লক্ষ্য় ২০২৬ৰ বিধানসভা নিৰ্বাচন; শোণিতপুৰত বিজেপি-কংগ্ৰেছৰ নতুন প্ৰাৰ্থীৰ সন্ধান
শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত চলিছে নিৰ্বাচনী কুচকাৱাজ । ইয়াৰ ভিতৰত তিনিটা সমষ্টিত চৰ্চা হৈছে নতুন মুখ ।

Published : December 10, 2025 at 12:32 PM IST
তেজপুৰ : ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী সকলোৱে । এতিয়া প্ৰতিটো দলতেই গুণাগঁথা চলিছে প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি । কিদৰে দিয়া হ'ব প্ৰাৰ্থিত্ব ? বিধানসভা সমষ্টিত পূৰ্বৰ দৰেই বাহাল থাকিব নেকি প্ৰাৰ্থী, নে দেখা যাব নতুন মুখ ? ইয়াৰ মাজতেই ৰাজনৈতিক মহলত চৰ্চা হৈছে কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম ।
কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰঙাপৰা ভ্ৰমণৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছিল যে এইবাৰ বিজেপিত নাথাকিব কোনো চিটিঙ গেটিঙৰ ফৰ্মূলা । প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত যোগ্য়তা তথা প্ৰদৰ্শনৰ লগতে যুৱ আৰু মহিলাৰ ওপৰত প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব । সেই অনুসৰি শোণিতপুৰৰ কেইবাটাও সমষ্টিত বিজেপিয়ে সন্ধান অব্যাহত ৰাখিছে যুৱ প্ৰজন্মৰ নতুন মুখ ।

ৰঙাপৰাত চৰ্চাত তিনি :
ৰঙাপৰা সমষ্টিত বৰ্তমানৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ সমান্তৰালভাৱে চৰ্চিত হৈছে দুখন নতুন মুখৰ । ৰঙাপৰাৰ নিবাসী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সচিব তুহিন হাজৰিকা আৰু সুনীল টুটিৰ নাম একাংশ লোকৰ মাজত চৰ্চিত হৈছে বুলি জানিব দিয়ে স্থানীয় মিতো লহৰে । যুৱ প্ৰজন্মৰ প্ৰাৰ্থী হিচাবে বিগত বিধানসভা নিৰ্বাচনত বৰ্তমানৰ বিধায়ক কৃষ্ণ কমল তাঁতীক কোনো ধৰণৰ ৰাজনৈতিক যোগসূত্ৰ নথকাকৈ বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বুলি চৰ্চা হৈছিল । অৱশ্য়ে সেইবাৰ কৃষ্ণ কমল তাঁতীয়ে ৭০,১৭২ টা ভোট লাভ কৰি তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকাক ২২,৩৪৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল ।

কংগ্ৰেছৰ শাসনৰ সময়ৰ পৰা ৰঙাপৰা সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে । এইবাৰ সমষ্টিটোত একাংশ ভোটাৰে স্থানীয় লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে চেষ্টা চলাই আছে । কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থীৰ ভিতৰত পূৰ্বৰ বিধায়ক অভিজিত হাজৰিকা আৰু গ্ৰীণ ভূঞাৰ নাম চৰ্চাত আছে । তেজপুৰ বিধানসভা সমষ্টিটো বিগত বিধানসভা নিৰ্বাচনত মিত্ৰদল অগপক এৰি দিছিল; কিন্তু সমষ্টিটোত এইবাৰ বিজেপিৰ দখললৈ নিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে দলীয় কৰ্মকৰ্তাই । এই বিষয়ে বিজেপিৰ জিলা সাভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকাই কয়, "বিজেপিৰ সাংগঠনিক ভেটি শোণিতপুৰত যথেষ্ট সবল । সমান্তৰালভাৱে তেজপুৰ সমষ্টিত সেই হিচাবে বিজেপিৰ এগৰাকী প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।"

