বিশ্ব সংকটৰ মাজতো ভাৰতত ইন্ধনৰ নাটনি ৰোধ মোদীৰ: ৰাহুল গান্ধীৰ অভিযোগ প্ৰত্যাখ্যান বিজেপিৰ
ভাৰতীয় ৰাজনীতিৰ ‘ভস্মাসুৰ’ হৈ পৰা ৰাহুল গান্ধীয়ে এতিয়া জ্যোতিষী হৈ চৰকাৰসমূহৰ ভৱিষ্যদ্বাণী কৰিবলৈ আৰম্ভ কৰিছে বুলি বিজেপি মুখপাত্ৰগৰাকীৰ মন্তব্য ।

By PTI
Published : May 25, 2026 at 8:02 PM IST
নতুন দিল্লী: শেহতীয়াকৈ ইন্ধনৰ মূল্যবৃদ্ধি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যক সমালোচনা বিজেপিৰ । কংগ্ৰেছ নেতাগৰাকীয়ে দেশক ভেঙুচালি কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে ।
উল্লেখ্য যে শেহতীয়া ইন্ধনৰ মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধীয়ে কৰা তীব্ৰ আক্ৰমণৰ পিছতে বিজেপিয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ৰাহুল গান্ধীয়ে মোদীক আক্ৰমণ কৰি কৈছিল যে ‘মেহেংগাই মানৱ’-এ পুনৰ আঘাত হানিছে । তেওঁ কয় যে মোদীৰ একমাত্ৰ ভূমিকা নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া আৰু আন সময়ত মানুহৰ পকেটত আক্ৰমণ কৰা ।
চৰকাৰী মালিকানাধীন ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলে আন্তঃৰাষ্ট্ৰীয় তেলৰ বৰ্ধিত মূল্য গ্ৰাহকৰ ওপৰত জাপি দি থকাৰ সময়তে সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ২.৬১ আৰু ২.৭১ টকাকৈ বৃদ্ধি পাইছে । দুসপ্তাহ নৌহওঁতেই ইন্ধনৰ এই মূল্য চতুৰ্থবাৰৰ বাবে বৃদ্ধি পাইছে ।
ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই কংগ্ৰেছ নেতাগৰাকীক মূৰ্খ, অপৰিপক্ব আৰু অৰাজক বুলি অভিহিত কৰি অভিযোগ কৰে যে বিৰোধীৰ নেতাগৰাকীয়ে দেশখনক দুৰ্বল কৰাৰ চেষ্টা কৰিছে ।
ভাটিয়াই কয় যে বিশ্বজুৰি তেল আৰু ডিজেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে; কিন্তু ভাৰতৰ মূল্যবৃদ্ধি তুলনামূলকভাৱে সামান্য, বিশেষকৈ আমেৰিকা, ব্ৰিটেইন আৰু উপসাগৰীয় দেশসমূহৰ মূল্যবৃদ্ধিৰ সৈতে তুলনা কৰি চালে ।
বিজেপিৰ মুখপাত্ৰগৰাকীয়ে দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত কয়, "ৰাহুল গান্ধী, যদি আপোনাৰ উদ্দেশ্য অৰাজকতা বিয়পাই দিয়াই হয়, তেন্তে আমিও ভাৰতক শক্তিশালী কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ ।"
তেওঁ লগতে কয় যে ভাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই বিশ্বজনীন প্ৰত্যাহ্বানক ফলপ্ৰসূভাৱে মোকাবিলা কৰি আছে, দেশৰ অৰ্থনীতি শক্তিশালী আৰু জনসাধাৰণে মোদী চৰকাৰক সমৰ্থন কৰি আছে ।
