ETV Bharat / politics

বিজেপিত 'জেন জি' জিন্দাবাদ: নৱগঠিত 'জেন জি' সমিতিৰ সৈতে নীতিন নবীনৰ প্ৰথম বৈঠক

জুলাই মাহত হোৱা প্ৰতিবাদৰ পিছত বিজেপিয়ে 'জেন জি'ৰ ওচৰ চপাৰ বাবে এক আগ্ৰাসী মনোভাব গ্ৰহণ কৰিছে । এই শেহতীয়া পদক্ষেপ এই অভিযানৰে এক অংশ ।

BJP GEN Z COMMITTEE
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ফাইল ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : August 22, 2026 at 7:44 PM IST

|

Updated : August 22, 2026 at 8:41 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী : নতুন প্ৰজন্ম যাক সৰ্বত্ৰে 'জেন জি' বুলি কাৱা হয়, এই 'জেন জি'ৰ সৈতে আত্মিকতা গঢ়ি তোলাৰ বাবে উদ্বাউল হৈ পৰিছে বিজেপি । শেহতীয়াভাৱে নীট প্ৰশ্নকাকত ফাদিলৰ পৰিপ্ৰেক্ষিতত দিল্লীত হোৱা 'জেন জি'ৰ প্ৰতিবাদৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হয় । সাধাৰণতে কোনো অভিযোগ-প্ৰতিবাদক কৰ্ণপাত নকৰা বিজেপিয়ে অৱশেষত যুৱ প্ৰজন্মৰ প্ৰতিবাদত সেও মানিবলৈ বাধ্য হয় । ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰ তথা খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যুৱ প্ৰজন্মক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে । এক কথাত যেন এতিয়া বিজেপিয়েও ক'বলৈ বাধ্য হৈছে 'জেন জি জিন্দাবাদ' ।

এইবাৰ সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ সৈতে যোগাযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে আগন্তুক 'জেন জিৰ সৈতে সংযোগ স্থাপন কাৰ্যসূচী'ৰ নেতৃত্ব দিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে এখন সমিতি গঠন কৰিছে ।

শনিবাৰে ইটিভি ভাৰতক এক সূত্ৰই জনোৱা মতে, কমিটীখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক স্মৃতি ইৰাণী আৰু বিনোদ তাওড়ে আৰু গুজৰাটৰ মন্ত্ৰী হৰ্ষ সংঘৱীৰ লগতে আন কেইবাজনো নেতা আছে ।

এই দলটোৱে ছেপ্টেম্বৰৰ 'পৰা জেন জি'ৰ সৈতে মত বিনিময় আৰম্ভ কৰিব বুলি তেওঁলোকে উল্লেখ কৰে । এই উল্লেখযোগ্য পদক্ষেপটো যুৱক-যুৱতীসকলৰ সৈতে আত্মিকতা স্থাপনৰ বাবে দলটোৰ বিস্তৃত কাৰ্যসূচীৰ এক অংশ বুলিও উল্লেখ কৰে ।

সূত্ৰসমূহে কয়, "এই কাৰ্যসূচীয়ে জেন জিৰ আকাংক্ষা, উদ্বেগ আৰু প্ৰত্যাশাবোৰ বুজি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে । একে সময়তে যুৱক-যুৱতীসকলে বিজেপি নেতাসকলৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ স্থাপন আৰু তেওঁলোকৰ সৈতে সম্পৰ্ক থকা বিষয়সমূহৰ ওপৰত তেওঁলোকৰ মতামত দাঙি ধৰাৰ ই এক মঞ্চ প্ৰদান কৰাৰ সম্ভাৱনা আছে ।"

উল্লেখ্য যে সাধাৰণতে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা যুৱসকলক জেন জি হিচাপে সংজ্ঞায়িত কৰা হয় ।

জুলাই মাহত নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টীৰ নেতৃত্বত মূলতঃ দিল্লীৰ যন্তৰ-মন্তৰ আৰু ইয়াৰ আশে-পাশে হোৱা প্ৰতিবাদৰ ফলত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছত বিজেপিয়ে এই গ্ৰুপটোৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে উঠি-পৰি লাগিছে । ২০২৬ চনৰ মে’ মাহত অভিজিত দীপকেয়ে ইনষ্টাগ্ৰামত আৰম্ভ কৰা ব্যংগমূলক ৰাজনৈতিক আন্দোলন চিজেপিয়ে চৰকাৰক প্ৰশ্ন কৰিবলৈ বিভিন্ন মিম, ৰিল, হাস্যৰসৰ ব্যৱহাৰ কৰি ২৪ নিযুত অনলাইন ফলৱাৰ্ছত উপনীত হয় ।

