ETV Bharat / politics

বিজেপিৰ লক্ষ্য মহিলা আৰু যুৱ ভোটাৰ : হিতাধিকাৰী সৃষ্টিৰে বহু আঁচনিৰ চমক

ৰাজ্যৰ লাখ লাখ মহিলা এতিয়া বিজেপিৰ প্ৰতি অনুগত্যশীল হৈ পৰিছে । কংগ্ৰেছৰ দিনৰ সূতা-কম্বলৰ ৰাজনীতিয়ে এতিয়া বিশাল পৰিসৰ লাভ কৰিছে ।

Assam BIP election strategy
বিজেপিৰ লক্ষ্য মহিলা আৰু যুৱ ভোটাৰ : হিতাধিকাৰী সৃষ্টিৰে বহু আঁচনিৰ চমক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 9:37 PM IST

11 Min Read
Choose ETV Bharat

গুৱাহাটী : নাম অৰ্চনা ৰায় । ঘৰ গুৱাহাটীৰ বিষ্ণুপুৰ । স্বামীহাৰা মহিলাগৰাকীয়ে কাপোৰ চিলাইৰ কাম কৰি দুই কন্যা সন্তানক পোহপাল দি আহিছে । অত্যন্ত কষ্টৰ মাজেৰে জীৱন বাটত আগুৱাই যোৱা এইগৰাকী মহিলা আজি অত্যন্ত সুখী । কাৰণ তেওঁ এতিয়া কাপোৰ চিলোৱা ভাল মেচিন এটা ক্ৰয় কৰিবলৈ সক্ষম হৈছে আৰু নিজৰ সৰু ব্যৱসায়টোক কিছু বহল পৰিসৰ দিবলৈ সক্ষম হৈছে । ইয়াৰ মূলতে হৈছে 'মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি' ।

অৰ্চনা ৰায়ে এই আঁচনিখনৰ যোগেদি প্ৰথম কিস্তিৰ ধন হিচাপে লাভ কৰিছে ১০ হাজাৰ টকা । এই টকাৰে তেওঁ ক্ৰয় কৰিছে কাপোৰ চিলোৱা মেচিন । এই মেচিনৰ যোগেদি তেওঁ নিজৰ সপোনক এটা গতি দিবলৈ সক্ষম হৈছে । আগতে অৰ্ডাৰ অনুসৰি কাম কৰিবলৈ সমৰ্থ নোহোৱা অৰ্চনা ৰায়ে দুগৰাকীকৈ মহিলাক নিয়োজিত কৰি কামৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ।

Assam BIP election strategy
নিযুত মইনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

এয়া এটা সাধাৰণ উদাহৰণহে মাত্র । এনেদৰে 'মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি'ৰ যোগেদি ৰাজ্যৰ বহু মহিলা উপকৃত হৈছে আৰু নিজৰ সপোনক গতি দিবলৈ সক্ষম হৈছে । কেমেৰাৰ আগত আহি মন্তব্য প্ৰদান কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা অৰ্চনা ৰায়ে ইটিভি ভাৰতৰ আগত ব্যক্ত কৰে কিদৰে আঁচনিখনৰ যোগেদি তেওঁ উপকৃত হ'বলৈ সক্ষম হৈছে ।

এনেদৰে ৰাজ্যৰ লাখ লাখ মহিলা এতিয়া বিজেপি চৰকাৰৰ প্ৰতি অনুগত্যশীল হৈ পৰিছে । কংগ্ৰেছৰ দিনৰ সূতা-কম্বলৰ ভোটৰ ৰাজনীতিয়ে এতিয়া বিশাল পৰিসৰ লাভ কৰিছে ।

Assam BIP election strategy
ৰাইজৰ সৈতে অন্তৰংগ মুহূৰ্তত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

