বিহাৰ নিৰ্বাচন: ৫১৯ প্ৰাৰ্থীৰ পঢ়া-শুনা পঞ্চমৰ আৰু দ্বাদশ শ্ৰেণীলৈ, ৪২৩ প্ৰাৰ্থীৰ বিৰুদ্ধে চলি আছে হত্যা-ধৰ্ষণৰ গোচৰ
৩৩ টা হত্যাৰ, ৮৬ টা হত্যাৰ চেষ্টা, ৪২ টা মহিলাৰ বিৰুদ্ধে অপৰাধ আৰু ২ টা ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ আছে ৪২৩ গৰাকী প্ৰাৰ্থী ।

Published : October 29, 2025 at 7:50 AM IST
পাটনা: ৰাজনীতি আৰু অপৰাধ ৷ তাতে আকৌ যদি ৰাজ্যখন বিহাৰ হয় ৷ দুয়োটাৰে সম্পৰ্কটো হয় উঠে আৰু মধুৰ ৷ অন্ততঃ বিগত দুটা দশকজুৰি বিহাৰত ৰাজনীতিৰ সৈতে অপৰাধৰ কি এক সনাপিটিকা সম্পৰ্ক সেই কথা ভাৰতৰ লোকে জানে ৷ আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অংশ লোৱা প্ৰাৰ্থীসকলৰ বিতং তথ্য শেহতীয়াকৈ প্ৰকাশ কৰিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এ ডি আৰ) আৰু বিহাৰ ইলেকচন ৱাটচে । প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ৰাজ্যখনৰ ১২১ টা বিধানসভা সমষ্টিৰ ১৩১৪ জন প্ৰাৰ্থীৰ ভিতৰত ১৩০৩ জনৰ শপতনামাৰ আধাৰত প্ৰস্তুত কৰা এই প্ৰতিবেদনে বিহাৰৰ ৰাজনীতিত অপৰাধ আৰু ধনশক্তিৰ গভীৰ সম্পৰ্ক পুনৰবাৰ উদঙাই দিছে ।
প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা ১৩০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৪২৩ (৩২%) প্ৰাৰ্থীৰ বিৰুদ্ধেই আছে অপৰাধমূলক গোচৰ । ইয়াৰে ৩৫৪ (২৭%) টা গুৰুতৰ অপৰাধমূলক গোচৰ ৷ য’ত ৩৩ টা হত্যাৰ, ৮৬ টা হত্যাৰ চেষ্টা, ৪২ টা মহিলাৰ বিৰুদ্ধে অপৰাধ আৰু ২ টা ধৰ্ষণৰ গোচৰত অভিযুক্ত কৰা হৈছে এই ৪২৩ গৰাকী প্ৰাৰ্থীক ।
গুৰুতৰ অপৰাধমূলক গোচৰৰ তালিকাত প্ৰায় সকলো ডাঙৰ ৰাজনৈতিক দলৰে প্ৰাৰ্থী আছে । জন সুৰয পাৰ্টী (জে এছ পি)ৰ ১১৪ জন প্ৰাৰ্থীৰ ভিতৰত ৪৯ জন (৪৩%), বহুজন সমাজ পাৰ্টীৰ ৮৯ জন প্ৰাৰ্থীৰ ভিতৰত ১৬ জন (১৮%), ৰাষ্ট্ৰীয় জনতা দল(আৰ জে ডি)ৰ ৭০ জন প্ৰাৰ্থীৰ ভিতৰত ৪২ জন (৬০%), জনতা দল ইউনাইটেড (জে ডি ইউ)ৰ ৫৭ জন প্ৰাৰ্থীৰ ভিতৰত ১৫ জন (২৬%), ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ ৪৮ জন প্ৰাৰ্থীৰ ভিতৰত ২৭ জন (৫৬%) , আম আদমী পাৰ্টীৰ ৪৪ জনৰ ভিতৰত ৯ জন (২০%), কংগ্ৰেছৰ ২৩ জনৰ ভিতৰত ১২ জন(৫২%), চি পি আই (এমএল)ৰ ১৪ জনৰ ভিতৰত ৯ জন(৬৪%), লোক জনশক্তি পাৰ্টী (ৰাম বিলাস)ৰ ১৩ জনৰ ভিতৰত ৫ জন, চি পি আইৰ ৫ জনৰ ভিতৰত ৪ জন (৮০%), আৰু চি পি আই (এম)ৰ ৩ জনৰ ভিতৰত ৩ জনৰ বিৰুদ্ধেই আছে অপৰাধজনিত গোচৰ ।
