নিৰ্বাচন আয়োগেৰে মিলি বিজেপিয়ে ভোট চুৰিৰ ষড়যন্ত্র কৰিছে : প্ৰদেশ কংগ্ৰেছ
এটা বিশেষ সম্প্ৰদায়ৰ বি এল অ'সকলক সলনি কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ কংগ্ৰেছ নেতৃত্বৰ ।

Published : January 8, 2026 at 8:22 PM IST
গুৱাহাটী : "নিৰ্বাচন আয়োগ স্বতন্ত্র যদিও আজি ইয়াৰ স্বতন্ত্রতা নাই । বিজেপি দল আৰু চৰকাৰে নিৰ্বাচন আয়োগক এটা পুতলাত পৰিণত কৰিলে ।" এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ ।
বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই ভোট চুৰিৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে ।
তেওঁ কয়, "বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় বিধায়ক আৰু নেতাক বিজেপিক ভোট নিদিয়াসকলক চিনাক্ত কৰি ১২ জানুৱাৰীৰ ভিতৰত তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিছে । লগতে তেওঁ ৬০ টা সমষ্টিত ৫ৰ পৰা ১০ হাজাৰ মানুহৰ নাম কাটিবৰ বাবে মন্ত্রী অশোক সিংহলক নিৰ্দেশ দিছে । আমাৰ কথা হৈছে যে এই কথাত নিৰ্বাচন আয়োগ কিয় নিমাত হৈ আছে । আমি ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছো ।"
তেওঁ লগতে কয়, "কিছুমান সমষ্টিত কাম কৰি থকা অৱস্থাতেই বহু বি এল অ'ক হঠাতে বদলি কৰি নতুনকৈ নিযুক্তি দিয়া হৈছে । এইটো সম্পূৰ্ণ অবৈধ । আনহাতে, এটা বিশেষ সম্প্ৰদায়ৰ বি এল অ'সকলক সলনি কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে । শাসকীয় পক্ষৰ লগত মিলি নিৰ্বাচন আয়োগে এইটো কৰিছে । ইফালে প্ৰত্যেক সমষ্টিত ভোট চুৰিৰ বাবে নতুন ভোটাৰ সুমুৱাবলৈ নিৰ্বাচন আয়োগে কৰা ষড়যন্ত্র খচৰা ভোটাৰ তালিকাত ধৰা পৰিছে ।"
ভোটাৰ তালিকাক লৈ অভিযোগ দাখিল সন্দৰ্ভত তেওঁ কয়, "২৭ ডিচেম্বৰত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা চাই আমি কোনো অভিযোগ দিব নোৱাৰো । ২০২৫ চনৰ ১ জানুৱাৰীত যিবিলাক মানুহৰ নাম ভোটাৰ তালিকাত আছে হুবহু সেইসকলৰ নাম এইখন খচৰাত আছে । কোনো নতুন ভোটাৰৰ নাম সংযোজন হোৱা নাই । কোনো মৰা মানুহৰ নাম কৰ্তন হোৱা নাই । ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাতহে নাম সংযোজন আৰু কৰ্তন হ'ব । এতিয়া এইখন চাই আমি একো অভিযোগ দিব নোৱাৰো । কেৱল শুধৰণিৰ বাবেহে অভিযোগ দিব পাৰোঁ ।"
সন্দেহযুক্ত ভোটাৰ সন্দৰ্ভত কয়, "সন্দেহযুক্ত ভোটাৰ কিমান সোমাল সেইটো ইয়াত দেখুওৱা নাই । এনেকুৱা কৌশল কৰিছে যে চূড়ান্ত তালিকাত এইবিলাক ওলাব । চূড়ান্ত তালিকা প্ৰকাশৰ পাছত অভিযোগ দিয়াৰ কোনো সুবিধা নাথাকিব । সমষ্টিয়ে সমষ্টিয়ে ৫-১০ হাজাৰ নতুন নাম সোমালে আমি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছত গম পাম । তেতিয়া আৰু কৰিবলৈ বিশেষ সময় নাথাকিব । খচৰাত ওলোৱা হ'লে অভিযোগ দিব পাৰিলোঁ হয় । নিৰ্বাচন আয়োগে এইটো এটা সাংঘাটিক ধৰণৰ ভোট চুৰিৰ কাৰণে ষড়যন্ত্র কৰিছে ।"
