কংগ্ৰেছৰ বিড়ম্বনা ! 'ৰাইজৰ পদূলি'ত গৈ পৰামৰ্শ ল'লে ঠিকেই, পিছে পৰামৰ্শৰ বাকচকেইটাই এৰি থৈ আহিল
যোৰহাট প্ৰেছ ক্লাৱত কংগ্ৰেছে পৰামৰ্শৰ বাকচ এৰি থৈ যোৱাক লৈ বিতৰ্ক আৰম্ভ । বিজেপিয়ে আক্ৰমণ কৰাৰ বিপৰীতে কংগ্ৰেছে এই অভিযোগ নস্যাৎ কৰিছে ।

Published : January 8, 2026 at 1:19 PM IST
যোৰহাট : সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ ৰূপে 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' অভিযানৰ জৰিয়তে কংগ্ৰেছ দলে ৰাজ্যত আৰম্ভ কৰিছে এক জনসম্পৰ্ক-পৰামৰ্শ গ্ৰহণ কাৰ্যসূচী ।
পিছে যোৰহাটত কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ ঘটিছে অথন্তৰ ৷ গৌৰৱ গগৈৰ উপস্থিতিত ৰাইজৰ লিখিত দিহা-পৰামৰ্শ লৈ কংগ্ৰেছে পৰামৰ্শৰ বাকচ এৰি থৈ গ'ল সভাকক্ষতে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই সামাজিক মাধ্যমযোগে তুলিছে এই গুৰুতৰ অভিযোগ ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে বুধবাৰে যোৰহাট প্ৰেছ ক্লাৱৰ সভাকক্ষত 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' অভিযানত অংশগ্ৰহণ কৰিছিল ৷ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগত গগৈয়ে বাৰ্তালাপ কৰি সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ ইস্তাহাৰত কি কি বিষয় সন্নিবিষ্ট হ'ব সেই বিষয়ে আলোচনা কৰে । লগতে লিখিত ৰূপত কেইবাটাও বাকচত ৰাইজৰ পৰামৰ্শ গ্ৰহণৰো ব্যৱস্থা কৰিছিল দলটোৱে । পিছে পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত বাকচবোৰ এৰি গ'ল অনুষ্ঠানৰ বাবে ভাৰা লোৱা যোৰহাট প্ৰেছ ক্লাৱৰ সভাকক্ষতে । পৰামৰ্শৰ বাকচ ওৰে নিশা পৰি ৰ'ল সভাকক্ষতেই ।
সভাকক্ষতে কংগ্ৰেছ নেতা-কৰ্মীয়ে পৰামৰ্শ বাকচবোৰ এৰি যোৱা বিষয়টো সামাজিক মাধ্যমযোগে পৱিত্ৰ মাৰ্ঘেৰিটাই বুধবাৰে নিশা ৰাজহুৱা কৰে ৷ বিজেপি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই বিষয়টো উল্লেখ কৰি কয়, "ৰাইজৰ মতামত বিচৰাৰ নামত কংগ্ৰেছৰ নাটক । যোৰহাটৰ বহু শ্ৰদ্ধেয় নাগৰিকে বাকচত ভৰাই দিয়া মতামত বাকচৰ সৈতে যোৰহাট প্ৰেছ ক্লাবত পেলাই থৈ গ'ল কংগ্ৰেছ নেতাই । সাংবাদিক বন্ধুৱে জনাইছে এইমাত্ৰ কংগ্ৰেছ নেতা বিতত গৈ তৰা নৰা ছিঙি পুনৰ প্ৰেছ ক্লাব পাইছেহি ।" সামাজিক মাধ্যমত মাৰ্ঘেৰিটাই লগতে পৰিত্যক্তপ্ৰায় বাকচকেইটাৰ কেইবাখনো ছবিও সংলগ্ন কৰি দিয়ে ৷

ইফালে ৰাজ্যিক বিজেপিৰ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱাইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কংগ্ৰেছ তথা গৌৰৱ গগৈক সমালোচনা কৰি তেওঁ কয়, "প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 'ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ' আঁচনি ৰূপায়ণ কৰিছিল কিন্তু সেয়া ফ্লপ শ্ব'ত পৰিণত হৈছিল । এইবাৰ তেওঁৰ পুত্ৰ গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰা 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ'ৰ কাৰ্যসূচীও ফ্লপ হ'ল । এই ফ্লপ কাৰ্যসূচী লৈ কংগ্ৰেছ ৰাইজৰ মাজলৈ যাবলৈ অগ্ৰসৰ হৈছিল । ৰাইজ পৰা মতামত গ্ৰহণ কৰা বাকচসমূহ ডাষ্টবিনৰ পৰা আনিবলৈ তেওঁলোকৰ সাহস হোৱা নাই । ইয়াত যোৰহাটৰ কৰ্মী তথা নাগৰিকসকলৰ মতামত আছিল । কিন্তু কংগ্ৰেছে তেওঁলোকক অপমান কৰিছে । তাৰ বিপৰীতে আমাৰ মুখ্যমন্ত্ৰীয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক গুৰুত্ব দি আহিছে । আজিৰ তাৰিখত পৱিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট লোকসভাত বাহৰ পাতি বিভিন্ন সমষ্টি উন্নয়নৰ কাম হাতত লৈছে । তাৰ বিপৰীতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক তেওঁৰ পদূলিতে ৰাইজে দেখা পোৱা নাই ।"

লোকসভা নিৰ্বাচনত ভোট দিবলৈ অহাৰ সময়তে তেওঁক ৰাইজে দেখা পাইছিল বুলিও অভিযোগ কৰে বিজেপি নেতাজনে । তেওঁ লগতে কয়, "বৰ্তমান গৌৰৱ গগৈ নচলা পইচাৰ দৰে হৈ পৰিছে ।"
আনহাতে যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বৰগোহাঁয়ে বিজেপি তথা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ অভিযোগ খণ্ডন কৰি ই টিভি ভাৰতক কয় যে এনে ধৰণৰ কোনো ঘটনা ঘটা নাই । বৰগোঁহায়ে কয়, "যোৰহাট প্ৰেছ ক্লাৱৰ সভাগৃহটো ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীৰ বাবে লোৱা হৈছিল ৷ পৰামৰ্শৰ বাকচকেইটা এৰি থৈ অহা হোৱা নাছিল । দায়িত্বত থকা লোককেইজন ভাত খাবলৈ যোৱাৰ সময়তে সভাগৃহত তলা মৰাত বৃহস্পতিবাৰে পুৱা অনাৰ বাবে ব্যৱস্থা কৰা হৈছিল ।" আনহাতে বাকচকেইটাত কোনো লিখিত পৰামৰ্শ নাছিল বুলি মন্তব্য কৰে যোৰহাট কংগ্ৰেছৰ জিলা সভাপতিগৰাকীয়ে । বিজেপি আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ ভাৱমূৰ্তি ম্লান কৰাৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে এই অভিযোগ অনা বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীৰ ।

