ETV Bharat / politics

সময়ৰ খেল ! এদিন বিজেপিক ঘোৰ সমালোচনা কৰি কাৰাগাৰলৈ যোৱা ছাত্ৰনেতা এতিয়াৰে পৰা হ’ল গেৰুৱা বসনধাৰী

অখিল গগৈৰ নীতি-আদৰ্শত চলিলে জাতি নিপাত গৈ ইছলামিক ৰাজ্যত পৰিণত হ'ব লাগিব ৷ বিজেপিৰ টুপী পিন্ধিয়েই অনুভৱ কৰিলে বণিয়াই ৷

ANIL BANIA JOINS BJP
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান অনিল বণিয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 27, 2025 at 1:35 PM IST

4 Min Read
Choose ETV Bharat

বিশ্বনাথ: বিধায়ক অখিল গগৈৰ মানসপুত্ৰ স্বৰূপ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক তথা বিশ্বনাথ জিলাৰ বিহালীৰ ছাত্ৰনেতা অনিল বণিয়াৰ বিজেপিত যোগদান ৷ বিশ্বনাথ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৩৫ জনীয়া এটা দলৰ সৈতে আনুষ্ঠানিকভাৱে বণিয়াই গুৱাহাটী মহানগৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত গেৰুৱা বসন পৰিধান কৰে ৷

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাৰ উপস্থিতিত ছাত্ৰনেতা অনিল বণিয়াই বিজেপিত যোগদান কৰে ৷ ইয়াৰ লগে লগে বিশ্বনাথত উচন হ'ল ছাত্ৰ মুক্তিৰ সাংগঠনিক ভেটি ৷

ANIL BANIA JOINS BJP
অখিল গগৈৰ একালৰ ঘনিষ্ঠ ছাত্ৰনেতা অনিল বণিয়া (ETV Bharat Assam)

বিধায়ক অখিল গগৈৰ ঘনিষ্ঠ ছাত্ৰনেতা অনিল বণিয়াই বিগত প্ৰায় ১০ বছৰ দিন ধৰি ছাত্ৰ সংগঠনৰ সৈতে জড়িত আছিল ৷ বিগত সময়ছোৱাত অনিল বণিয়াই শাসনাধিষ্ঠ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ পিছত গেৰুৱা দলটোত যোগদান কৰা কাৰ্যই স্বাভাৱিকতে লাভ কৰিছে চৰ্চা ৷

অনিল বণিয়াই বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত এনেদৰে কয়, ‘‘বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিক তেখেতৰ বহতীয়া সংগঠন হিচাপে ৰাখি জাতীয় সংগঠনৰ স্বতন্ত্ৰতা, মৰ্যাদা হানি কৰি আহিছে ৷ তদুপৰি বিধায়ক অখিল গগৈৰ একনায়কত্ববাদ, দমন নীতি, ভুৱা জাতীয়তাবাদ আৰু মিঞাপ্ৰীতিত অতিষ্ঠ হৈ তথা বিজেপি দলৰ জাতি-স্বাভিমান ৰক্ষাৰ অনিৰুদ্ধ যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছোঁ ৷ বৰ্তমান সময়ত অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যৎ ৰক্ষাৰ শেষ সময় ৷ অসমীয়া জাতিৰ শতৰু ৰামসিংহক বধি জাতি ৰক্ষা কৰিবলৈ হ’লে বিজেপি দলৰ মজিয়াৰ বিকল্প নাই, অখিল গগৈৰ নীতি-আদৰ্শত চলিলে জাতি নিপাত গৈ ইছলামিক ৰাজ্যত পৰিণত হ'ব লাগিব ৷ যাৰ বাবে আজি আনুষ্ঠানিকভাৱে অখিল গগৈৰ ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ সংগঠনলৈ পৰ্যবসিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা পদত্যাগ কৰি বিজেপি দলত যোগদান কৰি আই অসমীৰ সেৱা কৰাৰ মানস কৰিছো ৷’’

ANIL BANIA JOINS BJP
৩৫ জনীয়া এটা দলৰ সৈতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান ছাত্ৰনেতাগৰাকীৰ (ETV Bharat Assam)

নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি ?

গুৰুত্বপূৰ্ণ বিষয়টো এয়ে যে শেহতীয়াভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ সময়ত ৭১নং বিহালী বিধানসভা সমষ্টিটো বিশেষভাৱে অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে ৷ অনুসূচিত জাতি সংৰক্ষিত বিহালী বিধানসভা সমষ্টিত কি শাসক, কি বিৰোধী কোনো এটা ৰাজনৈতিক দলৰে নাই স্থানীয় উপযুক্ত শক্তিশালী প্ৰাৰ্থী ৷ যাৰ ফলত সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীয়ে ভিৰ কৰিছে বিহালীত ৷

ইতিমধ্যে সমষ্টিৰ বাহিৰৰ কেইবাজনো বিজেপি নেতা-কৰ্মীয়ে বাহৰ পাতি নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে ৷ বিপৰীতে বিহালী বিজেপিৰ হৈ প্ৰাৰ্থিত্বৰ দৌৰ অব্যাহত ৰাখিছে দুই-এজন দলীয় কৰ্মীয়ে ৷

আনহাতে, বিৰোধী কংগ্ৰেছৰো অৱস্থা অনুৰূপ ৷ সমষ্টিৰ বাহিৰৰ নেতাই বাহৰ পাতি লৈ সমষ্টিটোত চলাইছে প্ৰচাৰ ৷ তেনে সময়তে ৰাজ্যৰ অন্যতম ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অনিল বণিয়াই বিজেপিত যোগদান কৰাৰ বিষয়টোৱে বাৰুকৈয়ে তাৎপৰ্য বহন কৰিছে ৷ যিহেতু ২০২৬ ৰ বিধানসভা নিৰ্বাচন সমাগত, তেনেক্ষেত্ৰত অনিল বণিয়া আগন্তুক নিৰ্বাচনত বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ’ব নেকি বুলিও আন এক চৰ্চা চলিছে ৷

এইবেলি বহুকেইটা সমষ্টিত নতুন প্ৰজন্মৰ যুৱক-যুৱতীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে বিজেপিয়ে ৷ তেনেক্ষেত্ৰত অনিল বণিয়াই অনুসূচিত জাতিৰ লোক হোৱা বাবে দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে !

পহলগামৰ সন্ত্ৰাসবাদ আক্ৰমণৰ সময়ত কৰিছিল বিতৰ্কিত মন্তব্য

উল্লেখ্য যে, অনিল বণিয়াই বিগত ২৪ এপ্ৰিলত ফেচবুকযোগে পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ নাৰকীয় হত্যাযজ্ঞ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল ৷ আনকি শাসকীয় দলৰ চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ অপৰাধত অসম আৰক্ষীয়ে নিজাববীয়াকৈ বিহালী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১১৩(৩), ১৫২, ১৯৬, ১৯৭(১), ৩৫২,৩৫৩ ধাৰাত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰি তেওঁক জে'ললৈ প্ৰেৰণ কৰিছিল ৷ প্ৰায় তিনিমাহ কাৰাবন্দী হোৱাৰ পিছত আগষ্ট মাহত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল বণিয়া ৷

লগতে পঢ়ক: কাগজৰ পাত কেইখিলা দিলে কি লাভ হ’ব: ৰফিকুল ইছলাম