প্ৰদান কৰিছে । ইয়াৰ দ্বাৰা নিশ্চিত হৈছোঁ যে আমি যি পথ বাছি লৈছোঁ, সেই পথ হয়তো অলপ কঠিন, কিন্তু সঠিক পথ ।"

চৰকাৰক সমালোচনা কৰি গগৈয়ে কয়, "আজিৰ তাৰিখত এই চৰকাৰে যি দাদাগিৰি আৰু দপদপনি চলাই আছে, তাৰ বিৰুদ্ধে কঠোৰ ভাষাত প্ৰতিবাদ কৰা প্ৰয়োজন হৈ পৰিছে । বহুদিন ধৰি আমি ভদ্ৰতা আৰু শালীনতাৰ মাজেৰে আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ । কিন্তু দাদাগিৰি কৰা লোকসকলে কেৱল একেটা ভাষাই বুজে আৰু সেই ভাষাতেই এতিয়া আমি আগবাঢ়িব লাগিব ।"

Congress rally in Tezpur
কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰা (ETV Bharat)

বটদ্ৰৱা থানত হোৱা পৰিস্থিতিৰ সন্দৰ্ভত গগৈয়ে কয়, "মই স্পষ্টভাৱে কৈছো ধৰ্মীয় অনুষ্ঠানৰ প্ৰাংগণত ৰাজনীতি কৰিব নালাগে । নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰৰ ভিতৰত না 'জিন্দাবাদ' ক'ব লাগে, না 'গ' বেক' ধৰণৰ শ্ল'গান দিব লাগে । ধৰ্মীয় অনুষ্ঠানৰ প্ৰাংগণত সাংবাদিকে ৰাজনৈতিক প্ৰশ্ন সুধিলেও মই সদায় কৈ আহিছোঁ যে সেই ঠাইত ৰাজনীতিৰ কথা মই নকওঁ । অলপ আঁতৰত গৈ মই ৰাজনৈতিক বক্তব্য ৰাখোঁ, কিয়নো ধৰ্মীয় স্থানৰ প্ৰতি মোৰ গভীৰ সন্মান আৰু শ্ৰদ্ধা আছে ।"

তেওঁ লগতে কয়, "এজন অসমীয়া হিচাপে মই বিশ্বাস কৰোঁ- এয়া মন্দিৰ হওঁক, মছজিদ হওঁক, গীৰ্জা হওঁক বা নামঘৰ হওঁক প্ৰত্যেক ধৰ্মীয় স্থান ৰাজনীতিৰ পৰা আঁতৰত ৰাখিব লাগিব । ৰাজনীতিৰ নিজৰ স্থান আছে, ধৰ্মৰ নিজৰ স্থান আছে । দুয়োটাক একেলগে মিহলাই ধৰ্মীয় স্থানক কলুষিত কৰা উচিত নহয় । এই কাৰণে মই মোৰ দলৰ সকলো কৰ্মীকো সদায় আহ্বান জনাই আহিছোঁ যে ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত কোনো ধৰণৰ ৰাজনীতি চলিব নালাগে । আমি ভক্ত হিচাপে দেৱ-দেৱীৰ আশীৰ্বাদ ল'বলৈ যাওঁ, শান্তি, সম্প্ৰীতি আৰু সাহস কামনা কৰিবলৈ যাওঁ- এয়াই আমাৰ কৰ্তব্য । ৰাজনীতিৰ কথা বাহিৰত গৈ কৰিম ।"

Congress rally in Tezpur
কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰাত বাধা বিজেপি সমৰ্থকৰ (ETV Bharat)

চৰকাৰক আক্ৰমণ কৰি তেওঁ কয়, "আঁচনিৰ ক্ষেত্ৰতো আজিৰ চৰকাৰে দাদাগিৰি চলাই আছে । আঁচনি আগেও আছিল, কিন্তু কেতিয়াও আঁচনিৰ নামত ৰাইজক ব্লেকমেইল কৰা হোৱা নাছিল । আঁচনি সেইসকলেই পাব লাগে যিসকল আঁচনিৰ যোগ্য । কিন্তু আজি দেখা গৈছে যদি কোনো লোক সভালৈ নাযায়, কোনো দলত যোগদান নকৰে বা বেলেগ ৰাজনৈতিক মত পোষণ কৰে, তেন্তে আঁচনি বন্ধ কৰাৰ ভাবুকি দিয়া হয় ।"

গৌৰৱ গগৈয়ে কয়, "মই স্পষ্টকৈ ক'ব বিচাৰোঁ আঁচনি বা চৰকাৰী ধন ৰাইজৰ ধন । এইটো কোনো ৰাজনৈতিক দলৰ ব্যক্তিগত সম্পত্তি নহয় । আঁচনিৰ জৰিয়তে দলীয় সদস্য ভৰ্তি বা প্ৰচাৰ কৰা অন্যায় । এই কাৰণেই অসমৰ ৰাইজৰ মাজত আজি এটা নতুন আশা দেখা গৈছে । কাইলৈ যেতিয়া কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব, তেতিয়া আঁচনিৰ নামত কোনো দাদাগিৰি নচলিব । যিজনে আঁচনি পাব লাগে সেইজনে পাব, সি যিকোনো ধৰ্মৰ হওঁক বা যিকোনো দলৰ সদস্য হওঁক । এয়া হ'ল আমাৰ স্পষ্ট প্ৰতিশ্ৰুতি ।"

লগতে পঢ়ক :বিধায়ক বিশ্বজিৎ ফুকন কাৰ মানুহ ? উত্তৰ লাগে লুৰীণজ্যোতি গগৈক