ETV Bharat / politics

গৌৰৱ গগৈৰ ফেচবুক একাউণ্ট মিঞাই চলায়: বিজেপিত যোগদান কৰিয়েই প্ৰফুল্ল কুমাৰ দাসৰ কংগ্ৰেছক আক্ৰমণ

আটছাৰ সদ্যপ্ৰাক্তন সভাপতি ধীৰাজ গোৱালা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ আৰু কংগ্ৰেছৰ IT চেলৰ প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসে বিজেপিত যোগদান কৰে ৷

BJP joining Meeting in Guwahati
বিজেপিত যোগদান সদ্য় প্ৰাক্তন কংগ্ৰেছী নেতা প্ৰফুল্ল কুমাৰ দাসৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 8:17 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতাসকলৰ ফেচবুক পেজ এতিয়া কোনে চলাই আছে ? কি কাৰণে কংগ্ৰেছৰ ফেচবুক পেজত প্ৰায়েই ভুল তথ্য় আপলোড হয় আপুনি জানেনে ? এইবাৰ কংগ্ৰেছৰ ফেচবুক চলোৱাত অতিষ্ঠ হোৱা প্ৰসংগৰে বিজেপিত যোগদান কৰা সদ্য়প্ৰাক্তন কংগ্ৰেছী নেতা এগৰাকীয়ে কৰিলে বিস্ফোৰণ ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ মিঞা প্ৰীতিত ক্ষুব্ধ হৈ কংগ্ৰেছ ত্য়াগ কৰা কংগ্ৰেছৰ IT চেলৰ প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসে মঙলবাৰে বিজেপিত যোগদান কৰিয়েই সমালোচনাৰে থকাসৰকা কৰিলে কংগ্ৰেছৰ দুই শীৰ্ষ নেতাক । তেওঁ গৌৰৱ গগৈক সমালোচনা কৰি কয়, "গৌৰৱ গগৈৰ এতিয়া মাত্ৰ মিঞা প্ৰীতি । গৌৰৱ গগৈৰ ফেচবুক একাউণ্ট এজন মিঞাই চলায় ।" কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি মঙলবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য় কাৰ্যালয়ত আয়োজিত এক সভাত দলটোত যোগদান কৰি প্ৰফুল্ল কুমাৰ দাসে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এনেদৰে সমালোচনা কৰে ।

বিজেপিৰ যোগদান সভা (ETV Bharat Assam)

ৰকিবুল হুছেইনৰ কাক ধমক দিলে ?

তেওঁ কয়, "কংগ্ৰেছ দলৰ ভিতৰচ'ৰাত এতিয়া শ্বাসৰুদ্ধকৰ পৰিৱেশ । এই পৰিৱেশ দলৰ মূৰব্বীৰ পৰাই হৈছে । মই যেতিয়া দলৰ সামাজিক বিভাগটোৰ দায়িত্ব লৈছিলো তেতিয়া অসমৰ সকলো সম্প্ৰদায়ক লৈ কিছু সীমিত মানুহেৰে নতুন কমিটী গঠন কৰিছিলো । তেতিয়া ৰকিবুল হুছেইনে মোক ধমক দিছিল যে মোৰ মানুহ কিয় আঁতৰাই দিছা । সেয়েহে মই আৰু ৰকিবুল হুছেইনৰ ধমক খাই দল কৰি নাথাকিলো । আৰু সেই ৰকিবুল হুছেইনকে ৰথৰ সাৰথি কৰি উঠা বহা কৰে গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ আন আন নেতাই । এতিয়া কংগ্ৰেছ দল হৈ থকা নাই, গৌৰৱ গগৈৰ ফেন ক্লাব হিচাপে চলি আছে । গৌৰৱ গগৈৰ এতিয়া মাত্ৰ মিঞা প্ৰীতি। গৌৰৱ গগৈৰ ফেচবুক একাউণ্ট এজন মিঞাই চলাই আছে । সেয়েহে সদায় ভুল হৈ থাকে ।"

উল্লেখ্য যে মঙলবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হয় বিজেপিৰ এক বিশাল যোগদান কাৰ্যসূচী । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আয়োজিত এই কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক ৰূপজ্যোতি কুৰ্মী আদি । এই সভাতেই বিজেপিত যোগদান কৰে আটছাৰ সদ্যপ্ৰাক্তন সভাপতি ধীৰাজ গোৱালা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ আৰু কংগ্ৰেছৰ IT চেলৰ প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসকে ধৰি ২০০ ৰো অধিক নেতা কৰ্মীয়ে ।

BJP joining Meeting in Guwahati
বিজেপিত যোগদান আটছাৰ সদ্যপ্ৰাক্তন সভাপতি ধীৰাজ গোৱালাৰ (ETV Bharat Assam)

২৬ত বিজেপিৰ বাদে বেলেগৰ কথাই নাহে বাগিচাত:গোৱালা

বিজেপিত যোগদান কৰিয়েই দলটোৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই ধীৰাজ গোৱালাই কয়, "দীৰ্ঘদিন সংগঠনৰ লগত জড়িত হৈ কাম কৰি আছিলো; কিন্তু এইখন চৰকাৰৰ দিনত আমাৰ জাতিটোৱে সকলো ধৰণৰ অভাৱ অভিযোগৰ দূৰ হোৱা দেখা গৈছে । সেয়েহে আগতে সংগঠনৰ হৈ কাম কৰিছিলো এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰাইজৰ কাম কৰিম ।" লগতে কংগ্ৰেছৰ ভোট বেংক ২০১৬ ৰ পৰা নোহোৱা হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, "আগতে বাগানৰ মালিকৰ মন গ’লেই আমাৰ মানুহখিনিক অস্তিত্বহীন কৰি দিছিল । মালিকে সদায় বিচাৰিছিল এই মানুহখিনিৰ আমাৰ শ্ৰমিক হৈ থাকক । কংগ্ৰেছৰ দিনত যোৱা ৬০ টা বছৰে ইয়াৰ একো নকৰিলে । এইখন চৰকাৰে চাহ জনগোষ্ঠীৰ মাটিৰ পট্টা দি প্ৰকৃততে কল্যাণ সাধিছে । কংগ্ৰেছে ভোট বেংক কৰি ৰখা চাহ জনগোষ্ঠীৰ লোকক বিজেপিয়ে মৰ্যাদা দিছে । ২৬ত বিজেপিৰ বাদে বেলেগৰ কথাই নাহে বাগিচাত ।"

লগতে পঢ়ক:কংগ্ৰেছ ত্যাগ কৰি পীযুষ হাজৰীকাৰ পিছতে পবিত্র মাৰ্ঘেৰিটাক সাক্ষাৎ প্ৰফুল্ল কুমাৰ দাসৰ

২২টা সমষ্টিত কংগ্ৰেছত ১ৰ পৰা ১০ কোটিলৈ উঠিছে নিৰ্বাচনৰ টিকটৰ দৰ- মুখ্যমন্ত্ৰীৰ নতুন বিস্ফোৰণ