লক্ষণীয় বিষয় যে মঙলবাৰৰ দিনটোতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ বোকাখাতত মুখ্যমন্ত্রী উদ্যমিতা অভিযানৰ অধীনত ২৭,১৬৬ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ মূলধন বিতৰণ কৰে । পুঁজি বিতৰণ কৰি মুখ্যমন্ত্রীয়ে কয়, "ৰাজ্যখনত ইতিমধ্যে ১৬ লাখ মহিলা এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে । অনাগত ২০ দিনত আমি আৰু ১৬ লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিম । মহিলাসকলে নিজৰ গাঁওখনকে স্বাৱলম্বী কৰি তুলিলে আমাৰ অসমৰ অৰ্থনীতিত ৩২ হাজাৰ কোটি টকা যোগ হ'ব । ইতিমধ্যে আমি ৮ লাখ মহিলাক লাখপতি কৰিব পাৰিছোঁ ।"

উল্লেখ্য যে 'মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি'ৰ যোগেদি অসম চৰকাৰে ইতিমধ্যে ১৬০০ কোটি টকা ব্যয় কৰিছে আৰু আগন্তুক ২০ দিনত আৰু ১৬০০ কোটি টকা ব্যয় কৰিব । লক্ষণীয় বিষয় যে ভোটৰ অংকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰাজ্যৰ বিভিন্ন সমষ্টিত গৈ সভা পাতি মুখ্যমন্ত্রী উদ্যমিতা আঁচনিৰ সুবিধা হিতাধিকাৰীক প্ৰদান কৰি আহিছে ।

Assam BJP election strategy
ৰাইজৰ মাজত মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা বৃদ্ধি (ETV Bharat Assam)

লক্ষ্য মহিলা আৰু যুৱ ভোটাৰ

কেৱল মহিলা উদ্যমিতা অভিযানেই নহয়, আন বহু আঁচনিৰ যোগেদি ৰাজ্য চৰকাৰে লাখ লাখ মহিলাক হিতাধিকাৰী হিচাপে সামৰি ল'বলৈ সক্ষম হৈছে । ভোটৰ অংক হ'লেও কিন্তু এনে হিতাধিকাৰীমূলক আঁচনিসমূহৰ যোগেদি বহু মহিলা উপকৃত হ'বলৈ সক্ষম হৈছে । বৰ্তমান সময়ত বিজেপি চৰকাৰে আঁচনিৰ চমক সৃষ্টি কৰিছে । হিতাধিকাৰীৰ তালিকাখন ক্ৰমাৎ দীঘলীয়া কৰি নিছে ।

Assam BIP election strategy
ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনি (ETV Bharat Assam Graphics)

অৱশ্যে ইয়াৰ মূলতে হৈছে সমাগত বিধানসভা নিৰ্বাচন । ২০২৬ বৰ্ষটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বৰ্ষ হিচাপে বিবেচিত হৈছে । ক‍াৰণ এই বছৰটোতে ৰাজ্যখনত অনুষ্ঠিত হ'ব বিধানসভাৰ নির্বাচন । পাঁচ বছৰৰ বাবে ৰাজ্যৰ শাসনভাৰ নিজৰ দখললৈ অনাৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলবোৰে প্ৰস্তুতি চলাইছে । সর্বত্ৰ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ২০২৬ চনৰ বিধানসভাৰ নির্বাচন ।

অহা মার্চ-এপ্রিল মাহত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ যোগেদি বিজেপিয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ লক্ষ্য লৈ আগবাঢ়িছে । সমষ্টি পুনৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই নির্বাচন প্রকৃতার্থত ভৱিষ্যতৰ অসমৰ দিশ নিৰ্ধাৰণৰ যুদ্ধ হিচাপে পৰিগণিত হৈছে । বিজেপিয়ে এইবাৰৰ নিৰ্বাচনক সভ্যতা ৰক্ষাৰ যুঁজ বুলি অভিহিত কৰি বিজেপি জয়ী হ'লেহে অসমৰ খিলঞ্জীয়া সুৰক্ষিত হ'ব বুলি ঘোষণাকৰিছে ।

