মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অভিনন্দন ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ !
বিহাৰৰ নিৰ্বাচনত নিৰ্বাচন আয়োগৰ গোপন বুজাবুজিৰ অভিযোগ কংগ্ৰেছৰ ।

Published : November 14, 2025 at 9:57 PM IST
ৰায়পুৰ: বিহাৰৰ নির্বাচনী ফলাফলক কেন্দ্ৰ কৰি এন ডি এ আৰু মিত্র দলসমূহে বিজয়োৎসৱ পালন কৰি থকাৰ সময়তে কংগ্রেছে বিজেপি আৰু নির্বাচন আয়োগক আক্রমণ কৰে ৷ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বিহাৰৰ বিজয়ৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্তক অভিনন্দন জ্ঞাপন কৰে ।
নিৰ্বাচন আয়োগ বিজেপিৰ শ্ৰেষ্ঠ মিত্ৰ
ছ’চিয়েল মিডিয়া একাউণ্ট এক্সত ভূপেশ বাঘেলে লিখিছে, ‘‘বিহাৰৰ নিৰ্বাচনত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ জয়ৰ বাবে অভিনন্দন । আপুনি বহুত কষ্ট কৰিলে । আপুনি ৬৪ লাখ ভোটাৰৰ নাম কৰ্তন কৰিলে । ১৬ লাখ নতুন ভোটাৰে আবেদন কৰিলে আৰু আপুনি ২১ লাখ নতুন নাম যোগ কৰিলে । জালিয়াতিৰ ওপৰত জালিয়াতি, অগণন প্ৰৱঞ্চনা । বিজেপিয়ে আপোনালোকতকৈ ভাল মিত্ৰ বিচাৰিব নোৱাৰিলেহেঁতেন ।’’
নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন
নিৰ্বাচন আয়োগতকৈ ভাল মিত্ৰ বিজেপিয়ে বিচাৰি নাপালেহেঁতেন বুলি কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে অহৰহ প্ৰশ্ন উত্থাপন হোৱাৰ পিছতো নিৰ্বাচন আয়োগ মৌন হৈ আছে, যাৰ ফলত জনবিশ্বাস ভংগ হৈছে । বাঘেলে উল্লেখ কৰে যে গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাই সৰ্বোচ্চ ৷ কিন্তু বিহাৰৰ নিৰ্বাচনত যি ছবিৰ উন্মেষ ঘটিল, সেই ছবিখনে স্পষ্টভাৱে প্ৰমাণ কৰে যে প্ৰক্ৰিয়াটো স্বচ্ছ নাছিল । ভোটাৰ তালিকাত সংঘটিত অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
मुख्य चुनाव आयुक्त ज्ञानेश कुमार को बिहार चुनाव में जीत की बधाई।
— Bhupesh Baghel (@bhupeshbaghel) November 14, 2025
आपने बहुत मेहनत की।
64 लाख मतदाताओं के नाम काटे।
16 लाख नए मतदाताओं ने आवेदन किया आपने 21 लाख नए नाम जोड़ लिए।
धांधली पर धांधली। बेहिसाब धांधली।
भाजपा को आपसे अच्छा सहयोगी नहीं मिल सकता।
ইফালে ছত্তীশগড় কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ ৰাজ্যিক সভাপতি সুশীল আনন্দ শুক্লায়ো নিৰ্বাচন আয়োগক পোনপটীয়াকৈ আক্ৰমণ কৰি কয়, ‘‘যেতিয়া আয়োগে নিজেই শাসকীয় দলৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, তেতিয়া বিহাৰৰ দৰেই ফলাফল দেখা পাব । নিৰপেক্ষ বুলি দাবী কৰা আয়োগে এতিয়া জনসাধাৰণৰ আস্থা হেৰুৱাই পেলাইছে ।’’
আদৰ্শ আচৰণ বিধি কাৰ্যকৰী কৰাৰ পিছত মহিলাসকলক ১০ হাজাৰ টকা দিয়াৰ ঘোষণাক লৈ উত্থাপিত প্ৰশ্ন
সুশীল আনন্দ শুক্লাই এটা বৃহৎ অভিযোগ উত্থাপন কৰি কয় যে আদৰ্শ আচৰণ বিধি কাৰ্যকৰী কৰাৰ পিছতো মহিলাসকলৰ একাউণ্টত ১০ হাজাৰ টকা জমা কৰাৰ ঘোষণা কৰা হৈছিল আৰু সেই ধনো প্ৰেৰণ কৰা হৈছিল । কংগ্ৰেছে কয় যে এয়া প্ৰত্যক্ষ নিৰ্বাচনী সুবিধা লাভৰ প্ৰয়াস আছিল আৰু সেইদিনা নিৰ্বাচন বন্ধ কৰিব লাগিছিল, কিন্তু সেয়া নহ’ল ।
SIR ৰ নামত লাখ লাখ ভোট কৰ্তন
কংগ্ৰেছ দলে দাবী কৰিছে যে SIR (Special Revision) প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ জৰিয়তে লাখ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছিল । সুশীল আনন্দ শুক্লাই কয় যে এই প্ৰক্ৰিয়া সম্পূৰ্ণ একপক্ষীয় আৰু পদ্ধতিগত আছিল, যাৰ ফলত ফলাফলত প্ৰভাৱ পৰিছিল । তেওঁ অভিযোগ কৰে যে বিহাৰৰ ফলাফল “গণতন্ত্ৰৰ হত্যাৰ অন্ত্যেষ্টিক্ৰিয়া” আছিল, যিটো এতিয়া সমগ্ৰ দেশেই প্ৰত্যক্ষ কৰিছে ।
"যি ফলাফল আহিল সেয়া ৰাইজৰ পছন্দ নাছিল, চৰকাৰৰ পছন্দ আছিল"
কংগ্ৰেছৰ নেতাসকলে কয় যে নিৰ্বাচনৰ ফলাফল জনসাধাৰণৰ আবেগ আৰু নীতিসমূহৰ সৈতে সম্পূৰ্ণ বিৰোধী । দলটোৱে এই ফলাফলৰ কাৰণ নিৰ্বাচনী যন্ত্ৰৰ ভূমিকা, ভোটৰ ৰিগিং, ধন ক্ষমতাৰ অত্যধিক ব্যৱহাৰ বুলি দাবী কৰে ৷
লগতে পঢ়ক: এই বিজয়ে আমাক ৰাজ্যখনক নতুন শিখৰলৈ লৈ যাবলৈ উৎসাহিত কৰিছে: প্ৰধানমন্ত্ৰী মোদী

