ETV Bharat / politics

বিজেপিত নবীন যুগ আৰম্ভ ... অটল বিহাৰী বাজপেয়ীৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বিজেপিৰ সভাপতিসকল

জে পি নাড্ডাৰ পিছতে বিজেপিৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা নীতিন নবীনক দিয়া হৈছে ৰাষ্ট্ৰীয় সভাপতিৰ গুৰু দায়িত্ব ৷

BJP NATIONAL PRESIDENT LIST
বিজেপিত আৰম্ভ নবীন যুগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 4:56 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে নীতিন নবীন ৷ মঙলবাৰে আনুষ্ঠানিকভাৱে নীতিন নবীনৰ নাম নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে ঘোষণা কৰে ভাৰতীয় জনতা পাৰ্টীয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাকে ধৰি ৩৭ গৰাকী শীৰ্ষ বিজেপি নেতাই দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে নবীনৰ নাম প্ৰক্ষেপ কৰিছিল ।

আন কোনো নেতাই মনোনয়ন পত্ৰ দাখিল নকৰাৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হয় নীতিন নবীন । বিহাৰৰ নীতিন নবীনে দলৰ সৰ্বকনিষ্ঠ আৰু দ্বাদশ সভাপতিগৰাকী হ’বলৈ সাজু হৈছে । সভাপতি হিচাপে নবীনৰ কাৰ্যকালৰ ম্যাদ হ’ব তিনিবছৰ ৷ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচনত দলটোক নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাটোৱেই হ’ব নতুন সভাপতিগৰাকীৰ বাবে প্ৰথমটো প্ৰত্যাহ্বান ৷

উল্লেখ্য যে, ১৯৮০ চনৰ ৬ এপ্ৰিলত গঠন হোৱা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাত মুখ্য ভূমিকা পালন কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে । আজি বিজেপি প্ৰতিষ্ঠাৰ ৪৫ বছৰ সম্পূৰ্ণ হ'ল । নতুন ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰো বয়স ৪৫ বছৰ ।

বিজেপিৰ ৪৫ বছৰীয়া ইতিহাসত কোনে ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু সেই সময়ত তেওঁলোকৰ বয়স কিমান আছিল ? এবাৰ চাওঁ আহক এই প্ৰতিবেদনত ।

অটল বিহাৰী বাজপেয়ী

BJP NATIONAL PRESIDENT LIST
অটল বিহাৰী বাজপেয়ী (IANS)

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমজন নেতাৰ কথা কওঁতে আমাৰ মনলৈ আহে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নাম । ১৯৮৬ চনত অটল বিহাৰী বাজপেয়ীয়ে ৫৫ বছৰ বয়সত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ৷ ১৯৮০-১৯৮৬ চনলৈকে আছিল বাজপেয়ীৰ কাৰ্যকাল ৷

লালকৃষ্ণ আদৱানী

BJP NATIONAL PRESIDENT LIST
লালকৃষ্ণ আদৱানী (ANI)

দ্বিতীয়টো মনলৈ অহা নাম হৈছে ভাৰতৰ প্ৰাক্তন গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী । ৫৮ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব গ্ৰহণ কৰিছিল আদৱানীয়ে । ১৯৮৬-১৯৯১ চনলৈকে তেওঁ দলৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল ৷

আনহাতে, তৃতীয়গৰাকী ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতিৰূপে দ্বিতীয়টো কাৰ্যকালৰ ভাৰ গ্ৰহণ কৰে এল কে আদৱানীয়ে ৷ ৬৫ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে দায়িত্ব লাভ কৰা বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে ১৯৯৩-১৯৯৮ দলক সভাপতি হিচাপে নেতৃত্ব প্ৰদান কৰি আহিছিল ৷

৭৭ বছৰ বয়সত তৃতীয়বাৰৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত নিৰ্বাচিত হৈছিল আদৱানী ৷