Assam BIP election strategy
ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনি (ETV Bharat Assam Graphics)

আনহাতে, বিজেপি চৰকাৰখনে দিয়া ডেৰ লাখ চৰকাৰী চাকৰিৰ লগতে ৰাজ্যৰ উন্নয়নৰ বাবে উদ্বোধন কৰা আৰু আধাৰশিলা স্থাপন কৰা বহুকেইটা প্ৰকল্পৰ কথা নির্বাচনী প্রচাৰত বিশেষভাৱে প্ৰচাৰৰ সিদ্ধান্ত লৈছে । ইফালে পৰিস্থিতিৰ প্রতি সতর্ক দৃষ্টি ৰাখি বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত নতুন মুখক অধিক প্রাধান্য দিয়াৰ সিদ্ধান্ত লৈছে, যাতে ভোটাৰসকলে এক বিকল্প লাভ কৰে ।

বিশেষকৈ বহুকেইখন আসনত যুৱ আৰু মহিলাক এইবাৰ গেৰুৱা দলটোৱে প্রার্থিত্ব প্রদান কৰিব । ইয়াৰ মূলতে হৈছে মহিলা আৰু যুৱ ভোটাৰসকলক আকৰ্ষিত কৰা ।

হিতাধিকাৰী সৃষ্টিৰে আঁচনিৰ চমক

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে সকলো স্তৰৰ লোককে সামৰি আঁচনিৰ চমক সৃষ্টি কৰিছে । ইয়াৰ মাজতে বিশেষকৈ মহিলা আৰু যুৱ ভোটাৰক লক্ষ্য কৰি বিশেষ কেতবোৰ আঁচনিৰ সমাহাৰ ঘটাইছে । ইতিমধ্যে উল্লেখ কৰা মুখ্যমন্ত্রী উদ্যমিতা অভিযান আঁচনিখনে মহিলাসকলক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি লৈছে । ৰাজ্যৰ ৩২ লাখ মহিলাক ১০ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

Assam BIP election strategy
ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনি (ETV Bharat Assam Graphics)

ইয়াৰ পাছতে মহিলাকেন্দ্ৰিক আন এটা বৃহৎ আৰু অভিলাষী আঁচনি হৈছে 'অৰুণোদয়' । সৰ্বাধিক চৰ্চাত থকা এখন আঁচনি 'অৰুণোদয়' আঁচনি । বিশাল পৰিসৰৰ এই আঁচনিখনে ২০২৫ বৰ্ষত ৰাজ্যৰ ৩৭ লাখৰো অধিক মহিলাক সামৰি লৈছে । এই আঁচনিৰ অধীনত প্রতিমাহে প্ৰতিগৰাকী হিতাধিকাৰীক ১২৫০ টকাকৈ প্ৰদান কৰা হয় । ইয়াৰ বাবে প্রতিমাহে ৰাজ্য চৰকাৰৰ ৪১০ কোটিৰো অধিক টকা ব্যয় হয় ।

ইফালে এই আঁচনিৰ লগত ৰন্ধন গেছৰ বাবে মাহে অতিৰিক্তকৈ ২৫০ টকাকৈ দিয়াৰো ব্যৱস্থা কৰা হৈছে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অৰুণোদয় আঁচনিখন মহিলাসকলৰ মাজত বিশেষভাৱে চৰ্চিত আৰু জনপ্ৰিয় আঁচনি ।

লক্ষণীয় বিষয় যে অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে । ৰেচন কাৰ্ড থকা পৰিয়ালে জনেপতি ৫ কেজিকৈ বিনামূলীয়া চাউল লাভ কৰাৰ লগতে লাভ কৰে বিনামূলীয়া চিকিৎসা, ৰাজসাহায্যযুক্ত ৰন্ধন গেছ, বিনামূলীয়া জীৱন বীমা আৰু অৰুণোদয় আঁচনি । লগতে সুলভ মূল্যত লাভ কৰে চেনি, দাইল আৰু নিমখ । এই মূল্য জানুৱাৰী মাহত আৰু হ্ৰাস হ'ব ।

