ETV Bharat / politics

পলকতে বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: ৩.৭ কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১৩০০ ৰো অধিক প্ৰাৰ্থীৰ

দেওবাৰে সামৰণি পৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পর্যায়ৰ প্রচাৰৰ ৷ ১১ নৱেম্বৰত ১২২ খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷

BIHAR ELECTION 2025
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 10, 2025 at 12:03 AM IST

6 Min Read
Choose ETV Bharat

পাটনা: দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ দিশে আগবাঢ়িছে বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ ৷ দেওবাৰে সন্ধিয়া ৬ বজাত সামৰণি পৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ ।

এতিয়া মাথোঁ ৪৮ ঘণ্টাৰ পিছত প্ৰায় তেৰশৰো অধিক প্ৰাৰ্থীৰ হ’ব ভাগ্য পৰীক্ষা ৷ সকলোৰে দৃষ্টি আবদ্ধ আছে ১১ নৱেম্বৰৰ দিনটোত ৷ উক্ত দিনা ২০ খন জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ১৪ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফল ।

দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ অন্তত ১,৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ’ব । গয়া, ভগলপুৰ, মধুবনী, কাটিহাৰ, পূৰ্ণিয়া, পশ্চিম চম্পাৰণকে ধৰি ২০ খন জিলাৰ হাজাৰ হাজাৰ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ১২২ টা বিধানসভা সমষ্টিৰ ভিতৰত ১০১ টা সাধাৰণ, ১৯ টা অনুসূচিত জাতি(SC) আৰু দুটা অনুসূচিত জনজাতি(ST) ৰ বাবে সংৰক্ষিত ।

নিৰ্বাচনী প্ৰাৰ্থীসকল

মুঠ ১,৭৬১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পিছত ১,৩৭২ খন মনোনয়ন পত্ৰ বৈধ বুলি স্বীকৃতি দিয়া হয় ৷ বিপৰীতে ৭০ গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে মনোননয়ন ৷ ফলস্বৰূপে দ্বিতীয় পৰ্যায়ত মুঠ ১,৩০২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাতো নিশ্চিত হৈ পৰে । প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ ভিতৰত ১,১৬৫ জন পুৰুষ, ১৩৬ গৰাকী মহিলা আৰু এজন তৃতীয় লিংগৰ প্ৰাৰ্থী আছে ৷

আমোদজনকভাৱে ৪৬২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১০৯ টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছে । প্ৰতিটো সমষ্টিত গড় প্ৰাৰ্থীৰ সংখ্যা ১১ গৰাকী । ইয়াৰে সৰ্বাধিক (২২ জনকৈ) প্ৰাৰ্থী চৈনপুৰ, গয়া টাউন আৰু চাচাৰাম সমষ্টিৰ, সৰ্বনিম্ন (পাঁচজনকৈ) প্ৰাৰ্থী বনমখী(অনুসূচিত জাতি), চানপতিয়া, লৌৰিয়া, ৰক্সাউল, সুগাউলী আৰু ত্ৰিবেণীগঞ্জ(অনুসূচিত জাতি) আসনৰ ।

দল অনুসাৰে প্ৰতিদ্বন্দ্বিতা

প্ৰতিদ্বন্দ্বিতা বহুকোণীয়া হোৱাৰ আশা কৰা হৈছে ৷ প্ৰতিটো ডাঙৰ দলে বৃহৎসংখ্যক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এই নিৰ্বাচনত ।

  • বিজেপি: 53 গৰাকী প্ৰাৰ্থী
  • জে ডি(ইউ): 44 গৰাকী প্ৰাৰ্থী
  • আৰ জে ডি: 71 গৰাকী প্ৰাৰ্থী
  • কংগ্ৰেছ(আই এন চি): 37 গৰাকী প্ৰাৰ্থী
  • জন সূৰজ পাৰ্টী(জে এছ পি): 120 গৰাকী প্ৰাৰ্থী
  • বিকাশশীল ইনচান পাৰ্টী(ভি আই পি): 7 গৰাকী প্ৰাৰ্থী
  • চি পি আই(এম-এল): 6 গৰাকী প্ৰাৰ্থী
  • এল জে পি(ৰামবিলাস): 15 গৰাকী প্ৰাৰ্থী
  • নিৰ্দলীয়: 462 গৰাকী প্ৰাৰ্থী
  • অন্যান্য: 487 গৰাকী প্ৰাৰ্থী

