ETV Bharat / politics

৩৩% মহিলা সংৰক্ষণক লৈ ৰাজনৈতিক সংঘাত: খানাপাৰা খেলপথাৰত বিজেপিৰ প্ৰতিবাদ

৩৩ শতাংশ মহিলা সংৰক্ষণক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত অব্যাহত তীব্ৰ উত্তেজনা । বিজেপিৰ তীব্ৰ প্ৰতিবাদ ।

BJP protest on women reservation bill at Khanapara, Guwahati
৩৩ শতাংশ মহিলা সংৰক্ষণ (ETV Bharat Assamhdjlf)
author img

By ETV Bharat Assamese Team

Published : April 23, 2026 at 6:05 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৩৩ শতাংশ মহিলা সংৰক্ষণক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ বৃদ্ধি পোৱাৰ মাজতে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বিজেপিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী । সমাজৰ বিভিন্ন স্তৰৰ মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদৰ জৰিয়তে কংগ্ৰেছ নেতৃত্বাধীন INDI এলায়েন্সক তীব্ৰ সমালোচনা কৰা হয় । বিজেপিয়ে অভিযোগ কৰে যে, মহিলাৰ সংৰক্ষণৰ বাবে প্ৰস্তাৱিত সংবিধান (১৩১সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬ সংসদত গৃহীত হোৱাত বাধা সৃষ্টি কৰিছে বিৰোধীয়ে ।

উল্লেখ্য যে, এই বিধেয়কখনে ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতে লোকসভা আৰু ৰাজ্য বিধানসভাত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰাৰ লক্ষ্য লৈছিল, কিন্তু লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সমৰ্থন লাভ কৰিব নোৱাৰাত বিধেয়কখন গৃহীত নহ’ল ।

৩৩ শতাংশ মহিলা সংৰক্ষণ (ETV Bharat Assam)

বিজেপিৰ ৰাজ্যিক উপ-সভানেত্ৰী ৰত্না সিঙে কয়,"বিৰোধীয়ে সদায় মহিলাৰ অধিকাৰক অৱহেলা কৰি আহিছে । ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিধেয়ক উত্থাপন কৰাৰ পাছতো, ইয়াৰ কাৰ্যকৰীকৰণৰ সময়ত কংগ্ৰেছ আৰু ইয়াৰ সহযোগীসকলে বাধা দিয়ে । জনগণনা আৰু সীমা পুনৰ নিৰ্ধাৰণৰ দৰে প্ৰক্ৰিয়াৰ নামত এই বিষয়টো পিছুৱাই দিয়া হ’লে মহিলাসকলে আৰু বহু বছৰ অপেক্ষা কৰিবলগীয়া হ’ব ।"

BJP protest on women reservation bill at Khanapara, Guwahati
৩৩% মহিলা সংৰক্ষণক লৈ প্ৰতিবাদ (ETV Bharat Assam)

দিলীপ শইকীয়াই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়,"তেওঁলোকৰ শাসনকালত মহিলাৰ অধিকাৰ সন্মান কৰা হোৱা নাছিল । বিজেপিয়ে মহিলাক সন্মান আৰু আত্মনির্ভৰশীলতা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।"

BJP protest on women reservation bill at Khanapara, Guwahati
খানাপাৰা খেলপথাৰত প্ৰতিবাদ দিলীপ শইকীয়া (ETV Bharat Assam)

ইফালে, বিজেপিৰ মহিলা মিডিয়া মুখপাত্ৰ জেফ্ৰিন মেহজেবিনে কয়,"এই প্ৰতিবাদত বিভিন্ন ক্ষেত্ৰৰ মহিলাই অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰৰ দাবীত একত্ৰিত হৈছে । কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এই সংৰক্ষণৰ বিৰুদ্ধে কিয় থিয় দিছে ?" মহিলা সংৰক্ষণ বিষয়টো আগন্তুক সময়ত যে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ইছ্যু হিচাপে উত্থাপন হ’ব, এই প্ৰতিবাদে যেন তাৰেই ইংগিত বহন কৰিছে ।

লগতে পঢ়ক: কংগ্ৰেছে নাৰীক অধিকাৰ দিব নিবিচেৰে, ভোটবেংক হিচাপেহে ব‍্যৱহাৰ কৰে : কলিয়াবৰ বিজেপিৰ গৰ্জন

মহিলা উদ্যমিতা আঁচনিৰ সুফল: ১০ হাজাৰ টকাৰে দোকান খুলি স্বাৱলম্বী হোৱাৰ চেষ্টা মাজুলীৰ মিনু শইকীয়াৰ