Assam BIP election strategy
ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনি (ETV Bharat Assam Graphics)

ৰাজ্য চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ ৭০,৭৩,৮৪০ টা পৰিয়ালক ৰেচন কাৰ্ডেৰে সামৰি লৈছে । ইয়াৰ ফলত উপকৃত হোৱা লোকৰ সংখ্যা হৈছে ২,৪৬,০৮,১৭৭ গৰাকী । ৰাজ্যৰ প্ৰায়সংখ্যক লোককে ৰেচন কাৰ্ডেৰে সামৰি লোৱা হৈছে । ইফালে নিৰ্বাচনত ভোট দি জয়ী কৰালে ৰেচন কাৰ্ডত দিয়া সামগ্ৰীকেইপদ বিনামূল্যে দিয়াৰো প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, পহিলা জানুৱাৰীত মুখ্যমন্ত্রীয়ে অৰুণোদয়ৰ হিতাধিকাৰীক ফেব্ৰুৱাৰী মাহত একেলগে ৮ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে । ইয়াৰে ৩ হাজাৰ টকা চৰকাৰৰ ফালৰ পৰা অতিৰিক্তকৈ দিয়া হ'ব । মুখ্যমন্ত্রীৰ এই ঘোষণাই ৰাজ্যৰ ৩৭ লাখ মহিলাক উৎফুল্লিত কৰি তুলিছে ।

ইফালে চৰকাৰখনে মহিলাসকলক সন্তুষ্ট কৰাৰ বাবে মাইক্র'ফাইনেন্সৰ ঋণৰ ক্ষেত্রতো সাহায্য প্রদান কৰাৰ নামত বৃহৎ পুঁজি ব্যয় কৰি আহিছে ।

নৱপ্ৰজন্মৰ বাবে আঁচনি

মহিলাসকলৰ লগতে যুৱচামক লক্ষ্য কৰিও চৰকাৰখনে হিতাধিকাৰী সৃষ্টিৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । চৰকাৰখনে উচ্চতৰ মাধমিকত প্রথম বিভাগত উত্তীর্ণসকলক স্কুটী প্ৰদান কৰাৰ উপৰি নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি আদি কেইবাটাও আঁচনিৰে শিক্ষাৰ্থীসকলক ধন প্ৰদানৰ ব্যৱস্থা কৰিছে । হিতাধিকাৰীক সন্তুষ্ট কৰাত কোনো কৃপণালি নাই চৰকাৰৰ ।

‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি'ত দহ লক্ষাধিক ছাত্ৰীক সামৰি লোৱা হৈছে । এই আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰে । সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰে । আনহাতে, স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰে ২৫০০ টকাকৈ ।

Assam BIP election strategy
ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনি (ETV Bharat Assam Graphics)

প্রত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ বাজেটত ২০২৫-২৬ বিত্তীয় বৰ্ষত ৩৯১ কোটি টকা আবণ্টন কৰা হৈছে ।

সেইদৰে শিক্ষাৰ্থীৰ আন এটা আঁচনি হৈছে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি । এই আঁচনিৰ যোগেদি অসমত অৱস্থিত চৰকাৰী খণ্ডৰ আৰু ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয়ত ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ভিতৰত পি এইচ ডি কাৰ্যসূচীত নামভৰ্তি কৰা পূৰ্ণকালীন গৱেষকসকললৈ ২৫,০০০ টকা আৰু দিব্যাংগ গৱেষকসকললৈ ৪০,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়াইছে ।