মহিলা প্ৰাৰ্থী

বিহাৰৰ নিৰ্বাচনী পৰিৱেশত মহিলাসকলে নিজৰ উপস্থিতি অনুভৱ কৰি আহিছে । মুঠ ১,৩০২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৩৬ গৰাকী মহিলা, যিটো মুঠ প্ৰাৰ্থীৰ প্ৰায় ১০ শতাংশ । ৰাজনৈতিক দলসমূহৰ ভিতৰত আৰ জে ডিত ১৩ গৰাকী, জে ডি ইউৰ ৯ গৰাকী, বিজেপিৰ ১০ গৰাকী, আই এন চিৰ দুগৰাকী আৰু জে এছ পিৰ ১২ গৰাকী মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

প্ৰাৰ্থীসকলৰ বয়স আৰু শিক্ষাগত অৰ্হতা

প্ৰাৰ্থীসকল ২৫ বছৰৰ পৰা ৮৮ বছৰ বয়সৰ ভিতৰত হ’ব লাগিব ৷ আটাইতকৈ বয়সীয়াল প্ৰাৰ্থীগৰাকী হৈছে ধমদহাৰ ৮৮ বছৰীয়া আৰ জে ডি নেতা ভগৱান মাৰেয়া ।

আনহাতে, আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থীসকলৰ বয়স ২৫ বছৰ, যিয়ে নিৰ্দলীয়, জে জে পি, আপ, বি এছ পি, আৰ এল জে পি, আই এন চি, কে এছ ডিকে ধৰি বিভিন্ন দলক প্ৰতিনিধিত্ব কৰিছে ।

গৰিষ্ঠসংখ্যক প্ৰাৰ্থীয়ে ৩১-৬০ বছৰৰ বয়সৰ ভিতৰত, যিয়ে নিৰ্বাচনী দৌৰত যুৱক-যুৱতী আৰু অভিজ্ঞতাৰ সংমিশ্ৰণ প্ৰদৰ্শন কৰিছে ।

শিক্ষাৰ গোটবিশ্লেষণ কৰা প্ৰাৰ্থীৰ সংখ্যা
অশিক্ষিত9
শিক্ষিত117
দশম উত্তীৰ্ণ154
দ্বাদশ উত্তীৰ্ণ291
স্নাতক297
স্নাতকোত্তৰ180
ডক্টৰেট ডিগ্ৰী37

ধৰ্মীয় প্ৰতিনিধিত্ব

বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১২ গৰাকী মুছলমান মহিলা(৫.৯৭ শতাংশ) কে ধৰি ২০১ গৰাকী মুছলমান প্ৰাৰ্থী আছে । দলসমূহৰ ভিতৰত এ আই এম আই এমত ১৮ গৰাকী মুছলমান প্ৰাৰ্থী, জে এছ পিত ২০ গৰাকী, আৰ জে ডিত ১২ গৰাকী আৰু আই এন চিত ৯ গৰাকী মুছলমান প্ৰাৰ্থী আছে । মুছলমান প্ৰাৰ্থীসকলৰ সৰ্বাধিক ঘনত্ব কাটিহাৰ(৩২), কিষাণগঞ্জ(২৫), আৰৰিয়া(২৩) আৰু পূৰ্ণিয়া(২৩) জিলাত দেখা গৈছে ।

অপৰাধমূলক পটভূমিৰ প্ৰাৰ্থী

বিহাৰৰ নিৰ্বাচনে ৰাজনীতিক অপৰাধমূলক কৰি তোলাৰ সৈতে ৰাজ্যৰ সংগ্ৰামৰ প্ৰতিফলন ঘটায় । বিশ্লেষণ কৰা ১,২৯৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪১৫(৩২ শতাংশ) গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ ৷ বিপৰীতে ৩৪১(২৬ শতাংশ) গৰাকী প্ৰাৰ্থীয়ে গুৰুতৰ অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈছে ৷

