চিপৰাং-গাদ্দাৰ শব্দ বিজেপিৰ সংস্কৃতি নহয়, অনুশাসন অমান্য কৰিলে জবাবদিহি হ'ব: দিলীপ শইকীয়া
জ্য়েষ্ঠ-কণিষ্ঠ সকলো কাৰ্যকৰ্তাকে অশোভনীয় শব্দ ব্যৱহাৰ নকৰিবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ ।

Published : April 29, 2026 at 8:09 AM IST
গুৱাহাটী : বিগত কিছুদিন ধৰি সামাজিক মাধ্য়মত চিপৰাং ৰাজনীতি সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতেই দলীয় অনুশাসন মানি চলিবলৈ সকীয়নি দিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । কেৱল সেয়াই নহয়, এই অনুশাসন অমান্য কৰিলে জবাবদিহি হ'ব লাগিব বুলিও কঠোৰ সকীয়নি দিলে জ্য়েষ্ঠ-কণিষ্ঠ সকলো কাৰ্যকৰ্তাক ।
জ্যেষ্ঠ-কনিষ্ঠ সকলোৱে অনুশাসন মানিবই লাগিব
মঙলবাৰে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দিলীপ শইকীয়াই এইসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দিলীপ শইকীয়াই কয়, "ফেচবুক বা টেলিভিছনত গাদ্দাৰ নাইবা চিপৰাং আদি শব্দ কোৱাতো বিজেপিৰ সংস্কৃতি নহয় । জ্যেষ্ঠ-কনিষ্ঠ সকলোৱে বিজেপিৰ অনুশাসন মানি চলিবই লাগিব । কাৰোবাৰ কিবা ক্ষোভ থাকিলে লিখিত অভিযোগ দিয়ক । যোৱা কেইদিন মান ধৰি একাংশ দলীয় কার্যকর্তাই চিপৰাং, গাদ্দাৰ আদি শব্দ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত নিজৰ উষ্মা প্রকাশ কৰা পৰিলক্ষিত হৈছে ।"
"আচলতে সামাজিক মাধ্যম উষ্মা প্রকাশৰ ব্যৱস্থা কেতিয়াও হ'ব নোৱাৰে । সকলো কার্যকর্তাক এনে অশোভনীয় আচৰণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো । দলৰ সকলো কার্যকর্তাই অনুশাসন মানি চলিবই লাগিব । অন্যথা অনুশাসন অমান্য কৰা সকল জবাবদিহি হ'ব লাগিব ।" এইদৰে কয় সভাপতি শইকীয়াই ।
চিপৰাং, গাদ্দাৰ বিজেপিৰ ভাষা হ'ব নোৱাৰে
ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয়, "ৰণজিৎ দাসে এইবাৰ চতুৰ্থবাৰৰ বাবে নিৰ্বাচন খেলিছে । তৃতীয়বাৰলৈ তেওঁৰ কোনো গাদ্দাৰ নাছিল । দিগন্ত কলিতাই দ্বিতীয়বাৰ নিৰ্বাচন খেলিছে । দুয়োজনৰ প্ৰতি মোৰ আহ্বান থাকিব যে আজিৰে পৰা কোনো মাধ্যমতে এনে মন্তব্য নকৰে যেন । টিকট নাপালে প্ৰথম পৰ্যায়ত কাৰোবাৰ অসন্তুষ্টি থাকিব পাৰে; কিন্তু ভোটদানৰ সময়লৈকে সেই অসন্তুষ্টিবোৰ ৯৯.৯ শতাংশ নোহোৱা হৈ গ'ল । চিপৰাং, গাদ্দাৰ বিজেপিৰ ভাষা হ'ব নোৱাৰে । গতিকে মই সকলোৰে প্ৰতি আহ্বান জনাইছো যে তেনে শব্দ আজিৰে পৰা ব্যৱহাৰ নকৰিব ।"
অশোভনীয় শব্দ ব্যৱহাৰ নকৰিবলৈ আহ্বান
ইফালে, নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা নাইবা দলৰ দায়িত্বপ্রাপ্ত কোনো কার্যকর্তাকে অশোভনীয় শব্দ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত কোনো বক্তব্য নাৰাখিবৰ বাবে ৰাজ্যিক সভাপতিগৰাকীয়ে সংশ্লিষ্ট সকলোলৈ আহ্বান জনায় । উল্লেখ্য যে মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু বিধায়ক দিগন্ত কলিতাই সামাজিক মাধ্যমযোগে চিপৰাং ৰাজনীতি আৰু গাদ্দাৰৰ প্ৰসংগৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । এই প্ৰসংগত দিলীপ শইকীয়াই একপ্ৰকাৰে দুয়োজনকে সকীয়নি দিয়ে । দলীয় কৰ্মীয়ে গাদ্দাৰী কৰাৰ অভিযোগ তোলা ৰণজিৎ কুমাৰ দাস আৰু দিগন্ত কলিতাক কঠোৰ সকীয়নি দিলীপ শইকীয়াৰ ।
অসমৰ ফলাফল অভূতপূৰ্ব হ'ব :
ইপিনে, বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "অসমৰ ফলাফল অভূতপূৰ্ব হ'ব, ঐতিহাসিক হ'ব । এইবাৰ এটা সুস্থ গণতান্ত্রিক প্ৰতিযোগিতা হৈছে । এই নিৰ্বাচন বিকাশ আৰু সুৰক্ষাৰ । সকলোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ চোৱাৰ হেঁপাহ দেখা গৈছে ।" ।
ইতিবাচক সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত ৰাজ্যখনৰ ৯০ শতাংশতকৈ অধিক সনাতনী লোকে ভোটদান কৰি গণতান্ত্রিক পৰিৱেশ সবল কৰাৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ চৌপাশে হোৱা সর্বব্যাপী, সর্বস্পর্শী আৰু সমাবেশী উন্নয়নৰ ভগৱতী প্রবাহৰ গতিৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবৰ বাবে এইবাৰ অসমৰ ৰাইজে ভোটদান কৰা বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে মতপোষণ কৰে। অসমৰ ৰাইজে ৯ এপ্ৰিলৰ দিনা ভোটদানৰ সময়ত দেখোৱা পাৰভঙা উছাহে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বিজেপিক আৰু অধিক আসনত বিজয়ী কৰাব বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে দৃঢ়মত পোষণ কৰে ।
লগতে পঢ়ক:পৰাজয়ৰ শংকা : কেইবাটাও সমষ্টিত বিজেপিৰ বিৰুদ্ধে বিজেপি, ‘চিপৰাং ৰাজনীতি'ৰ গুৰুতৰ ৰূপ
মুখ্যমন্ত্রীলৈ অখিল গগৈৰ মুকলি চিঠি : তালিকা দিলে কুশল দুৱৰীয়ে সংঘটিত কৰা হত্যাকাণ্ডৰ

