ETV Bharat / politics

২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই

মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ কংগ্ৰেছত দীঘলীয়া অৱদানৰ প্ৰশংসা কৰি তেওঁক এক প্ৰতিশ্ৰুতিবদ্ধ তৃণমূল নেতা বুলি অভিহিত কৰে ।

Bhupen Borah to join BJP
ভূপেন বৰাক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 18, 2026 at 12:07 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ পৰৱৰ্তী ঠিকনা নিশ্চিত হ'ল । ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই । সোমবাৰে পুৱা ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰি কংগ্ৰেছ ত্যাগ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধ‍ায়ক ভূপেন বৰাই । তাৰ পিছতেই কংগ্ৰেছ দলত লাগিছিল হাহাকাৰ । সকলো নেতা দৌৰি আহিছিল ভূপেন বৰাৰ ঘৰলৈ । চেষ্টা কৰিছিল বুজনিৰ ।

গৌৰৱ গগৈ, জিতেন্দ্ৰ সিঙকে ধৰি দলীয় শীৰ্ষ নেতৃত্বৰ বুজনিৰ পাছত ভূপেন বৰাই সময় লৈছিল যদিও পদত্যাগ পত্র উঠাই লোৱা নাছিল । কিন্তু অৱশেষত মঙলবাৰে নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক সাক্ষাৎ কৰাৰ পিছতে সকলো উৎকণ্ঠাৰ অৱসান ঘটিল । মঙলবাৰে নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসগৃহত উপস্থিত হৈ দীঘলীয়া সময় আলোচনাত মিলিত হয় । আলোচনাৰ অন্তত ভূপেন বৰাৰ বাসগৃহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে ভূপেন বৰাই বিজেপি যোগদানৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীয়ে কয়, "২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব । ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছী নেতা-কৰ্মীয়ে যোগ দিব বিজেপিত । যোগদানৰ সময় আৰু স্থান বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঠিক কৰিব ।"

Bhupen Borah to join BJP
ভূপেন বৰাক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কয়, "কংগ্ৰেছত থাকিও ভূপেন বৰাই অসমৰ খিলঞ্জীয়া লোকৰ বাবে কাম কৰি আহিছে । তেওঁ বহু কষ্ট পাইহে বিজেপিত আহিছে । ভূপেন বৰাই দৰদাম কৰি বিজেপিত যোগ দিয়া নাই । যথাযোগ্য সন্মান ভূপেন বৰাক দিয়া হ'ব বিজেপিত । ভূপেন বৰাৰ বাবে অসমত সমষ্টিৰ অভাৱ নাই । ভূপেন বৰা বিজেপিৰ এজেন্ট নাছিল । ভূপেন বৰাৰ উদ্যোগত লখিমপুৰত হ'ব বিশাল যোগদান কাৰ্যসূচী । যোৱানিশাই তেওঁ বিজেপিত যোগদানৰ সিদ্ধান্ত হৈছিল । ইতিমধ্যে তেওঁৰ যোগদানত বিজেপিৰ ৰ‍াষ্ট্ৰীয় সভাপতিয়ে সন্মতি জনাইছে ।" ভূপেন বৰাক কাষত বহুৱাই মুখ্যমন্ত্ৰীয়ে কয়, "ভূপেন বৰাই কালিয়েই মোক ফোনত কৈছিল বিজেপিত যোগদান কৰিব বুলি । ভূপেন বৰাৰ কাৰণে বিজেপিত ভাল সমষ্টিৰ অভাৱ নাই । লাগিলে জালুকবাৰী সমষ্টি আছে । মই আশা কৰোঁ ভূপেন বৰাই বিজেপিলৈ আহি ভাল পাব ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "আজি ৰাজনীতিৰ কথা ইমান পতা নাই । কাইলৈ কোনোবা এটা সময়ত বহি কথা পাতিম । ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে যোগদান কৰিব । ভূপেন বৰা কংগ্ৰেছৰ অন্তিমজন স্বীকৃত হিন্দু নেতা । প্ৰদ্যুৎ বৰদলৈ হিন্দু নেতা যদিও তেওঁ জয়ী হৈছে ৯০ শতাংশ অন্য সম্প্ৰদায়ৰ পৰা । ভূপেন বৰাৰ ৰাজনীতি অসমীয়া মানুহক লৈ । তেওঁ স্বীকৃতি কংগ্ৰেছ দলৰ শেষৰজন হিন্দু নেতা । এইটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান । কংগ্ৰেছত থাকিও ভূপেন বৰাৰ অসমীয়া মানুহৰ বাবে কাম কৰি আছিল ।"

Bhupen Borah to join BJP
ভূপেন বৰাক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কয়, "ভূপেন বৰাই জালুকবাৰীত খেলিলেও হ'ব । জিকা-হাৰা ৰাইজে কৰিব । ভূপেন বৰাই নিৰ্বাচন খেলিবৰ বাবে সমষ্টিৰ অভাৱ নাই । তেওঁৰ লগত আসনৰ আলোচনা কৰা নাই । তেওঁ বিজেপিত যোগদান বিধায়ক হোৱাৰ বাবে কৰা নাই । কালিৰ দিনটোত ভূপেন বৰাই যি বিচাৰিলে কংগ্ৰেছে দিলে হয় । তেওঁ আসনৰ বাবে অহা নাই । কষ্ট পাই আহিছে । গতিকে যেনে আলোচনাৰ কথা নাই ।"

মুখ্যমন্ত্রীয়ে কয়, "ভূপেন বৰা মোৰ এজেণ্ট নহয় । তেওঁক মই বহুত খবৰ দিছো ।"

লগতে পঢ়ক : মই APCC(R) ত নাথাকো... ! বিজেপি গমনৰ ইংগিত দি কংগ্ৰেছত থকা R ৰ আখ্যান শুনালে ভূপেন বৰাই

ৰাজনীতি ! কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই, ৰকিবুল হুছেইনে উভতি ধৰিছে মুখ্যমন্ত্ৰীক

মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী ফলিয়ালে ! কংগ্ৰেছ এৰিলে ভূপেন বৰাই