হত্যাৰ সৈতে জড়িত গোচৰ থকা প্ৰাৰ্থী হৈছে ১৯ গৰাকী (আই পি চি ধাৰা ৩০২/৩০৩), মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় অভিযোগৰ সন্মুখীন হোৱা প্ৰাৰ্থী হৈছে ৫২ গৰাকী আৰু ধৰ্ষণৰ গোচৰত তিনিগৰাকী প্ৰাৰ্থীক দোষী (আই পি চি ধাৰা ৩৭৬) সাব্যস্ত কৰা হৈছিল ।

উদ্বেগজনকভাৱে ১২২ টা সমষ্টিৰ ভিতৰত ৭৩ টা(৬০ শতাংশ) সমষ্টিক ৰেড এলাৰ্ট সমষ্টি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, য’ত তিনিজন বা তাতকৈ অধিক প্ৰাৰ্থীৰ নাম অপৰাধমূলক গোচৰত সাঙোৰ খাইছে ৷

প্ৰাৰ্থীসকলৰ সম্পত্তি

মুঠ ৫৬২ গৰাকী প্ৰাৰ্থীয়ে(৪৩ শতাংশ) হৈছে কোটিপতি । এই পৰ্যায়ৰ আটাইতকৈ ধনী প্ৰাৰ্থী হৈছে লৌৰিয়াৰ ৰণকৌশল প্ৰতাপ সিং(ভি আই পি), যাৰ আছে ৩৫৬ কোটি টকাৰ সম্পত্তি ৷ তেওঁৰ পিছতে গুৰুৱাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিতীশ কুমাৰ(আৰ এল জে পি) ২৫০ কোটি টকা আৰু বেলাগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মনোৰমা দেৱী(জে ডি ইউ)ৰ আছে ৭৫ কোটিৰো অধিক সম্পত্তি ৷

আন আন কোটিপতিসকলৰ ভিতৰত আছে ৭০ কোটি টকাৰে নৰকটিয়াগঞ্জৰ দীপক যাদৱ আৰু শ্বেওহৰৰ নিৰাজ সিং(জে এছ পি) ৷

আনহাতে, পিৰপাইণ্টীৰ সুনীল কুমাৰ চৌধাৰী(বি এছ পি)য়ে তেওঁৰ kোনো ধৰণৰ ধন-সম্পত্তি নাই বুলি দাবী কৰাৰ বিপৰীতে ৱাজিৰগঞ্জৰ সুৰেশ ৰাজবংশী(এম এছ পি) য়ে তেওঁৰ বাৰ্ষিক আয় মাত্ৰ ১,১০০ টকাহে বুলি কয় ৷

ক্ষেত্ৰীয় বিৱৰণ

সমষ্টি অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত মগধত আছে সৰ্বাধিক ৩১৫ গৰাকী প্ৰাৰ্থী ৷ তাৰপিছতে তিৰহুত(২৬৩), পূৰ্ণিয়া(২৫২) আৰু পাটনাত(১৪৩) গৰাকী প্ৰাৰ্থী থকা দেখা গৈছে ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি

প্ৰচাৰ অভিযান শেষ হোৱাৰ লগে লগে বিহাৰবাসীয়ে অপেক্ষা কৰিছে ১১ নৱেম্বৰলৈ ৷ উক্ত দিনত ২০ খন জিলা আৰু ১২২ টা সমষ্টিৰ ভোটাৰে ১৩০০ ৰো অধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ, এল জে পি (ৰামবিলাস)ৰ মুৰব্বী চিৰাগ পাছোৱানকে ধৰি ৰাজনৈতিক তাৰকাসকলে বিগত কিছুদিনত বিহাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভোটাৰৰ মন আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ৷

ভাৰতীয় নিৰ্বাচন আয়োগে আদৰ্শ আচৰণ বিধি কঠোৰভাৱে বলৱৎ কৰাৰ কথা ৰাজনৈতিক দলসমূহক সোঁৱৰাই দিয়াৰ সমান্তৰালভাৱে ভোটাৰসকলক দলে-বলে আহি ভোটদান কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ সংখ্যত ৬৫.০৮% ভোটদান