ETV Bharat / politics

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল : ভোটৰ শতকৰা হাৰৰ ক্ষেত্ৰত উন্নতি জে ডি ইউৰ, পূৰ্বৰ ধাৰা অব্যাহত আৰ জে ডিৰ

বিহাৰত এন ডি এৰ বৃহৎ জয়লাভ । ভোটৰ শতকৰা হাৰে ফলাফলৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাইছে ?

Nitish Kumar and Tejaswi Yadav
বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 15, 2025 at 2:30 PM IST

8 Min Read
Choose ETV Bharat

পাটনা : বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ ভোটৰ শতকৰা হাৰৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড (জে ডি ইউ)ৰ ভোটৰ শতকৰা হাৰ প্ৰায় ৫ শতাংশ বৃদ্ধিৰ পৰাৰ ইংগিত পোৱা গৈছে যে ভোটাৰক দিয়া প্ৰতিশ্ৰুতিয়ে যাদু কৰিছিল । ইফালে ভাৰতীয় জনতা পাৰ্টীৰ ভোটৰ শতকৰা হাৰো সামান্য উন্নত হৈছে ।

আনহাতে ২০২০ চনৰ নির্বাচনৰ প্রায় সমান আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সমান্তৰালকৈ বিৰোধী ৰাষ্ট্রীয় জনতা দলে ভোটৰ শতকৰা হাৰৰ ক্ষেত্ৰত শীৰ্ষত আছে । লক্ষণীয়ভাৱে ৰাজ্যখনত নিবনুৱা সমস্যাক লৈ হোৱা সকলো হুলস্থুলৰ মাজতো দলটোৰ প্ৰতি সমৰ্থন বৃদ্ধি হোৱা দেখা নগ'ল ।

বিহাৰৰ বিধানসভা নিৰ্বাচনত এন ডি এই ২০২ খন আসন লাভ কৰি বৃহৎ জয়লাভ কৰিছে । তাৰ ভিতৰত বিজেপিয়ে ৮৯ খন, জে ডি ইউ ৮৫ খন, চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টী (ৰামবিলাস) বা এল জে পি(আৰ)এ ১৯ খন, কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝিৰ হিন্দুস্তানী আৱাম মৰ্চা (চেকুলাৰ)ৰ ৫ খন, ৰাজ্যসভাৰ সদস্য উপেন্দ্ৰ কুশৱাহাৰ ৰাষ্ট্ৰীয় লোক মৰ্চাই ৪ খন আসন লাভ কৰিছে ।

২০২০ চনৰ বিধানসভা নিৰ্বাচনত এন ডি এই লাভ কৰিছিল ১২৫ খন আসন । তাৰ তুলনাত ৭৭ খন আসন অধিক লাভ কৰাৰ বাবেই এন ডি এৰ জয় অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

আনহাতে ইণ্ডিয়া ব্লক বা মহাজোঁটবন্ধনে মাত্ৰ ৩৫ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় । নেতৃত্বত থকা ৰাষ্ট্ৰীয় জনতা দলে ২৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬ খন, চি পি আই এম এলে ২ খন, চি পি আই এমে ১ খন আৰু ইণ্ডিয়া ইনক্লুছিভ পাৰ্টীয়ে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে । ২০২০ৰ বিধানসভা নিৰ্বাচনত ১১০ খন আসনৰ তুলনাত এইবাৰ মহাজোঁটবন্ধনে ৭৫ খন আসন হেৰুৱাইছে ।

ইফালে আছাদুদ্দিন ওৱেইছিৰ এ আই এম আই এম দলে ৫ খন আসন লাভ কৰি ২০২০ চনৰ প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰাৰ বিপৰীতে বহুজন সমাজ পাৰ্টীয়ে এখন আসন লাভ কৰিবলৈ সক্ষম হয় ।

আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে ৰাজনীতিবিদ প্ৰশান্ত কিশোৰৰ জন সূৰজ পাৰ্টী (জে এছ পি) আৰু মুকেশ সাহনীৰ বিকাশশীল ইনছান পাৰ্টী (ভি আই পি)। দুয়োটা দলে এইবাৰ নিৰ্বাচনত এখনো আসন লাভ নকৰি নিৰাশ হ'বলগীয়া হয় । লগে লগে দুয়োটা দল এতিয়া বিহাৰত অস্তিত্বৰ সংকটত পৰিছে ।