ভাটিয়াই দাবী কৰে যে মালয়েছিয়াত ৫৮ শতাংশ, আমেৰিকাত ৪৬ শতাংশ, কানাডাত ৩৪ শতাংশ, চীনত ২৫ শতাংশ আৰু ব্ৰিটেইনত ২০ শতাংশ পেট্ৰ’লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতত এতিয়ালৈকে মাত্ৰ ৫.৫ শতাংশহে বৃদ্ধি পাইছে ।
"প্ৰায় ৬৫ৰ পৰা ৭০ দিন ধৰি যুদ্ধসদৃশ পৰিস্থিতি অব্যাহত আছিল, তথাপিও ভাৰতত পেট্ৰ'লৰ মূল্য ১ টকাও বৃদ্ধি নহ'ল । ইয়াৰ প্ৰধান কাৰণ আছিল চৰকাৰৰ এইটো উদ্দেশ্য যে কোনো ধৰণৰ বোজা যাতে সাধাৰণ মানুহৰ ওপৰত নপৰে ।" তেওঁ কয় ।
ভাটিয়াই কয় যে চৰকাৰে ভাৰতৰ জনসাধাৰণৰ স্বাৰ্থত 'নিৰ্দিষ্ট পদক্ষেপ' গ্ৰহণ কৰাৰ বিপৰীতে তেল কোম্পানীসমূহে লোকচান বহন কৰিছে । সাধাৰণ জনতাৰ যাতে ক্ষতি নহয় সেইটো নিশ্চিত কৰা হৈছিল বুলিও তেওঁ লগতে কয় ।
বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয়, "আন এটা গুৰুত্বপূৰ্ণ সত্য হ'ল, ৭৫ দিনৰ পিছতো দেশত পেট্ৰ'ল আৰু ডিজেলৰ অভাৱ হোৱা নাই আৰু এই ইন্ধন বজাৰত উপলব্ধ হৈয়েই আছে । গেছ সন্দৰ্ভত বিশ্বজনীন সংকট আহিলেও ভাৰতে ঘৰুৱা গেছক অগ্ৰাধিকাৰ দিছে, ইয়াৰ উপলব্ধতা নিশ্চিত কৰিছে ।"
ভাটিয়াই উল্লেখ কৰে যে বিগত ৮০ দিনত বহু দেশত মুদ্ৰাস্ফীতি তীব্ৰভাৱে বৃদ্ধি পাইছে । আনহাতে, ভাৰতত মুদ্ৰাস্ফীতি প্ৰায় ৪ শতাংশ হৈয়েই আছে । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ অৰ্থনীতিৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ এইটোৱেই প্ৰমাণ বুলি তেওঁ দাবী কৰে ।
তেওঁ লগতে কয়, "ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে এইবোৰ চাব লাগে । ঘৃণাৰ বাবেই অন্ধ হোৱাটো সঠিক নহয় ।"
আনহাতে, এবছৰৰ ভিতৰত মোদী চৰকাৰ পতন হ’ব বুলি কৰা তেওঁৰ মন্তব্য সন্দৰ্ভত ভাটিয়াই ৰাহুল গান্ধীক সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে গণতান্ত্ৰিক উপায়েৰে ক্ষমতালৈ আহিব নোৱৰাৰ বাবে “গণতন্ত্ৰ আৰু সমগ্ৰ ব্যৱস্থাৰ অন্ত পেলোৱা”ৰ কথা কৈছে বুলিও অভিযোগ কৰে ।
বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে ইতিমধ্যে ভাৰতীয় ৰাজনীতিৰ ‘ভস্মাসুৰ’ হৈ পৰা ৰাহুল গান্ধীয়ে এতিয়া জ্যোতিষী হৈ চৰকাৰসমূহৰ ভৱিষ্যতৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিবলৈ আৰম্ভ কৰিছে ।
তেওঁ লগতে কয় যে ৰাহুল গান্ধীয়ে চৰকাৰৰ পতনৰ কথা কৈছে, কিন্তু, বাস্তৱত তেওঁহে জনসাধাৰণৰ দৃষ্টিত অৱনমিত হৈছে ।

