ETV Bharat / politics

বিহাৰৰ ৰাজনীতিত 'বাজীগৰ' হোৱাৰ দিশে নীতিশ কুমাৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে । ভোটৰ শতকৰা হাৰ কম হোৱাৰ পাছতো নীতিশ কুমাৰৰ জে ডি ইউ আগবাঢ়ি থকা যেন দেখা গৈছে ।

Nitish Kumar
নীতিশ কুমাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 3:48 PM IST

3 Min Read
Choose ETV Bharat

পাটনা : বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । এতিয়ালৈকে পোহৰলৈ অহা নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিছে যে এন ডি এই বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । অৱশ্যে চূড়ান্ত ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব । সৰ্বাধিক ভোট লাভ কৰাৰ পিছতো আৰ জে ডি তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছে । ইয়াৰ বিপৰীতে জনতা দলে (ইউনাইটেড) কম ভোট লাভ কৰাৰ পিছতো এক নম্বৰ স্থানৰ বাবে প্ৰতিযোগিতাত আছে । অৱশ্যে বিজেপিও হ'ব পাৰে এক নম্বৰ দল ।

নীতিশ কুমাৰৰ জয় :

এই নিৰ্বাচনত নীতিশ কুমাৰৰ সৰ্বাধিক লাভ হোৱা দেখা গৈছে । যোৱা নিৰ্বাচনত জে ডি ইউ ৪৩ খন আসনৰ সৈতে তৃতীয় স্থানত আছিল । কিন্তু এইবাৰ ই এক নম্বৰ দল হ'ব পাৰে ! ১৮.৮৩ শতাংশ ভোট লাভ কৰা দলটোৱে ৭৫ খন আসন লাভ কৰাৰ আশা কৰা হৈছে । অৱশ্যে এইক্ষেত্ৰত বিজেপিৰ পৰা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে দলটো ।

PM Modi
প্ৰধানমন্ত্ৰী মোদী আৰু জেপি নাড্ডা (ETV Bharat)

বিজেপি হ'ব নেকি এক নম্বৰ দল ?

শেহতীয়া তথ্য অনুসৰি বৰ্তমান ভাৰতীয় জনতা পাৰ্টী আগবাঢ়ি । ২১.৫৮ শতাংশ ভোটৰ শতকৰা হাৰৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে । যোৱাবাৰ ৭৪ খন আসন লাভ কৰাৰ বিপৰীতে এই নিৰ্বাচনত ৮৫ খনতকৈও অধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে ।

Vote share
নিৰ্বাচন আয়োগৰ তথ্য (ECI)

আৰ জে ডিৰ আটাইতকৈ বেছি লোকচান :

২০২০ চনত ৭৫ খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হোৱা আৰ জে ডি আসনৰ ক্ষেত্ৰত এইবাৰ তৃতীয় স্থানলৈ অৱনমিত হৈছে । কিন্তু ভোটৰ শতকৰা হাৰৰ ক্ষেত্ৰত ই এক নম্বৰ দল হৈয়ে আছে, ২২.৯৮ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে ।

tejashwi yadav
তেজস্বী যাদৱ (ETV Bharat)

কোনে পালে কিমান ভোট ?

এন ডি এৰ মিত্ৰ দলসমূহৰ ভিতৰত বিজেপিয়ে ২১.৫৮ শতাংশ, জে ডি ইউয়ে ১৮.৮৩ শতাংশ, এল জে পিয়ে ৫.৩৭ শতাংশ, এইছ এ এম পাৰ্টী আৰু আৰ এল এমে প্ৰায় ১-২ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে । মহাজোঁটবন্ধন সন্দৰ্ভত আৰ জে ডিয়ে ২২.৯৮ শতাংশ, কংগ্ৰেছে ৮.১৫ শতাংশ, চি পি আয়ে(এমএল) ৩.২৩ শতাংশ, চি পি আয়ে ০.৬৩ শতাংশ আৰু চি পি এমে ০.৫৯ শতাংশ লাভ কৰে ।

Amit Shah
অমিত শ্বাহ (ETV Bharat)

২০০ ৰ কাষ চাপিছে এন ডি এ :

নিৰ্বাচনৰ ফলাফলৰ ধাৰাই স্পষ্টভাৱে ইংগিত দিছে যে এন ডি এ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে বিহাৰত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । এন ডি এই প্ৰায় ২০০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । বিজেপি আৰু জে ডি ইউ ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে আৰ জে ডি তৃতীয় স্থানত থকাৰ সম্ভাৱনা আছে । ঠিক ২০১০ চনৰ দৰেই আৰ জে ডিৰ প্ৰদৰ্শন অতি বেয়া হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :আত্মবিশ্বাসে চুইছে আকাশ, বিজয় উদযাপনৰ বাবে ৫০০ কিলোগ্ৰামতকৈ অধিক লাড়ু সাজু