যদি আমি দুয়োটা মিত্ৰজোঁটৰ ভোটৰ শতকৰা হাৰৰ কথা বিবেচনা কৰোঁ তেন্তে এন ডি এই মুঠ ভোটদানৰ ৪৬.৫৩ শতাংশ ভোট লাভ কৰিছে । যি ২০২০ চনৰ নিৰ্বাচনত ৩৭.২৬ শতাংশৰ তুলনাত বৃদ্ধি পৰিলক্ষিত হৈছে ।

আনহাতে ইণ্ডিয়া ব্লকে প্ৰায় ৩৮ শতাংশ লাভ কৰিছে । ২০২০ চনত এই হাৰ আছিল ৩৭.২৩ শতাংশ । অৱশ্যে এইবাৰ ইণ্ডিয়াৰ অংশীদাৰৰ তুলনাত এন ডি এৰ সমষ্টিভিত্তিত প্ৰায় ৮.৫ শতাংশ অধিক ভোট লাভ কৰে ।

১৯৮০ চনত আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিহাৰৰ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে বিজেপিয়ে । ২০২০ চনৰ বিধানসভা নিৰ্বাচনত ৭৪ খন আসন লাভ কৰি ১৯.৪৬ শতাংশতকৈ অলপ বেছি ভোটৰ শতকৰা হাৰ আছিল যদিও এইবাৰ এই হাৰ আছিল ২০.০৮ শতাংশ ।

কিন্তু এইবাৰ গেৰুৱা দলটোৱে কম আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল – ২০২০ চনত ১১০ খন আসনৰ তুলনাত এইবাৰ ১০১ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল দলটোৱে । ইয়াৰ পৰা বুজা যায় যে সমৰ্থনৰ ভিত্তি শক্তিশালী হৈ উঠিছে ।

এইবাৰ জে ডি ইউৰ ভোটৰ শতকৰা হাৰ আছিল ১৯.২৫ শতাংশ । যি ২০২০ চনৰ নিৰ্বাচনত আছিল ১৫.৩৯ শতাংশ । তাৰ তুলনাত এইবাৰ যথেষ্ট বৃদ্ধি পাইছে । এই পৰিৱৰ্তন স্পষ্টভাৱে প্ৰতিফলিত হৈছে জয়ী হোৱা আসনৰ সংখ্যাত – যোৱাবাৰ ৪৩ খনৰ বিপৰীতে এইবাৰ ৮৫ খন আসন লাভ কৰিছে ।

২৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে এল জে পি(আৰ)ৰ ভোটৰ শতকাৰ হাৰ ৪.৯৭ শতাংশ । ২০২০ চনত ১৩৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা দলটোৰ ভোটৰ শতকৰা হাৰ আছিল ৫.৬৬ শতাংশ । অৰ্থাৎ দলটোৰ ভোটৰ শতকাৰ হাৰ হ্ৰাস পাইছে । হিন্দুস্তানী আৱাম মৰ্চা (চেকুলাৰ) দলে ৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু ৫ খনত জয়ী হয় । য'ত ভোটৰ শতকাৰ হাৰ আছিল ১.১৭ শতাংশ । আৰ এল এমে ৬ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি ৪ টাত জয়ী হৈছে আৰু ভোটৰ শতকৰা হাৰ আছিল ১.০৬ শতাংশ ।

এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ বিহাৰৰ সমন্বয়ক ৰাজীৱ কুমাৰে ই টিভি ভাৰতক কয়, "ভোটৰ শতকৰা হাৰ আৰু জয়ী হোৱা আসনৰ সংখ্যাৰ মাজত কোনো স্পষ্ট সূত্ৰ বা সম্পৰ্ক নাই । কিন্তু এটা কথা স্পষ্ট– নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দিয়া উন্নয়নৰ প্ৰতিশ্ৰুতিৰ বাবে জে ডি ইউৰ ভোটৰ শতকৰা হাৰ প্ৰায় ৪ শতাংশ বৃদ্ধি পাইছে । ই সমাজৰ প্ৰতিটো শ্ৰেণীক প্ৰভাৱিত কৰিছে, বিশেষকৈ মহিলাসকলক । নীতিশে এতিয়া নিজৰ ই বি চি (অতি পিছপৰা জাতি) ভোটাৰৰ ভিত্তিত মহিলা ভোটাৰক আকৰ্ষণ কৰিছে ।"

