ETV Bharat / politics

খেড়া সিংহ নহয় ভিজা মেকুৰীহে, সেয়ে চোৰৰ দৰে পলাই আছে : বিজেপিৰ তীব্ৰ কটাক্ষ

উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন ৷ ইয়াৰ পিছতে বিজেপিয়ে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

pawan khera
পৱন খেড়া (ETV Bharat Assam)
author img

By PTI

Published : April 17, 2026 at 6:15 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বনাম কংগ্ৰেছ নেতা পৱন খেড়া ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সৈতে জড়িত এক গোচৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেড়াক সম্ভাব্য বিপদৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ৷ বিজেপিয়ে কংগ্ৰেছ নেতা খেড়াক ৰাজ্যৰ এখন যোগ্য আদালতৰ পৰা সকাহ বিচাৰিবলৈ কোৱাৰ সমান্তৰালকৈ নেতাগৰাকীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাইছে ৷

শাসকীয় দলটোৱে দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ জৰিয়তে খেড়াই উত্থাপন কৰা অভিযোগ ভিত্তিহীন আৰু ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি উদঙাই দিয়া হৈছে ।

এক্সত পোষ্ট কৰা এটা ভিডিঅ’ত ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই খেড়াক স্বৰচিত কাহিনীৰ ওপৰত নিৰ্ভৰ কৰাৰ অভিযোগ উত্থাপন কৰে ।

ভিডিঅ’টোত পুনাৱালাই এনেদৰে অভিযোগ কৰে, ‘‘যোৱা কেইদিনমানৰ ভিতৰতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা পৱন খেড়াৰ ওপৰত দ্বিতীয়টো আঘাত… খেড়াই ব্যৱহাৰ কৰা নথি-পত্ৰ জাল, ভুৱা, ফটোশ্বপ আৰু এআই জেনেৰেট কৰা বুলি ধৰা পৰিছিল আৰু আধাঘণ্টাৰ ভিতৰতে সমগ্ৰ সত্য প্ৰকাশ পাইছিল । তথাপিও তেওঁ ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি থাকিল । দৰাচলতে তেওঁ আদালতত ভুৱা নথি দাখিল কৰিছিল ।’’

লগতে কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ পৰিয়ালক ৰাজনৈতিকভাৱে হত্যা কৰাৰ লক্ষ্যৰে পাকিস্তানৰ নিৰ্দেশমৰ্মে ৰচনা কৰা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰাৰ অভিযোগ উত্থাপন কৰে ।

পুনাৱালাই পুনৰ কয় যে খেড়াই ইছলামাবাদত পাকিস্তানৰ নিৰ্দেশমৰ্মে প্ৰদান কৰা জাল নথি-পত্ৰ ব্যৱহাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নীক ৰাজনৈতিকভাৱে হত্যা কৰিছিল ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই প্ৰচাৰ অভিযানক সমৰ্থন কৰা বুলি অভিযোগ তুলি বিৰোধী দলৰ নেতৃত্বই অসম আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি ঘৃণাক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰে ।

বিজেপি নেতাগৰাকীয়ে অভিযোগ কৰে, ‘‘এতিয়া স্পষ্ট হৈ পৰিছে যে এই সকলোবোৰ মুখ্যমন্ত্ৰীক আঁতৰাবলৈ তথা অসমৰ প্ৰতি শত্ৰুতাপূৰ্ণ একাংশ উপাদানৰ নিৰ্দেশত ধাৰাবাহিকভাৱে কৰা আক্ৰমণ আৰু পলায়নৰ কৌশলহে আছিল । ৰাহুল গান্ধীয়ে এই অভিযানক সমৰ্থন কৰিছিল । সেয়েহে জাল নথি-পত্ৰ ইছলামাবাদৰ পৰা আহিছিল আৰু ৰাহুল গান্ধীয়ে সমৰ্থন কৰিছিল আৰু সুৰক্ষা দিছিল ।’’

তেওঁ লগতে কয়, ‘‘ষাঠিৰ দশকত কংগ্ৰেছে অসমক এৰি যাব বিচাৰিছিল । কিন্তু এতিয়া তেওঁলোকে অসমৰ জনসাধাৰণক লক্ষ্য কৰি লৈছে । ৰাহুল গান্ধীয়ে অসমীয়া জনসাধাৰণক ঘৃণা কৰে আৰু এতিয়া তেওঁ ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি অসমৰ কন্যা আৰু পুত্ৰক লক্ষ্য কৰি নিজৰ ঘৃণা মুকলিকৈ প্ৰকাশ কৰিছে ।’’

খেড়াক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পুনাৱালাই কংগ্ৰেছ নেতাসকলৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰে ।

ৰাহুল গান্ধীয়ে নিজ দলৰ নেতা-কৰ্মী সন্দৰ্ভত দিয়া মন্তব্যৰ কথা উল্লেখ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে তেওঁলোকে ভুৱা অভিযোগেৰে এখন জাল তৈয়াৰ কৰি এতিয়া চোৰৰ দৰে লুকাই আছে… খেড়া সিংহ নহয়, ভিজা মেকুৰীহে ।’’

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পৱন খেড়াৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন খাৰিজ কৰে ৷

যোৱা ৫ এপ্ৰিলত এখন সংবাদমেলত খেড়াই অভিযোগ কৰে যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ হাতত একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তি আছে ৷ যিবোৰৰ কথা ৯ এপ্ৰিলত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা মুখ্যমন্ত্ৰীগৰাকীৰ শপতনামাত উল্লেখ কৰা হোৱা নাছিল ।

১৫ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে এই গোচৰত খেড়াক এসপ্তাহৰ আগতীয়া জামিন প্ৰদান কৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰাখিছিল ।

গুৱাহাটী অপৰাধ শাখাৰ আৰক্ষী থানাত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৭৫(নিৰ্বাচনৰ সৈতে জড়িত ভুৱা মন্তব্য), ৩৫ (শৰীৰ আৰু সম্পত্তি ৰক্ষাৰ অধিকাৰ) আৰু ৩১৮ (প্ৰতাৰণা) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল ৷

লগতে পঢ়ক: ছুপ্ৰিম ক'ৰ্টত মুখথেকেচা পৱন খেড়াৰ : ৰিণিকি ভূঞাৰ পাছপ’ৰ্ট বিতৰ্কত সুৰক্ষা দিবলৈ অস্বীকাৰ