বিজেপিয়ে সলালে চাৰি ৰাজ্যৰ সভাপতি: দিল্লীৰ দায়িত্ব মালহোত্ৰাক
নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে লৈছে ডাঙৰ সিদ্ধান্ত ৷ দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু ত্ৰিপুৰাই পালে নতুন ৰাজ্যিক সভাপতি ৷

By ANI
Published : May 28, 2026 at 3:58 PM IST
নতুন দিল্লী : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দায়িত্বভাৰ লোৱাৰ পাছতে দলৰ শীৰ্ষ মহলত বিশেষ সাল-সলনি ঘটোৱা হৈছে ৷ শেহতীয়াকৈ গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে চাৰি ৰাজ্যৰ ৰাজ্যিক সভাপতি সাল-সলনি কৰিছে ৷ সেই চাৰিখন ৰাজ্য হৈছে- দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু ত্ৰিপুৰা ৷
সভাপতি নীতিন নবীনে বৃহস্পতিবাৰে উল্লেখ কৰা অনুসৰি, হৰ্ষ মালহোত্ৰাক (Harsh Malhotra) দিল্লী বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে । হৰ্ষৰ পূৰ্বে বীৰেন্দ্ৰ সচদেৱ দিল্লীৰ সভাপতি হিচাবে নিযুক্ত হৈ আছিল ।

মন কৰিবলগীয়া যে, দিল্লীৰ সমান্তৰালকৈ হাৰিয়ানা, পঞ্জাব, ত্ৰিপুৰাৰো ৰাজ্যিক সভাপতিসকলক সলনি কৰা হৈছে । পঞ্জাবৰ নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে চৰ্দাৰ কেৱল সিং ধিলনক (Kewal Singh Dhillon) । ইফালে অভিষেক দেৱৰয়ক (Abhishek Debroy) ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে । হাৰিয়ানাত বিজেপিৰ সভাপতি হিচাবে অৰ্চনা গুপ্তাক নতুন দায়িত্ব অৰ্পন কৰা হৈছে ।
BJP appoints Harsh Malhotra as the President of the Bharatiya Janata Party, Delhi unit. pic.twitter.com/wJZj5IvcGb
— ANI (@ANI) May 28, 2026
দিল্লীৰ দায়িত্ব হৰ্ষ মালহোত্ৰাৰ হাতত
ভাৰতীয় জনতা পাৰ্টীয়ে হৰ্ষ মালহোত্ৰাক দিল্লী ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে ৷ মালহোত্ৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী । হৰ্ষ মালহোত্ৰা পৰিবহণ ৰাজ্যিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে । হৰ্ষৰ পূৰ্বে বীৰেন্দ্ৰ সচদেৱে এই পদত অধিষ্ঠিত আছিল ৷
পঞ্জাবৰ নতুন ৰাজ্যিক সভাপতি
২০২৭ চনত পঞ্জাব বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । সেই নিৰ্বাচনৰ পূৰ্বে কেৱল সিং ধিলনক পঞ্জাব ৰাজ্যৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে । ধিলন হৈছে বৰনালাৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা বিধায়ক ৷ ২০২২ চনত তেওঁ বিজেপিৰ টিকটত সংগ্ৰুৰ(Sangrur) লোকসভা আৰু বৰনালা বিধানসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।
BJP appoints Kewal Singh Dhillon as the President of the Bharatiya Janata Party, Punjab unit. pic.twitter.com/eagCloYmCJ
— ANI (@ANI) May 28, 2026
ধিলন পঞ্জাবৰ এজন বিশিষ্ট ব্যৱসায়ী আৰু তেওঁক কেপ্তেইন অমৰিন্দৰ সিঙৰ ঘনিষ্ঠ বুলি জানিব পৰা যায় । খবৰ অনুসৰি, বৰনালাবাসীয়ে তেওঁক "বিকাশ পুৰুষ" বুলি সম্বোধন কৰে । বিধানসভা নিৰ্বাচনলৈ এবছৰকৌয়ো কম সময় থকাৰ মাজতে বিজেপিৰ শীৰ্ষ মহলে সুনীল জাখড়ৰ ঠাইত নতুন সভাপতি হিচাপে নিযুক্তি দিছে চৰ্দাৰ কেৱল সিং ধিলনক ।
২০২৭ চনত চৰকাৰ গঠন কৰিব বিজেপিয়ে : কেৱল সিং ধিলন
দলে পঞ্জাবত নতুন ৰাজ্যিক সভাপতিৰ নাম ঘোষণা কৰাৰ পাছতে কেৱল সিং ধিলনে কেতবোৰ মন্তব্য কৰে ৷ ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত গেৰুৱা দলটোৱে ৰাজ্যত চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে ধিলনে ।
