ETV Bharat / politics

দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অসমলৈ নীতিন নবীন

বাৰেকুৰিৰ বৰনামঘৰ আৰু গুইজানৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত আশীৰ্বাদ গ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ।

NITIN NABIN TO BE VISIT ASSAM
ৰাষ্ট্ৰীয় সভাপতিৰ আগমনৰ পূৰ্বে ৰাজ্যিক সভাপতিৰ পৰিস্থিতি পৰিদৰ্শন (Dilip Saikia X account)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 11:59 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ৷ ১৮-১৯ ফেব্ৰুৱাৰীত ৰাজ্যখন ভ্ৰমণ কৰিব ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৷

শাসকীয় দলটোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নবীনে ১৮ ফেব্ৰুৱাৰীত অসমত উপস্থিত হৈ ডিব্ৰুগড়ত বুথ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তাৰ পাছত ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাতেই বাৰেকুৰিৰ বৰগাঁৱত অৱস্থিত বৰনামঘৰত উপস্থিত হৈ ভকতবৃন্দৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বাৰ্তালাপত মিলিত হ’ব ৷ তাৰ পাছতে গুইজানত অৱস্থিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত আশীৰ্বাদ গ্ৰহণ কৰিব ।

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ৰাষ্ট্ৰীয় সভাপতিৰ আগমনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি ৷ দেওবাৰে নিশা বাৰেকুৰিৰ বৰগাঁৱৰ বৰনামঘৰ প্ৰাংগণত আৰু গুইজানৰ মৈদাম প্ৰাংগণত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসমৰ প্ৰভাৰী হৰেশ দ্বিবেদীসহ এটা দল উপস্থিত হৈ স্থানসমূহ পৰ্যবেক্ষণ কৰে । বাৰেকুৰিৰ বৰনামঘৰ প্ৰাংগণত উপস্থিত হৈ দিলীপ শইকীয়াই স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয় ৷

এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, ‘‘ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ দুদিনীয়া এই অসম তথা উজনি অসমৰ ভ্ৰমণে নিশ্চয়কৈ দলীয় কৰ্মকৰ্তাসকলক যথেষ্ট উৎসাহিত কৰিব । আমি ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰিবলৈ সাজু হৈ আছো । গতিকে এই সভাপতিগৰাকীৰ আগমনৰ পূৰ্বে প্ৰস্তুতিৰ সন্দৰ্ভত বুজ ল’বলৈ আহিছো ।’’

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক এই কাৰ্যসূচীত সংগ দিয়ে ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, লক্ষ্য কোঁৱৰ, মুখপাত্ৰ ত্ৰিদিব মৰাণ, জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়া, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, তিনিচুকীয়া জিলা পৰিষদৰ অধ্যক্ষ ভাদেশ্বৰ মৰাণকে আদি কৰি কেইবাগৰাকীও দলীয় নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক: গৌৰৱ গগৈ বৃটিছ টেকনিকত চলা মানুহ : মুখ্যমন্ত্ৰী