তেওঁ গুৱাহাটীৰ কেইটামান উদাহৰণ উল্লেখ কৰি কয়, "দিছপুৰ সমষ্টিৰ বুথ নম্বৰ ২৭ৰ গৃহ নম্বৰ ৫৯৫ৰ গৰাকীয়ে গমেই নাপায় যে তেওঁৰ গৃহত ৩২টা পৰিয়ালৰ নাম সংযোজন হৈছে । সেইদৰে গৃহ নম্বৰ ৫৮৫ত ১৭ জন মানুহৰ নাম অতিৰিক্তভাৱে সংযোজন হৈছে । গৃহ নম্বৰ ৬২৯ত ১৭ টা, ৬২১ত ১২ টা আৰু এটাত ২১টা নাম সংযোজন হৈছে । আনহাতে, বুথ নম্বৰ ৩৬ৰ ৭টা পৰিয়ালৰ কাৰোৰে ঘৰৰ নম্বৰ নাই ।"
ৰিপুণ বৰাই লগতে কয়, "বুথ নম্বৰ ২৭ত ভোটাৰৰ ছিৰিয়েল নম্বৰ ৯৩৬ আৰু গৃহ নম্বৰ ২৩ত ২২ জন মানুহৰ নাম অতিৰিক্তভাৱে সংযোজন হৈছে । ভোট চুৰিৰ বাবৰ এনেদৰে বাহিৰা মানুহৰ নামেৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ ষড়যন্ত্র কৰা হৈছে । কাইলৈ আমি সৰ্বদলীয় এটা প্ৰতিনিধি দল ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰলৈ গৈ অভিযোগ দিম । দিল্লীতো এটা প্ৰতিনিধি দল যাব ।"
আনহাতে, সংবাদমেলত সাংসদ ৰকিবুল হুছেইনে কয়, "বিজেপি চৰকাৰৰ সৈতে মিলি নিৰ্বাচন আয়োগে বিশেষ কূট-কৌশলৰ জৰিয়তে মহাৰাষ্ট্ৰ, হাৰিয়ানা, কৰ্ণাটকৰ আৰ্হিত অসমতো ভোট চুৰিৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । আজি গণতন্ত্র বিপন্ন হৈছে, সংবিধান বিপন্ন হৈছে । নিৰ্বাচন হৈ যোৱা বহু ৰাজ্যত দেখা গৈছে যে ভোটাৰ তালিকাত বহু বাহিৰা লোকৰ নাম সোমাইছে । যাক ভোট চোৰ আখ্যা দিয়া হৈছে ।"
তেওঁ লগতে কয়, "নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰতিবছৰে হোৱা সংক্ষিপ্ত সংশোধনীৰ ধৰণেৰেই হ’ব বুলি কৈছিল যদিও বাস্তৱত এখন বিপৰীত ছবিহে দেখা গৈছে । বি এল এসকলক অন্ধকাৰত ৰাখি বি এল অ’সকলে খচৰা তালিকা উলিয়ালে । খচৰা তালিকা প্ৰস্তুতৰ পূৰ্বে দাবী আৰু আপত্তিৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি সংঘটিত হৈছিল ।"
মুখ্যমন্ত্ৰীক লক্ষ্য কৰি তেওঁ কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস নাই । সেয়ে বাহিৰৰ পৰা মানুহ আনিবলৈ বুলি এজন লোককে বহুতৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা কাৰ্যত ব্যৱহাৰ কৰিছে । নিয়ম অনুযায়ী প্ৰত্যেক সপ্তাহত কি দাবী আৰু ওজৰ-আপত্তি আহিছে সেয়া পঞ্জীয়নভুক্ত প্ৰতিটো ৰাজনৈতিক দলকে জনাব লাগে । কিন্তু তেনে কৰা হোৱা নাই । বিপৰীতে এতিয়া ব্যাপক হাৰত ভোট চুৰিৰ ষড়যন্ত্ৰ কৰা হৈছে । কোনো নিয়ম মনা হোৱা নাই যদিও নিৰ্বাচন আয়োগে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে ।"
সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক মনোজ চৌহান, বিধায়ক আব্দুল ৰহিম আহমেদ, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত আছিল ।