তেওঁ লগতে কয় যে বিগত দুবছৰ ধৰি দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা নিৰ্বাচনে চৰকাৰী প্ৰতিশ্ৰুতি আৰু ভোটৰ ফলাফলৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক প্ৰতিফলিত কৰিছে । বিষয়াগৰাকীয়ে কয়, "পূৰ্বতে নিৰ্বাচনৰ সময়ত ভোটাৰৰ মাজত গোপনে বিনামূলীয়া সামগ্ৰী বিতৰণ কৰা হৈছিল । এতিয়া সন্মুখৰ দুৱাৰেদি মুকলিকৈ কৰা হৈছে । এইটোৱে বেয়া পৰম্পৰা আৰম্ভ কৰিছে আৰু ইয়াৰ সংস্কাৰৰ প্ৰয়োজন আছে ।"

ৰাজীৱে লগতে কয় যে কিশোৰৰ জে এছ পিয়ে এন ডি এৰ ভোটৰ শতকাৰ হাৰত প্ৰভাৱ পেলাইছে যদিও ইয়াৰ বিশেষ লাভ নহ'ল । হয়তো এন ডি এৰ ভোটৰ শতকৰা হাৰ আৰু আসনৰ সংখ্যা অলপ বেছি হ'লহেঁতেন ৷

ইণ্ডিয়া ব্লকত আৰ জে ডিৰ ভোটৰ শতকৰা হাৰ ২০২০ চনৰ নিৰ্বাচনত ২৩.১১ শতাংশৰ তুলনাত ২৩ শতাংশতে আছে । এইবাৰ ১৪৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে যোৱাবাৰ ১৪৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু এন ডি এৰ অধিক শক্তিশালী প্ৰদৰ্শনৰ বাবে আসনৰ সংখ্যা ৭৫ খনৰ পৰা ২৫ খনলৈ হ্ৰাস পালে ।

এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ বিহাৰৰ সমন্বয়ক ৰাজীৱ কুমাৰে কয়, "আৰ জে ডিৰ প্ৰদৰ্শনে দেখুৱাইছে যে তেওঁলোকে নিজৰ মুছলমান – যাদৱ ভোটৰ ভিত্তি ৰক্ষা কৰিবলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিলেও ইয়াৰ বিশেষ লাভ নহ'ব বুলিও ইংগিত দিয়ে ।"

আনহাতে কংগ্ৰেছে ৮.৭১ শতাংশ ভোটৰ শতকাৰ হাৰেৰে ৬১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । ২০২০ চনত ৭০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ইয়াৰ ভোটৰ শতকৰা হাৰ আছিল ৯.৪৮ শতাংশ । পূর্বে নির্বাচনত জয়ী হোৱা আসনৰ সংখ্যা ১৯ৰ পৰা ৬ খনলৈ হ্রাস পাইছে ৷

বাওঁপন্থী দলসমূহে এইবাৰ ৩৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁলোকৰ মুঠ ভোটৰ শতকৰা হাৰ ৪.১৮ শতাংশ । চি পি আই এম এলে ২.৮৪ শতাংশৰে আগবাঢ়ি আছে । ২০২০ চনত তেওঁলোকৰ এই হাৰ আছিল ৪.৬৪ শতাংশ । অৱশ্যে যোৱাবাৰৰ ১৬ খন আসনৰ তুলনাত এইবাৰ ৩ খনলৈ হ্ৰাস পাইছে ।

ভি আই পিয়ে ১২ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখনো আসন লাভ কৰিব নোৱাৰিলে আৰু ভোটৰ শতকৰা হাৰ আছিল ১.৩৭ শতাংশ । ইয়াৰ মুকেশ সাহনী আছিল ইণ্ডিয়া ব্লকৰ উপ-মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী । এ আই এম আই এমে ২৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৫ খনত জয়ী হৈছে ভোটৰ শতকৰা হাৰ আছিল ১.৮৫ শতাংশ । বি এছ পিয়ে ১৩০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ এখন আসনত জয়লাভ কৰে । য'ত ভোটৰ শতকৰা হাৰ ১.৬২ শতাংশ ।

প্ৰশান্ত কিশোৰৰ জে এছ পিয়ে ২৩৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৩.৩৪ শতাংশ ভোটৰ শতকৰা হাৰৰ সৈতে এখনো আসন লাভ কৰিব নোৱৰাটো সকলোৰে বাবে আশ্চৰ্যজনক আছিল । লক্ষণীয়ভাৱে বিধানসভা নিৰ্বাচনত ভোটদান কৰাৰ সময়ত ১.৮১ শতাংশ ভোটাৰে নোটা (None Of The Above)ক বাছি লৈছিল ।

লগতে পঢ়ক :এই বিজয়ে আমাক ৰাজ্যখনক নতুন শিখৰলৈ লৈ যাবলৈ উৎসাহিত কৰিছে: প্ৰধানমন্ত্ৰী মোদী