এ ডি আৰৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অপৰাধমূলক গোচৰ চলি থকা লোকক টিকট দিয়াৰ সুনিৰ্দিষ্ট কাৰণ দাঙি ধৰিবলৈ নিৰ্দেশ দি ২০২০ৰ ১৩ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাক ৰাজনৈতিক দলসমূহে সম্পূৰ্ণৰূপে আওকাণ কৰিছে । এই নিৰ্দেশনা অনুসৰি এজন প্ৰাৰ্থীক জনপ্ৰিয়তা বা ৰাজনৈতিক হেঁচাত নহয়, তেওঁৰ যোগ্যতা, কৃতিত্ব, সামাজিক অৱদানৰ ওপৰত ভিত্তি কৰিহে নিৰ্বাচন কৰিব লাগে।
প্ৰতিবেদনত প্ৰকাশ পাইছে যে চলিত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে অপৰাধমূলক গোচৰ থকা প্ৰায় ৩২% প্ৰাৰ্থীক টিকট দিছে ।
আনহাতে, প্ৰতিবেদনত আৰু কোৱা হৈছে যে ১৩০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৫১৯ জন (৪০%) কোটিপতি । ইয়াৰ পৰা বুজা যায় যে নিৰ্বাচনত ধনশক্তি বৃদ্ধি পাইছে আৰু প্ৰায় প্ৰতিটো ডাঙৰ দলেই ধনী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে, যাৰ ফলত ৰাজনীতিত পুঁজিৰ আধিপত্য বিস্তাৰ হৈছে আৰু ক্ৰমান্বয়ে সাধাৰণ মানুহ বা মধ্যবিত্তীয় প্ৰাৰ্থী হ্ৰাস পাইছে ।
জ্যেষ্ঠ সাংবাদিক প্ৰবীণ বাগীয়ে কয় যে ৰাজনীতিত প্ৰৱেশৰ বাবে এতিয়া আৰ্থিক শক্তি অপৰিহাৰ্য হৈ পৰিছে । বাগীয়ে লগতে কয়, "টিকট বিতৰণৰ ক্ষেত্ৰত সকলো ডাঙৰ ৰাজনৈতিক দলে ধনী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে, যাৰ পৰা স্পষ্টকৈ দেখা গৈছে যে নিৰ্বাচনত জয়ী হোৱাত ধনৰ শক্তিয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিছে । প্ৰতিবেদনখনে ৰাজনৈতিক দলৰ নৈতিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।"
জে এছ পিৰ ৮১ গৰাকী, আৰ জে ডিৰ ৬৮ গৰাকী , জে ডি ইউৰ ৫২ গৰাকী, কংগ্ৰেছৰ ১৮ গৰাকী , বি এছ পিৰ ২৭ গৰাকী , আপৰ ১৩ গৰাকী, চি পি আইৰ ৩ গৰাকী, চি পি আই (এম)ৰ ২ গৰাকী আৰু চি পি আই (এমএল)ৰ ২ গৰাকী প্ৰাৰ্থী কোটিপতি ।
ইপিনে প্ৰাৰ্থীসকলৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত এ ডি আৰে কয় যে ৫১৯ জন প্ৰাৰ্থীয়েই হৈছে পঞ্চমৰ আৰু দ্বাদশ শ্ৰেণীৰ ভিতৰত পঢ়া-শুনা কৰা ৷ ৬৫১ জন প্ৰাৰ্থী (৫০%) স্নাতক বা তাতোকৈ অধিক শিক্ষা-দীক্ষা থকা ৷ প্ৰতিবেদন অনুসৰি প্ৰথম পৰ্যায়ত মহিলা প্ৰাৰ্থীৰ অংশ মাত্ৰ ৯%, যিয়ে বিহাৰৰ ৰাজনীতিত মহিলাৰ দুৰ্বল প্ৰতিনিধিত্বৰ ইংগিত দিয়ে ।
লগতে পঢ়ক: বিহাৰৰ মোকামত বাহুবলীৰ যুদ্ধ | ইটিভি ভাৰতৰ গ্ৰাউণ্ড ৰিপৰ্ট

