নিউ গুৱাহাটীত বিপুল ভোটত জয়ী হোৱাৰ দৃঢ়তা দিপ্লু ৰঞ্জন শৰ্মাৰ
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাক লৈ জল্পনা-কল্পনা অব্যাহত । নিউ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মায়ো কৰিলে ফলাফলৰ ভৱিষ্যদ্বাণী ।

Published : May 3, 2026 at 7:20 PM IST
গুৱাহাটী : "এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ঐতিহাসিক বিজয় লাভ কৰিব বিজেপি মিত্ৰজোঁটে । ৰাইজৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে, ৰাইজে আমাক বৃহৎ জনাদেশ প্ৰদান কৰিছে ।" এই মন্তব্য নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ । ভোটগণনাৰ এদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে এইদৰে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।
তেওঁ কয়, "নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৰা বিকাশ আৰু উন্নয়নৰ কাম-কাজে সকলোকে আকৰ্ষিত কৰিছে । আমাৰ চৰকাৰে বিকাশৰ লগতে জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে কাম কৰি আহিছে । চৰকাৰৰ কাম-কাজ আৰু সংগঠনৰ শক্তি মিলি অসমত এটা অপ্ৰতিৰুদ্ধ শক্তি হিচাপে পৰিগণিত হৈছে ।"
নিউ গুৱাহাটী সমষ্টিৰ প্ৰসংগত তেওঁ কয়, "ভোটৰ সংখ্যাটো মই আজি নকওঁ । বিপুল সংখ্যক ভোটত জয়ী হোৱাটো ভাবিছোঁ । নিউ গুৱাহাটী সমষ্টিত বিপুল সংখ্যক ভোটত জিকাটো নিশ্চিত আৰু সেই আত্মবিশ্বাস মোৰ আছে ।"
উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত হ'ব ভোটগণনা আৰু ওলাব ফলাফল । তাৰ পূৰ্বে চলিছে ব্যাপক জল্পনা-কল্পনা । সকলো জল্পনা-কল্পনা আৰু উৎকণ্ঠাৰ অৱসান ঘটিব । লক্ষণীয় বিষয় যে এইবাৰ অসমত অভিলেখ সংখ্যক ভোটদান হৈছিল । ভোটদানৰ হাৰ আছিল ৮৬.৯৬ শতাংশ । কিন্তু ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত আটাইতকৈ কম ভোট হোৱা সমষ্টিটো আছিল নিউ গুৱাহাটী সমষ্টি । নগৰীয়া নিউ গুৱাহাটী সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৭২.৩৭ শতাংশ । ইফালে নিউ গুৱাহাটী সমষ্টিত এইবাৰ ৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল । ইভিএমত বন্দী হৈ থকা এই প্ৰাৰ্থীসকলৰ ভাগ্য সোমবাৰে নিৰ্ণয় হ'ব ।
লগতে পঢ়ক :
বিজেপিয়ে অকলেই ৮০ৰ ওপৰত আসন পাব, বিৰোধীৰ ভোজ-ভাতৰ ৰাজনীতি সমাপ্ত হ'ব: দৃঢ় বিশ্বাসী দিলীপ শইকীয়া

