ETV Bharat / politics

বিহাৰৰ নিৰ্বাচনৰ ফলাফলে অসমত কোনো প্ৰভাৱ নেপেলায়; বিৰোধীৰ মন্তব্য

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ বিৰোধী দলসমূহ দৃঢ়প্ৰতিজ্ঞ বুলি সদৰী কৰে অখিল গগৈয়ে ৷

Akhil Gogoi
ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (IANS)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 6:53 PM IST

4 Min Read
Choose ETV Bharat

গৌতম দেবৰয়ৰ প্ৰতিবেদন

নতুন দিল্লী: সদ্য সমাপ্ত বিহাৰ নিৰ্বাচনত ধূলিস্যাৎ হৈ পৰিছিল বিৰোধী দল ৷ বিহাৰত বিৰোধী দলৰ নেতৃত্বত গঠিত মহাজোঁটবন্ধনত মোক্ষম আঘাত হানি এন ডি এ চৰকাৰ গঠন হোৱাটো নিশ্চিত হোৱাৰ পিছতো আগন্তুক নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ ভীষ্ম প্ৰতিজ্ঞা কৰিছে অসমৰ বিৰোধী দলসমূহে ৷

আন তিনিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে অহা বছৰৰ আৰম্ভণিতে অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসমৰ আঞ্চলিক দল ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কয়, ‘‘আমি অসমত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই নিবলৈ দৃঢ়প্ৰতিজ্ঞ ।’’ তেওঁ কয় যে বিহাৰ নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনত কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে ।

‘‘অসমত বিহাৰ নিৰ্বাচনৰ কোনো প্ৰভাৱ নপৰে । কিন্তু সকলো বিৰোধী দল একত্ৰিত হৈ থিয় দিব লাগে । আচলতে তৃণমূল পৰ্যায়ৰ পৰা বিৰোধী দলৰ মাজত ঐক্য থাকিব লাগে’’ - এই মন্তব্য অখিল গগৈৰ ।

বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক পৰাস্ত কৰাৰ লক্ষ্যৰে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিগত সপ্তাহত অসমৰ প্ৰধান আঠটা বিৰোধী দলে আলোচনাত মিলিত হৈছিল ৷

কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চি পি আই (এম), চি পি আই, চি পি আই (এম এল)কে ধৰি বিৰোধী দলসমূহৰ নেতাসকলে একত্ৰিত হৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কথিত অপশাসনৰ বিৰুদ্ধে সন্মিলিতভাৱে যুঁজ দিয়াৰ সিদ্ধান্ত লয় ।

আনহাতে, অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কয়, ‘‘অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিটো বিৰোধী দলে হাত মিলাইছে ।’’ যোৱা সপ্তাহত গুৱাহাটীত সকলো বিৰোধী দলৰ সামূহিক বৈঠকত বিজেপিৰ অপশাসন আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই জনসাধাৰণৰ ওপৰত কৰা অন্যায়ৰ পৰা অসমবাসীক মুক্ত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰা হৈছিল ৷

অখিল গগৈয়ে কয়, ‘‘সভাত সিদ্ধান্ত লোৱা হ’ল যে আমি সকলোৱে একত্ৰিত হ’ব লাগে । এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে অসমৰ ৰাইজৰ আবেগক সন্মান জনাই অসমৰ সামাজিক তন্ত্ৰ ধ্বংস কৰিবলৈ কাম কৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি একেলগে যুঁজ দিম ।’’

উল্লেখ্য যে, ২০১৬ চনৰ মে’ মাহত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা বিজেপিয়ে অসমত শাসনভাৰ চম্ভালি আহিছে । সৰ্বানন্দ সোণোৱাল আছিল সেই সময়ৰ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতৃত্ব দি ১৫ বছৰীয়া কংগ্ৰেছ শাসনৰ অন্ত পেলাইছিল গেৰুৱা দলটোৱে । ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয় ।

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়, ‘‘বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পৰাই ৰাজ্যবাসী অসুবিধাৰ সন্মুখীন হৈছে । ৰাজ্য চৰকাৰে সদায় নিজৰ অপশাসনৰ বিৰুদ্ধে থিয় দিয়াসকলক লক্ষ্য কৰি লয় । বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যত ধৰ্মীয় বিভাজনৰ চেষ্টা চলাইছে ।’’ আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈও বিৰোধী দলৰ সৈতে একত্ৰিত হৈছে ভূঞা ।

আসনৰ ভাগ-বতৰাৰ সূত্ৰ সন্দৰ্ভত সোধাত ভূঞাই কয় যে বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাৰ বিষয়ে পিছত আলোচনা কৰা হ’ব । বিৰোধী দলসমূহে ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচী আয়োজন কৰি ৰাজ্যৰ চুকে-কোণে প্ৰৱেশ কৰাৰ সিদ্ধান্ত লৈছে ।

বিগত ২০২১ চনত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ১২৬ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন এন ডি এয়ে ৭৫ খন আসন লাভ কৰিছিল ৷ এই নিৰ্বাচনত বিজেপিয়ে ৬০ খন, অগপই ৯ খন আৰু ইউ পি পি এলে লাভ কৰিছিল ৬ খনকৈ আসন ৷

বিগত নির্বাচনত বিৰোধী দলৰ মিত্রতাই লাভ কৰিছিল মুঠ ৫০ খন আসন ৷ য’ত কংগ্ৰেছে ২৯ খন, এ আই ইউ ডি এফে ১৬ খন, বি পি এফে ৪ খন, চি পি আই(এম) এখন আৰু নিৰ্দলীয়ই এখন আসন লাভ কৰিছিল ।

লগতে পঢ়ক: নিৰ্বাচন আহিলে লিলি পাৰ্টীৰ সন্মিলন হয়েই : পবিত্ৰ মাৰ্ঘেৰিটা