দলৰ শীৰ্ষ নেতৃত্বই ধিলনক এনে ডাঙৰ দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জনাই তেওঁ কয়, ‘‘মোৰ প্ৰথম লক্ষ্য হৈছে পঞ্জাবত বিজেপি চৰকাৰ গঠন কৰা ।’’ তেওঁ কয়, ‘‘আমি পঞ্জাবত চৰকাৰ গঠন কৰিলে, সকলো ক্ষেত্ৰতে এক নম্বৰ ৰাজ্য হিচাবে গঢ়ি তুলিম । পশ্চিমবংগৰ পিছত পঞ্জাবতো পদুম ফুলিব । ভাৰতৰ দ্ৰুত অগ্ৰগতিৰ মূল হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷’’
BJP appoints Dr Archana Gupta as the President of the Bharatiya Janata Party, Haryana unit. pic.twitter.com/1nFqX4LZlx
— ANI (@ANI) May 28, 2026
অৰ্চনা গুপ্তাক হাৰিয়ানা ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি
বিজেপিয়ে ডঃ অৰ্চনা গুপ্তাক হাৰিয়ানা ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে । মোহন লাল বড়োলিৰ সলনি এতিয়াৰে পৰা অৰ্চনা গুপ্তাই এই কাৰ্য সমাপন কৰিব । ইয়াৰ পূৰ্বে তেওঁ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু পানীপাটৰ জিলা সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ত্ৰিপুৰাৰ নতুন ৰাজ্যিক সভাপতি
ত্ৰিপুৰাৰ ৰাজনৈতিক মহলত এক বাতৰি বিযপি পৰাৰ পাছতে খলকনি লাগিছে ৷ কিয়নো ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে দলীয় বিধায়ক অভিষেক দেৱৰয়ক নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে । ৰাজীব ভট্টাচাৰ্যৰ ঠাইত দেৱৰয়ক নতুন দায়িত্ব অৰ্পন কৰা হৈছে ।
Abhishek Debroy appointed as the new President of the Bharatiya Janata Party, Tripura State Unit. pic.twitter.com/UzBKPv9gIb
— ANI (@ANI) May 28, 2026
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা দলৰ মুখ্য কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ সিঙে নতুন দিল্লীৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অভিষেক দেৱৰয়ক ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে । দীৰ্ঘদিন ধৰি ত্ৰিপুৰাত নতুন ৰাজ্যিক বিজেপি সভাপতি নিযুক্তি দিয়া হোৱা নাছিল ৷ বিগত কেইবামাহ ধৰি এই গুৰুত্বপূৰ্ণ সাংগঠনিক পদটোৰ বাবে কেইবাটাও নামে ৰাজনৈতিক মহলত চৰ্চাও চলি আছিল ।
২০২৩ চনৰ বিধানসভা নিৰ্বাচনত দক্ষিণ ত্ৰিপুৰাৰ গোমাটি জিলাৰ মাটাৰবাৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৪৪ বছৰীয়া দেৱৰয় । বৰ্তমান তেওঁ বিজেপিৰ ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ সদস্য আৰু ইয়াৰ পূৰ্বে দলৰ গোমাটি জিলা ইউনিটৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ফাৰ্মাচীত স্নাতক দেৱৰয়ে ২০০১ চনত ছাত্ৰ এক্টিভিজিম (Student Activism) আৰু যুৱ আন্দোলনৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰে । ২০১৭ চনত বিজেপিত যোগদান কৰাৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ ছাত্ৰ শাখা, ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘ (NSUI) আৰু পিছলৈ যুৱ কংগ্ৰেছত বিভিন্ন পদবীত অধিষ্ঠিত হৈছিল ।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, বিদায়ী ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যকে ধৰি দলৰ আন কেইবাজনো জ্যেষ্ঠ নেতাই দেৱৰয়ক দলৰ ত্ৰিপুৰা ইউনিটৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

