অজাপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা : ৰাজেন গোঁহাইক কাৰ্যকৰী সভাপতিৰ দায়িত্ব
অজাপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷

Published : November 22, 2025 at 7:50 AM IST
গুৱাহাটী : বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদ চমুকৈ অজাপত যোগদান কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰাজেন গোঁহাইক শুকুৰবাৰে দলটোৱে কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰে । শুকুৰবাৰে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ন্যাস ভৱনত অনুষ্ঠিত অজাপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাজেন গোঁহাইক দায়িত্ব প্ৰদান কৰা হয় ।
দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই প্ৰমুখ্যে দলৰ নেতাসকলে অংশ গ্ৰহণ কৰে । সভাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহাইক অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰা হয় ।
ইয়াৰ লগে লগে অজাপৰ কাৰ্যকৰী সভাপতি দুজনলৈ বৃদ্ধি পায় । পবিন্দ্ৰ ডেকাও অজাপৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে । আনহাতে, বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা ৰাজকুমাৰ চেতিয়াক দলৰ সম্পাদক, ডাঃ সিদ্ধাৰ্থ শৰ্মা, জ্যোতি প্ৰসাদ আৰু নিৰূপম মজুমদাৰক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে দায়িত্ব দিয়া হয় । সভাত ভোটাৰ তালিকাৰ বিশেষ সংশোধন চমুকৈ এছ আৰসহ কেইবাটাও বিষয়ত কিছুমান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘বিহাৰৰ নিৰ্বাচনৰ প্ৰভাৱ অসমত নপৰে ৷ বিহাৰৰ নিৰ্বাচনী ফলাফল অসমৰ বাবে কোনো ফেক্টৰ হ’ব নোৱাৰে ৷ আমি কেৱল গপত গংগা টোপ হৈ বহি থাকিলে নহ’ব ৷ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ হ’লে সঁচা অৰ্থত দলে কাম কৰিব লাগিব ৷’’
- অজাপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱসমূহ :
১. এই সভাই নিৰ্বাচন আয়োগে অসমত আৰম্ভ কৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধন (Special Revision)ৰ বিষয়টো পুঙ্খানুপুঙ্খভাৱে আলোচনা কৰে আৰু এই প্ৰক্ৰিয়াটোক সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । সভাই সৰ্বসন্মতিক্ৰমে মত প্ৰকাশ কৰে যে যদিও নিৰ্বাচন আয়োগে আৰম্ভ কৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধন (Special Revision) এটা স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু দেশৰ অন্য ৰাজ্যত এনে ধৰণৰ অনুশীলনক ইতিমধ্যে বিজেপিয়ে উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে । তদুপৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু মুখ্যমন্ত্ৰীয়ে অলপতে এই সন্দৰ্ভত প্ৰকাশ কৰা বক্তব্যই ৰাইজৰ মাজত ব্যাপক সন্দেহ আৰু শংকাৰ সৃষ্টি কৰিছে । সেয়েহে অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াটোক সুস্থ গণতান্ত্ৰিক পৰম্পৰা বজাই ৰখাৰ স্বাৰ্থত সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা প্ৰয়োজন বুলি মত প্ৰকাশ কৰি আজিৰ সভাই অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনক বিজেপিৰ উদ্দেশ্যপ্ৰণোদিত ৰাজনৈতিক অনুশীলন বুলি আখ্যা দিয়ে ।
২. বিজেপি দল অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকি বুলি এই সভাই সৰ্বসন্মতিক্ৰমে মত প্ৰকাশ কৰে । সভাই গভীৰ উদ্বেগেৰে মতপোষণ কৰে যে বিজেপি দল আৰু ইয়াৰ চৰকাৰে দীৰ্ঘদিন ধৰি অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰাৰ ষড়যন্ত্ৰ চলাই আছে । ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আঁৰত দলটোৰ তেনে উদ্দেশ্য নিহিত হৈ আছে বুলি দলে অনুভৱ কৰে । উক্ত অনুশীলনৰ জৰিয়তে বিজেপিয়ে অবৈধ অনুপ্ৰৱেশকাৰী আৰু বহিৰাগত ভোটাৰৰ নাম অসমৰ ভোটাৰ তালিকাত অবৈধভাৱে অন্তৰ্ভূক্ত কৰি, বহিৰাগতৰ ভোটেৰে গাদী দখলৰ অপপ্ৰয়াস চলাই থকাৰ ষড়যন্ত্ৰ থকাৰ উমান পোৱা যায় বুলি মত প্ৰকাশ কৰি আজিৰ সভাই আশংকা প্ৰকাশ কৰে যে বিজেপিৰ উদ্দেশ্য সিদ্ধি হ'লে অসমৰ খিলঞ্জীয়া জনগণৰ ৰাজনৈতিক ভাগ্য নিয়ন্ত্ৰণৰ কৰ্তৃত্ব বহিৰাগতৰ হাতলৈ যাব আৰু বিজেপিৰ এনে জাতিধ্বংসী কাৰ্যই সামগ্ৰিকভাৱে অসমীয়া জাতি আৰু বিশেষকৈ খিলঞ্জীয়া জনগণৰ অস্তিত্বক নিঃশেষ কৰিব ।
৩. বিহাৰৰ নিৰ্বাচনী ফলাফলে অসমৰ বিৰোধী ৰাজনৈতিক সমীকৰণ আৰু অসমৰ আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি এই সভাই দৃঢ়তাৰে মত পোষণ কৰে । সভাই আলোচনা সাপেক্ষে মত প্ৰকাশ কৰে যে বিহাৰৰ জনগাঁথনি, সামাজিক আৰু জাতীয় সমস্যাৰ লগত অসমৰ জনগাঁথনি তথা সমস্যাৰ সৈতে মিল নাই । একে সময়তে আজিৰ সভাই বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাটো সময়ৰ আহ্বান বুলিও মত পোষণ কৰে ।

