১২ বছৰীয়া কাৰ্যকালত দেশত প্ৰগতিয়েই প্ৰগতি: গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিল
মোদী চৰকাৰ ১২ বছৰ সম্পূৰ্ণ আৰু দীৰ্ঘকালীন নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে গুৱাহাটীত বিজেপিৰ প্ৰগতিৰ পথ যাত্রা ।

Published : June 11, 2026 at 4:40 PM IST
গুৱাহাটী: ভাৰতৰ আটাইতকৈ দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে বুধবাৰে নৰেন্দ্ৰ মোদীয়ে অভিলেখ ৰচনা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা উপলক্ষে বিজেপি গুৱাহাটী জিলাৰ উদ্যোগত বৃহস্পতিবাৰে 'প্ৰগতিৰ পথ যাত্ৰা' শীৰ্ষক এক সমদল উলিওৱা হয় ।
গুৱাহাটীৰ ফাঁচীবজাৰৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ আৰম্ভ কৰা হয় এই প্ৰগতিৰ পথ যাত্ৰা ৰেলী । এই ৰেলীত দেশৰ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ লগতে তেওঁৰ সৈতে ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু চেণ্ট্ৰেল গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তাই । ফাঁচীবজাৰৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত আৰম্ভ হোৱা এই প্ৰগতি পথ যাত্ৰাৰ উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত সমাপ্তি ঘটে ।
সমদলত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "১২ বছৰীয়া কাৰ্যকালত দেশত প্ৰগতিয়ে প্ৰগতি । পানীৰ পৰা ৰাস্তা-ঘাটলৈ সকলোতে উন্নয়নৰ বন্যা । জৱাহৰলাল নেহৰুৰ দিনত ৰাইজে কিবা পাবলৈ হ'লে প্ৰতিবাদ কৰিবলগা হৈছিল ।"
ইয়াৰ সমান্তৰালকৈ মমতা বেনাৰ্জীলৈ কংগ্ৰেছৰ প্ৰস্তাৱ সন্দৰ্ভতো মন্তব্য আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "পানীত ডুবা মানুহে খেৰ এডাল পালেও খামুচিব বিচাৰে । কংগ্ৰেছ নিজে ডুব যোৱা পাৰ্টী । মমতা গৈ আৰু ডুবাব কংগ্ৰেছক ।"
ইপিনে সুস্মিতা দেৱৰ বিজেপিলৈ আগমন সন্দৰ্ভত কৃষ্ণেন্দু পালৰ মন্তব্য, "এই বিষয়টো ঊৰ্ধ্বতন কৰ্তৃপক্ষই জানিব । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকলোৱে আস্থা আৰু বিশ্বাসেৰে লৈছে ।"
উল্লেখ্য যে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে বুধবাৰে দিল্লীৰ ভাৰত মণ্ডপমত এনডিএৰ এক বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত এনডিএৰ ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰাৰ লগতে প্ৰস্তাৱযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনোৱা হয় ।