এই প্ৰতিবাদৰ কাৰণে বিজেপিয়ে যুৱ প্ৰজন্মৰ কাষ চাপিবলৈ আগ্ৰাসী মনোভাব গ্ৰহণ কৰিবলগীয়া হৈছে । 'জেন জি'ৰ সৈতে মত বিনিময় কৰিবলৈ শীৰ্ষ নেতৃত্বৰ এখন সমিতি গঠনৰ শেহতীয়া পদক্ষেপ এই প্ৰচেষ্টাৰ এক অংশ ।

শনিবাৰে নীতিন নবীনে দলৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ সৈতে নিৰ্বাচনী কৌশল আৰু তৃণমূল পৰ্যায়ৰ প্ৰচাৰৰ বিষয়ে আলোচনাৰ বাবে প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰ সময়তে এই সিদ্ধান্ত লোৱা হয় ।

এই বৈঠকত আগন্তুক ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি, তৃণমূল পৰ্যায়ৰ সংগঠন আৰু চৰকাৰী পদক্ষেপসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি সূত্ৰই প্ৰকাশ কৰে । এই বৈঠকৰ পিছত এনেধৰণৰ আৰু অধিক বৈঠকৰ দিন ধাৰ্য কৰা হৈছে । তাত বিজেপিশাসিত ৰাজ্যসমূহৰ ৰাজ্যিক সভাপতি, ৰাজ্যিক প্ৰভাৰী আৰু মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

উল্লেখ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে বিজেপিয়ে নীতিন নবীনৰ নেতৃত্বত নতুন ৰাষ্ট্ৰীয় দলৰ কথা ঘোষণা কৰে । ইয়াত অন্তৰ্ভুক্ত ৬৫ জন বিষয়ববীয়াৰ ভিতৰত ৫১ খন নতুন মুখে স্থান লাভ কৰে । নতুন দলটোত ৰাজস্থানৰ প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু আৰএছএছৰ প্রাক্তন কার্যকৰী সদস্য ৰাম মাধৱকে ধৰি ১৩ জন ৰাষ্ট্রীয় উপ-সভাপতিৰ লগতে প্রাক্তন কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীক ৮ গৰাকী ৰাষ্ট্রীয় সাধাৰণ সম্পাদকৰ ভিতৰত অন্যতম হিচাপে নিযুক্তি দিয়া হৈছে ৷

বি এল সন্তোষক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) আৰু বিনোদ তাউড়ে আৰু সুনীল বংশালক সাধাৰণ সম্পাদক হিচাপে ৰখা হৈছে । নতুন দলটোত সংখ্যালঘু সম্প্ৰদায়ৰ ১২ গৰাকী মহিলা আৰু ৬ গৰাকী নেতাক অন্তৰ্ভুক্ত কৰা হৈছে ।

আনহাতে, ২০১৪ চনৰ মে’ মাহত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন প্ৰথমখন চৰকাৰত মন্ত্ৰী হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কাৰ্যনিৰ্বাহ কৰা ৰাষ্ট্ৰীয় কোষাধ্যক্ষ পদত পুনৰ নিযুক্তি দিয়া হৈছে । লোকসভাৰ সাংসদ তেজস্বী সূৰ্যৰ ঠাইত গুজৰাটৰ হেমাং যোশীক যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে ।

২০১৫ চনত তদানীন্তন দলৰ সভাপতি অমিত শ্বাহৰ অধীনত অন্তিমবাৰ সাংগঠনিক সংস্কাৰ হোৱাৰ এটা দশকৰো অধিক সময়ৰ পাছত হোৱা এই পৰিৱৰ্তনে কেবিনেটৰ আগতীয়া সংশোধনৰ সন্দৰ্ভতো জল্পনা-কল্পনাত ইন্ধন যোগাইছে ।

লগতে পঢ়ক :'জেন জি'ৰ জেদত নিঃশেষ এটা পৰিয়াল: এটা আইফোনৰ বাবেই জীৱন শেষ পিতৃ-মাতৃৰ সৈতে যুৱকৰ
লগতে পঢ়ক :বন্দে মাতৰমক কংগ্ৰেছে আঁকোৱালি লোৱা নাছিল: অমিত শ্বাহৰ
Last Updated : August 22, 2026 at 8:41 PM IST