ইজৰাইল বিজেপিৰ পিতৃভূমি, সেয়ে বিজেপিয়ে তাত চৰকাৰ গঠন কৰক : মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যুত্তৰ কংগ্ৰেছৰ
নিৰ্বাচন অসমত ৷ কিন্তু চৰ্চা চলিছে বাংলাদেশ, পাকিস্তান, ইজৰাইলত চৰকাৰ গঠন কৰাক লৈ ৷

By ANI
Published : March 26, 2026 at 5:15 PM IST
নতুন দিল্লী: বিজেপি-কংগ্ৰেছৰ বাকযুদ্ধ তুংগত ৷ নিৰ্বাচনৰ পূৰ্বে ঘনে ঘনে সলনি হৈছে প্ৰেক্ষাপট ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতাৰ ৷ বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সলনি পাকিস্তানতহে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে বুলি কৰা মন্তব্যত কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ তিৱাৰীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ইজৰাইলত চৰকাৰ গঠন কৰিব লাগে, কাৰণ ই তেওঁলোকৰ “পিতৃভূমি” ।
সংবাদ সংস্থা এ এন আইৰ আগত কংগ্ৰেছ নেতা তিৱাৰীয়ে কয়, ‘‘আপুনি মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰী হোৱাৰ বাবে আপুনি কিছু পৰিমাণে শিক্ষিত হোৱা উচিত । আপোনাৰ কিছু জ্ঞান থকা উচিত । গণতন্ত্ৰত স্বাভাৱিকতে ভাৰতৰ সীমাৰ ভিতৰতে চৰকাৰ গঠন কৰা হয় ৷ যদি আপুনি কংগ্ৰেছে পাকিস্তানত চৰকাৰ গঠন কৰিবলৈ জোৰ দিয়ে, তেন্তে ইজৰাইলত আপোনাৰ চৰকাৰ গঠন হ'ব লাগে, কাৰণ সেয়াই আপোনাৰ মাতৃভূমি । আপোনালোকৰ প্ৰধানমন্ত্ৰীয়েও একেই কথা কৈছে ।’’
তেওঁ লগতে কয়, ‘‘দয়া কৰি মনত ৰাখিব যে আপোনাক আপোনাৰ ভাষাতে উত্তৰ দিয়া হ'ব । নিজৰ জন্মভূমিক পাহৰি নাযাব ।’’
উল্লেখ্য যে, বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো স্থানীয় নাগৰিকে কংগ্ৰেছক ভোট নিদিয়ে বুলি কোৱাৰ লগতে বিৰোধী দলটোৱে ভাৰতত নহয়, কেৱল পাকিস্তান বা বাংলাদেশতহে চৰকাৰ গঠন কৰিব পাৰিব বুলি কটাক্ষ কৰাৰ পিছতে এই সমালোচনাৰ সন্মুখীন হয় ৷
বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপিৰ নেতৃত্বতহে ৰাজ্যখনত সম্পূৰ্ণ পৰিৱৰ্তন হৈছে ৷ যাৰ বাবে আগন্তুক ৯ এপ্ৰিলত হ’বলগীয়া বিধানসভা নিৰ্বাচনত কোনো খিলঞ্জীয়া ভাৰতীয়ই কংগ্ৰেছক ভোট নিদিয়ে ।
গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়, ‘‘আমি অসমত সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছো । আমাৰ শক্তিশালী সংস্কৃতি আৰু ঐতিহ্যৰ আধাৰত আজি মানুহে দেখিবলৈ পাইছে এখন নতুন অসম । বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাহিৰে সকলোৱে বিজেপিৰ লগত আছে । কোনো স্থানীয় ভাৰতীয় থলুৱা লোকে কংগ্ৰেছক ভোট নিদিয়ে ।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘কোনে কংগ্ৰেছত যোগদান কৰিব বিচাৰিব ? ভাৰতত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, পাকিস্তানত কৰিব পাৰে । গতিকে মই কেনেকৈ কংগ্ৰেছত যোগদান কৰিম ? কংগ্ৰেছে ভাৰতত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে । কংগ্ৰেছে চৰকাৰ গঠন কৰিলে হয় পাকিস্তানত হ'ব, নহয় বাংলাদেশত ।’’
কিহৰ বাবে এনে সমালোচনাৰ সন্মুখীন মুখ্যমন্ত্ৰী
বৃহস্পতিবাৰে সৰ্থেবাৰীত এক নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী কংগ্ৰেছৰ যুৱৰাজ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছিল ৷ বিশেষকৈ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰাৰ পিছতে গৌৰৱ গগৈক কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে ৷
মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল, ‘‘তেওঁ সাতবাৰ জনম ল'ব লাগিব… ৷ বৰপেটা মেডিকেল কলেজৰ নাম, বৰপেটা লিখা হৈ গ'ল । ইয়াক চেঞ্জ কৰিবৰ কাৰণে গৌৰৱ গগৈয়ে সাতবাৰ জন্ম ল'ব লাগিব ।’’
তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, ‘‘কংগ্ৰেছৰ মানুহবিলাকক ধৰি ধৰি পাকিস্তান-বাংলাদেশলৈ পঠাই দিব লাগে । ইয়াত আৰু কোনো আইন অনাৰ কথাই হ'ব নোৱাৰে । মই ইতিমধ্যে মিটিঙত কৈছোঁৱেই যে যোৱাবাৰ আমি ডেৰ লাখ বিঘা মাটিত এভিকচন কৰিছিলোঁ, এইবাৰ আমাৰ টাৰ্গেট ৫ লাখ বিঘা ।’’
মুখ্যমন্ত্ৰী শৰ্মাৰ এই মন্তব্যৰ পিছতে বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷ বিশেষকৈ কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰি তীব্ৰ সমালোচনা কৰা দেখা গৈছে ৷
থোৰতে আগন্তুক অসম বিধানসভা নিৰ্বাচন
আগন্তুক নিৰ্বাচনত ১২৬ খন আসনৰ বাবে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতাৰ গাদীত অধিষ্ঠিত হ’বলৈ বিচাৰিব ৷ আনহাতে কংগ্ৰেছে শাসকীয় দলক পৰাস্ত কৰি পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাৰৰ দৰে জালুকবাৰী সমষ্টিৰ পৰাই এইবেলিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ।
ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অসমত ৯ এপ্ৰিলত ১২৬ টা বিধানসভা সমষ্টিৰ বাবে এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ আনহাতে, ৪ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব ।
২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল
২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি, অগপ, ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল(ইউ পি পি এল)ক লৈ গঠিত এন ডি এয়ে ৭৫ খন আসন লাভ কৰাৰ বিপৰীতে অকল বিজেপিয়ে ৬০ খন আসন লাভ কৰিছিল । কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বি পি এফ আৰু কমিউনিষ্ট দলৰ সৈতে এক বৃহৎ মিত্ৰতা কৰিছিল যদিও মিত্ৰজোঁটে ভাল ফলাফল লাভ কৰাত ব্যৰ্থ হৈছিল ৷ তেওঁলোকে ১২৬ খন আসনৰ ভিতৰত মাত্ৰ ১৬ খন আসনহে লাভ কৰিছিল । ২০২১ চনত ২ কোটি ২০ লাখৰো অধিক পঞ্জীয়নভুক্ত ভোটাৰৰ ভিতৰত ভোটাৰৰ ভোটদানৰ হাৰ ৮৬.২ শতাংশ আছিল ।
লগতে পঢ়ক: বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ কোঠাৰ ৰহস্য : কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