মুৰলী মনোহৰ যোশী

BJP NATIONAL PRESIDENT LIST
মুৰলী মনোহৰ যোশী (IANS)

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ তালিকাৰ পঞ্চম স্থানত আছে দলৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীৰ নাম । যোশীয়ে ৫৭ বছৰ বয়সত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ।তেওঁৰ কাৰ্যকাল ২০০৪ চনৰ পৰা ২০০৫ চনলৈকে চলিছিল ।

কুশাভাউ থাকৰে

BJP NATIONAL PRESIDENT LIST
কুশাভাউ থাকৰে (Getty Images)

যোশীৰ পিছত কুশাভাউ থাকৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হয় । সেই সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ । ১৯৯৮-২০০০ চনলৈকে থাকৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷

বাংগাৰু লক্ষ্মণ

BJP NATIONAL PRESIDENT LIST
বাংগাৰু লক্ষ্মণ (Getty Images)

বাংগাৰু লক্ষ্মণে ৬১ বছৰ বয়সত বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে । তেওঁ ২০০০-২০০১ চনলৈ মাত্ৰ দুবছৰৰ বাবে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ৷

জনা কৃষ্ণমূৰ্তি

BJP NATIONAL PRESIDENT LIST
জনা কৃষ্ণমূৰ্তি (Getty Images)

৭২ বছৰ বয়সত জনা কৃষ্ণমূৰ্তিয়ে দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁৰ কাৰ্যকাল আছিল ২০০১-২০০২ চনলৈকে ৷

ভেংকায়া নাইডু

BJP NATIONAL PRESIDENT LIST
ভেংকায়া নাইডু (IANS)

বিজেপিৰ জ্যেষ্ঠ নেতা এম ভেংকায়া নাইডুৱে ৫৩ বছৰ বয়সত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰে ৷ ২০০২-২০০৪ চনলৈকে আছিল তেওঁৰ কাৰ্যকাল ।

ৰাজনাথ সিং

BJP NATIONAL PRESIDENT LIST
ৰাজনাথ সিং (ANI)

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবীণ নেতা তথা বৰ্তমানৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৫৪ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে । ২০০৫-২০০৯ চনলৈকে সিঙে দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব বহন কৰে ৷

আনহাতে, ৬১ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে এই পদত অধিষ্ঠিত হৈছিল ৰাজনাথ সিং ৷ ২০১৩-২০১৪ চনলৈকে ৰাজনাথ সিঙে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰূপে পুনৰ কাৰ্যনিৰ্বাহ কৰে ৷

নীতিন গাডকাৰী

BJP NATIONAL PRESIDENT LIST
নীতিন গাডকাৰী (ANI)

৫২ বছৰ বয়সত এই পদত অধিষ্ঠিত হোৱা নীতিন গাডকাৰী প্ৰথমজন বিজেপি নেতা ৷ তেওঁৰ কাৰ্যকাল ২০০৯-২০১৩ চনলৈকে চলিছিল ।

জে পি নাড্ডা

BJP NATIONAL PRESIDENT LIST
জে পি নাড্ডা (IANS)

জগত প্ৰকাশ নাড্ডাই ৫৯ বছৰ বয়সত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ গ্ৰহণ কৰে । তেওঁৰ কাৰ্যকাল ২০২০-২০২৬ চনলৈকে আছিল ৷

নীতিন নবীন

BJP NATIONAL PRESIDENT LIST
নতুন ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন (ETV Bharat)

জে পি নাড্ডাৰ কাৰ্যকালৰ সফল পৰিসমাপ্তিৰ পিছত এই দায়িত্ব দিয়া হৈছে বিহাৰৰ নীতিন নবীনৰ কান্ধত ৷ বৰ্তমান নীতিন নবীনৰ বয়স ৪৫ বছৰ ৷ পৰৱৰ্তী তিনি বছৰলৈকে দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ অলংকৃত কৰিব নীতিন নবীনে ৷

লগতে পঢ়ক: নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰূপে আনুষ্ঠানিক ঘোষণা