তেজপুৰত চৰ্চাত কোন তিনি প্ৰাৰ্থী ?
যদি বিজেপিয়ে তেজপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে তিনিগৰাকীৰ পৰাই হয়তো বাচনি কৰিব লাগিব । জ্য়েষ্ঠ বিজেপি কৰ্মী তথা এমট্ৰণৰ উপাধ্যক্ষ তথা বিজেপিৰ বিশ্বনাথ জিলাৰ প্ৰভাৰী ঋতু বৰণ শৰ্মাৰ নাম চৰ্চা হৈছে । তেওঁ ৯০ দশকৰ পৰাই বিজেপিৰ সক্ৰিয় কৰ্মী হিচাপে পৰিচিত । আনহাতে বিজেপিৰ জিলা সভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকাৰ নাম মহিলা প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে । তদুপৰি বিজেপিৰ সক্ৰিয় কৰ্মী দীপক শইকীয়াৰ নামো চৰ্চাত আছে ।

এই সন্দৰ্ভত বিজেপিৰ জিলা সভানেত্ৰীগৰাকীয়ে কয়,"বিজেপিয়ে নিয়ম অনুসৰিহে প্ৰাৰ্থিত্ব প্ৰদান কৰে । আমি জিলাখনৰ এগৰাকী সক্ৰিয় কৰ্মী । প্ৰাৰ্থিত্ব প্ৰদান কৰাটো পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ হাতত । সেয়া আমি ক'ব নোৱাৰো ।" বিজেপিৰ বিশ্বনাথ জিলাৰ প্ৰভাৰী তথা এমট্ৰণৰ উপাধ্যক্ষ ঋতু বৰণ শৰ্মাই কয়, "প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আমি ভাবিলেই হ'ব নোৱাৰো । কাৰণ সেয়া এখন উচ্চস্তৰীয় কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব । সমান্তৰালভাৱে বিৰোধী দল কংগ্ৰেছে সমষ্টিত নতুনক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনীয়তা আছে ।" তেওঁ পুনৰ কয়, "প্ৰাক্তন বিজেপিৰ সাংসদ তথা পৰৱৰ্তী কালত কংগ্ৰেছৰ জিলা সভাপতি ৰাম প্ৰসাদ শৰ্মাই কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বুলি জানিব পৰা গৈছে ।"

কংগ্ৰেছৰ তালিকাত কোন আছে ?
আনহাতে বৰচলা সমষ্টিৰ ভোটাৰে এইবাৰ বৰ্তমানৰ বিধায়ক গণেশ লিম্বুৰ পৰিবৰ্তে বিজেপিয়ে অন্যক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনীয়তা আছে । এক বিশেষ সূত্ৰৰ লগতে ৰাজনৈতিক মহলৰ চৰ্চাত জানিব পৰা অনুসৰি তেজপুৰ সমষ্টিত বিজেপিক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বৰচলা সমষ্টি এইবাৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে । কংগ্ৰেছে সমষ্টিটোত প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা আৰু সমষ্টিটোৰ পূৰ্বৰ কংগ্ৰেছৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ টংক বাহাদুৰ ৰায়ক প্ৰদান কৰাৰ চর্চা অব্যাহত আছে । একেদৰে ঢেকীয়াজুলি আৰু নদুৱাৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব বাহাল থকাৰ সম্ভাৱনা আছে; কিন্তু ঢেকীয়াজুলি সমষ্টিত বিজেপি দলৰ পৰা শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা সক্ৰিয়কৰ্মী বাটাছ ওৰাঙৰ নাম চৰ্চাত আছে । অৱশ্য়ে নদুৱাৰত কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়া স্পষ্ট হোৱা নাই বা কোনো চর্চা চলা নাই ।

