২৪৩খন বিধানসভাৰ আসনত ঐতিহাসিক ভোটদান; নিৰ্বাচন আয়োগৰ প্ৰশংসা
বিহাৰত দুয়োটা পৰ্যায়ৰ গড় ভোটদানৰ হাৰ ৬৬.৯০% । দ্বিতীয় পৰ্যায়ত মুঠ ৩.৭ কোটি ভোটাৰে ৪৫,৩৯৯ টা ভোটকেন্দ্ৰত সাব্য়স্ত কৰে ভোটাধিকাৰ ।

Published : November 12, 2025 at 11:57 AM IST
পাটনা : বিহাৰ বিধানসভা নিৰ্বাচনৰ মঙলবাৰে অন্ত পৰিল । ৰাজ্য়খনৰ ২৪৩খন আসনৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ মঙলবাৰে ভোটদান সম্পূৰ্ণ হয় । অহা ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা । ইয়াৰ পূৰ্বে মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে এক সংবাদমেলত ভোটদানৰ হাৰ সন্দৰ্ভত কৰিলে মন্তব্য় । মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে কয় যে চূড়ান্ত পৰ্যায়ত অভিলেখ সংখ্য়ক ৬৮.৭৯% ভোটাৰে ভোটদান কৰিছে ।
এই পৰ্যন্ত দুয়োটা পৰ্যায়ৰ গড় ভোটদানৰ হাৰ ৬৬.৯০% । এই সংখ্যা পূৰ্বৰ বিধানসভা নিৰ্বাচনতকৈ প্ৰায় ৯.৬% বেছি বুলি উল্লেখ কৰে মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে । মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে এই সন্দৰ্ভত কয়, "দ্বিতীয় পৰ্যায়ত মুঠ ৩.৭ কোটি ভোটাৰে ৪৫,৩৯৯ টা ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্য়স্ত কৰে । অৱশ্য়ে নিৰ্বাচন আয়োগে এতিয়াও ২০০০ টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা তথ্য লাভ কৰা নাই । এই তথ্য় লাভ কৰাৰ পিচত সামগ্ৰিকভাৱে ভোটাৰৰ ভোটদানৰ হাৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । প্ৰথম পৰ্যায়ত মহিলা ভোটাৰৰ অংশগ্ৰহণ ৬৯.০৪% আৰু পুৰুষ ভোটাৰৰ ভোটদানৰ হাৰ আছিল ৬১.৫% ।"
মুখ্য নিৰ্বাচনী বিষয়া গুঞ্জিয়ালে কয় যে এইবাৰৰ নিৰ্বাচনত ভোটদান আছিল শান্তিপূৰ্ণ । কোনো হিংসাত্মক কাণ্ড সংঘটিত হোৱা নাই বুলিও বিষয়াগৰাকীয়ে কয় । তেওঁ লগতে কয় যে ভোটাৰ আৰু প্ৰশাসনিক বিষয়াসকলে অনুশাসিতভাৱে সহযোগিতা আগবঢ়াইছিল । সেইবাবেই নিৰ্বাচনী প্ৰক্ৰিয়া সফলভাৱে সমাপ্ত হোৱা বুলি কয় মুখ্য নিৰ্বাচনী বিষয়াই ।
ভোটদানৰ পোনপটীয়া সম্প্ৰচাৰ :
ৰাজ্য়খনত প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰিলে । মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এই পৰীক্ষা সম্পূৰ্ণ সফল হোৱাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা বৃদ্ধি কৰা বুলি উল্লেখ কৰি কয়, "এতিয়ালৈকে সমগ্ৰ ৰাজ্যতে ১২৭ কোটি টকা জব্দ কৰা হৈছে । তদুপৰি ৭৮ কোটি টকা মূল্যৰ সুৰা আৰু ড্ৰাগছ আদিও জব্দ কৰা হৈছে ।
ভোট বৰ্জনৰ ৩৫টা গোচৰ :
মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে কয় যে দুয়োটা পৰ্যায়ৰ ৩৫টা ভোটকেন্দ্ৰত ভোট বৰ্জনৰ গোচৰ সংঘটিত হৈছে । ইয়াৰে দ্বিতীয় পর্যায়ত ২৯টা গোচৰ ৰুজু হৈছে ৷ ভি টি আৰ অঞ্চলত সৰ্বাধিক ভোট বৰ্জনৰ বাতৰি পোৱা গৈছে, য’ত ১৮টা বুথত ভোটদানৰ পৰা বিৰত থাকে । ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ আয়োগে এই গোচৰসমূহৰ তদন্ত আৰম্ভ কৰিছে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে ।
ইভিএমৰ জিপিএছ ট্ৰেকিঙে স্বচ্ছতা বৃদ্ধি কৰে :
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে সকলো ভোটকেন্দ্ৰলৈ প্ৰেৰণ কৰা ইভিএম জিপিএছ ব্যৱহাৰ কৰি ট্ৰেক কৰা হৈছিল । ইয়াৰ ফলত কোনো ধৰণৰ অনিয়ম বা পলম হোৱাৰ সংখ্য়া হ্ৰাস পায় । যিবোৰত অভিযোগ উত্থাপিত তাতেই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বুলিও কয় মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ।
নক্সাল প্ৰভাৱিত অঞ্চলত ভোটগ্ৰহণ :
এডিজিৰ মুখ্য কাৰ্যালয়ৰ কুন্দন কৃষ্ণণে সংবাদমেলত কয় যে এইবাৰ এনে বহুতো ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে য’ত বিগত দুটা দশক ধৰি নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল । জামুই, গয়া আৰু ৰোহতাছ জিলাৰ বহু বুথ নক্সাল প্ৰভাৱিত অঞ্চলত প্ৰথমবাৰৰ বাবে শান্তিপূৰ্ণভাৱে ভোটদান কৰা হয় । কুন্দন কৃষ্ণণে কয় যে নক্সালবাদ এতিয়া কাৰ্যতঃ শেষ হৈছে আৰু জনসাধাৰণে নিৰ্ভয়ে ভোটদান কৰিছে । আনকি নক্সালবাদীৰ পত্নীসকলেও বুথলৈ গৈ ভোটদান কৰা বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ।
"যোৱা ২৪ ঘণ্টাত ৬৯০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মুঠ ৯৯০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ উপৰি ৮৪৪ বিধ অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু এটা মিনি গান কাৰখানা জব্দ কৰা হৈছে । কিছুমান অঞ্চলত বিচ্ছিন্ন কাণ্ড সংঘটিত হৈছিল যদিও আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছিল ।"এডিজিয়ে এইদৰে কয় ।
বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৬৮.৮১ শতাংশ ভোটদান; মহিলা ভোটাৰে লৈছে নিৰ্ণায়ক ভূমিকা