অসম চৰকাৰে প্ৰৱৰ্তন কৰা আন এটা হিতাধিকাৰী তথা অভিলাষী আঁচনি হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান । শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ বাবে আৰ্থিক সহায় ২ লাখ টকাৰ পৰা ৫ লাখ টকালৈকে দিয়াৰ বাবে এই আঁচনিখন হাতত লোৱা হৈছে । হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও আৰ্থিক সাহায্য দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই ।

পুৰুষৰ তুলনাত সংখ্যাত বেছি মহিলা ভোটাৰ

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটৰ অংকত বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰায় প্ৰতিগৰাকী নাগৰিককে হিতাধিকাৰী কৰাৰ লক্ষ্যৰে আঁচনি ৰূপায়ণ কৰিছে । ইয়াৰ ভিতৰত বিশেষভাৱে টাৰ্গেট কৰা হৈছে মহিলা আৰু যুৱ ভোটাৰক । লক্ষণীয় বিষয় যে এইবাৰ পুৰুষৰ তুলনাত মহিলাৰ ভোটাৰৰ সংখ্যা বেছি । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শেহতীয়াকৈ প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি, ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪ গৰাকী । পূৰ্বৰ চূড়ান্ত তালিকাৰ তুলনাত এই সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি হৈছে ।

Assam BIP election strategy
ভোটাৰৰ সংখ্যা আৰু অনুপাত (ETV Bharat Assam Graphics)

খচৰা ভোটাৰ তালিকা অনুসৰি, পুৰুষ ভোটাৰৰ সংখ্যা ১,২৫,৭২,৫৮৩ জন হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১,২৬,২৮,৬৬২ গৰাকী । অৰ্থাৎ পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা ৫০ হাজাৰৰো অধিক । আনহাতে, ১৮-১৯ বছৰ বয়সৰ যুৱ ভোটাৰ হৈছে ২,৪৫,০৮৪ গৰাকী ।

বিজেপিৰ হিতাধিকাৰী আঁচনি আৰু বিৰোধীৰ প্ৰতিক্ৰিয়া

হিত‍াধিকাৰী সৃষ্টি আৰু ইয়াৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে বিজেপি চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহক ভোটৰ ৰাজনীতি আখ্যা দিছে বিৰোধীয়ে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, "এইখন চৰকাৰ ধাৰত চলা চৰকাৰ । একমাত্র হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণৰ বাবে চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ আহিছে । ৰাজ্যবাসীৰ ওপৰত ধাৰৰ বোজা বৃদ্ধি কৰি কেৱল মাত্র চমক সৃষ্টি কৰাই হৈছে চৰকাৰখনৰ কাম । ভোটৰ অংকত ৰাজ্যবাসীক হিতাধিকাৰী সজাব বিচাৰিছে চৰকাৰখনে । নিৰ্বাচন সমাগত যেতিয়া আৰু অধিক চকম দেখিবলৈ পোৱা গৈছে । লগতে ঋণৰ বোজাও বৃদ্ধি পাব ।"

আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "চৰকাৰ তেওঁলোকৰ । গতিকে কোনো বাধা নাই । নিৰ্বাচন সমাগত । এতিয়া আঁচনিৰ চমক দিব । হিতাধিকাৰী আঁচনিৰ নামত ধন দিয়া হৈছে । ভোটাৰক আকৰ্ষিত কৰাৰ বাবে আঁচনিৰ ওপৰত আঁচনি দিব, লাগে ৰাজকোষ উদং হৈ পৰক । ঋণৰ ওপৰত ঋণ লৈ হ'লেও ভোটৰ অংকত আঁচনি ৰূপায়ণ কৰিব । কিন্তু সকলো সময়তে এনে আঁচনি কামত নাহে । ৰাইজে উন্নয়ন বিচাৰে । মিছা কথাৰ উন্নয়ন আমাক নালাগে ।"

লগতে পঢ়ক :কোনে পাব মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ ধন: নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ
লগতে পঢ়ক :এছ আৰৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী