অসমৰ পৰা ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব মহন-গোৱালা : ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক বিহাৰৰ পৰা প্ৰাৰ্থিত্ব
মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে অসম, বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, ওড়িশা আৰু পশ্চিম বংগৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ।

Published : March 3, 2026 at 3:25 PM IST
|Updated : March 3, 2026 at 5:22 PM IST
হায়দৰাবাদ : বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম । এজন হ’ল তেৰছ গোৱালা আনজন হ’ল যোগেন মহন ৷ এই ঘোষণাৰ লগে লগে এটা কথা নিশ্চিত হ'ল যে আগন্তুক বিধানসভা নিৰ্বাচনত দুলিয়াজান আৰু মাহমৰা সমষ্টিৰ পৰা বিজেপিয়ে নতুন মুখক প্ৰাৰ্থিত্ব দিব ৷ উল্লেখ্য় যে বৰ্তমান মন্ত্ৰী যোগেন মহন মাহমৰা সমষ্টিৰ আৰু তেৰছ গোৱালা দুলিয়াজান সমষ্টিৰ বিধায়ক হৈ আছে ৷
উল্লেখ্য যে, মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে অসম, বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, ওড়িশা আৰু পশ্চিম বংগৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । সেই অনুসৰি, বিহাৰৰ পৰা ৰাজ্যসভাৰ বাবে মনোনীত হৈছে দলৰ নতুন সভাপতি নীতিন নবীন । নীতিন নবীনৰ লগতে গেৰুৱা দলটোৱে বিহাৰৰ পৰা শিৱেশ কুমাৰকো প্ৰক্ষেপ কৰিছে ৷
भारतीय जनता पार्टी की केंद्रीय चुनाव समिति ने विभिन्न प्रदेशों में होने वाले राज्यसभा के द्विवार्षिक चुनाव हेतु निम्नलिखित नामों पर अपनी स्वीकृति प्रदान की है। pic.twitter.com/38I3mo5KMb
— BJP (@BJP4India) March 3, 2026
বংগৰ কথা ক’বলৈ গ’লে গেৰুৱা দলটোৱে বিজেপিৰ প্ৰাক্তন সভাপতি ৰাহুল সিনহাক ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰিছে । ২০১২ চনৰ পৰা ২০১৫ চনলৈ ৰাহুল সিনহা পশ্চিম বংগ বিজেপিৰ সভাপতি আছিল । তেওঁৰ নেতৃত্বত ২০১৩ আৰু ২০১৪ চনত পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল ।
আনহাতে বিজেপি শাসিত ছত্তীশগড়ত দলটোৰ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি লক্ষ্মী বাৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷ লগতে ওড়িশাৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে বিজেপি নেতা সুজিত কুমাৰ আৰু মনমোহন ছামালক ৷
ইফালে লোকসভাৰ প্ৰাক্তন সাংসদ সঞ্জয় ভাটিয়াক হাৰিয়ানাত প্ৰাৰ্থিত্ব দিয়া হৈছে ।
বিজেপিয়ে ঘোষণা কৰা দলটোৰ ন গৰাকী প্ৰাৰ্থী হ'ল -
অসম :
- যোগেন মহন
- তেৰছ গোৱালা
বিহাৰ :
- নীতিন নবীন
- শিৱেশ কুমাৰ
ছত্তীশগড়
- লক্ষ্মী বাৰ্মা
হাৰিয়ানা :
- সঞ্জয় ভাটিয়া
ওড়িশা :
- সুজিত কুমাৰ
- মনমোহন ছামাল
পশ্চিম বংগ :
- ৰাহুল সিনহা