বিশ্বনাথ-বিহালীত কোন ?
সেইদৰে বিশ্বনাথ জিলাৰ ভিতৰত বিশ্বনাথ সমষ্টিত বিজেপিয়ে নতুন প্ৰাৰ্থী প্ৰদান কৰাটো প্ৰায় নিশ্চিত । সমষ্টিটোত তেজপুৰ সংসদীয় সমষ্টিৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী পল্লব লোচন দাসে প্ৰাৰ্থিত্ব লাভ কৰাটো প্ৰায় নিশ্চিত । অৱশ্য়ে এইবাৰ বিহালী সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত কৰিছে । সেই অনুসৰি বৰ্তমানৰ বিধায়ক দিগন্ত ঘাটোৱাৰে বিশ্বনাথ সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈ আছে । বিহালী সমষ্টিত নতুন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাবে চৰ্চাত আছে অৰূপ কুমাৰ দাস আৰু মুনিন্দ্ৰ দাসৰ নাম ।
বিহালীত কংগ্ৰেছৰো আছে ইতিহাস :
এই সমষ্টিটো পূৰ্বতে শোণিতপুৰ জিলাৰ অন্তৰ্গত আছিল । ১৯৭৮ চনত এই সমষ্টিটো গঠিত হৈছিল । সেই সময়ত শোণিতপুৰ জিলাৰ অন্তৰ্গত বিহালী বিশ্বনাথ মহকুমাৰ অধীনত আছিল । বিহালী সমষ্টিটো ১৯৭৮ চনৰ পৰা ২০০১ চনলৈ কংগ্ৰেছৰ অধীনত আছিল । সমষ্টিটোৰ প্ৰথমগৰাকী বিধায়ক কংগ্ৰেছৰ বিষ্ণুলাল উপাধ্যায় । ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ত উপাধ্যায় সমষ্টিটোৰ বিধায়ক হিচাবে প্ৰতিনিধিত্ব কৰিছিল । পৰৱৰ্তী সময়ত ১৯৮৫ চনত স্বৰূপ উপাধ্যায় কংগ্ৰেছৰ পৰা নিৰ্বাচিত হয় । ১৯৯১ চনত কংগ্ৰেছ দলৰ পৰা বৰ্ণবাস তাঁতী আৰু পুনৰ ১৯৯৬ চনত তাঁতীয়ে সমষ্টিটোৰ বিধায়ক হিচাবে নিৰ্বাচিত হয় ।
ইয়াৰ পিছত অসমত কংগ্ৰেছৰ অধীনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ সময়ত বিহালীৰ পৰা প্ৰথম গৰাকী অকংগ্ৰেছী বিধায়ক হিচাপে বিজেপিৰ পৰা ২০০১ চনত ৰঞ্জিত দত্ত বিধায়ক নিৰ্বাচিত হৈছিল । ৰঞ্জিত দত্ত পুনৰ ২০০৬ চনৰ নিৰ্বাচনত নিৰ্বাচিত হয় যদিও ২০১১ চনত কংগ্ৰেছ দলৰ পৰা আদিবাসী ছাত্ৰ নেতা পল্লব লোচন দাস বিধায়ক হিচাবে নিৰ্বাচিত হয় । ২০১৬ চনত পুনৰ বিজেপিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ সোণোৱাল মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছিল । পৰৱৰ্তী সময়ত ২০২১ চনত ৰঞ্জিত দত্ত বিহালী সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হয় । ২০২৪ বৰ্ষৰ ৯ জুনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পাছত সেই বছৰৰ ১৩ নৱেম্বৰত বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত বৰ্তমানৰ বিধায়ক দিগন্ত ঘাটোৱাৰ নিৰ্বাচিত হয় ।
উল্লেখ্য় যে জিলাখনৰ গহপুৰ বিধানসভা সমষ্টিত বিজেপিৰ বৰ্তমানলৈকে নতুন প্ৰাৰ্থীৰ নাম চৰ্চাত অহা নাই । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ নতুন মুখ গণেশ কুটুমৰ পুত্ৰ শংকৰ কুটুমক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে চর্চা অব্যাহত আছে ।

