ভূপেন বৰা ইতিহাস হ'বলৈ বেছি দিন নাই : মীৰা বৰঠাকুৰ গোস্বামী
ভূপেন বৰা কোনো ফেক্টৰ নহয় । বিজেপিত ভুৱনেশ্বৰ কলিতা, ৰূপজ্যোতি কুৰ্মী, ৰাণা গোস্বামীৰ দৰে অৱস্থা হ'ব বৰাৰ । মীৰা বৰঠাকুৰৰ দাবী ।

Published : February 22, 2026 at 7:42 PM IST
গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই দেওবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । ইয়াৰ লগে লগে ভূপেন বৰাৰ বিৰুদ্ধে কংগ্ৰেছ নেতাসকল সৰৱ হৈ পৰিছে । অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও প্ৰাক্তন সতীৰ্থ ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে । পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা একাংশ নেতাৰ উদাহৰণ দি ভূপেন বৰা তেওঁলোকৰ দৰে অসমৰ ৰাজনীতিত ইতিহাস হ'ব বুলি দাবী কৰে মীৰা বৰঠাকুৰে ।
তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "ভূপেন বৰা আজিৰ তাৰিখত আমাৰ বাবে ফেক্টৰ নহয় । মোৰ বাবে এবছৰ আগৰ পৰাই ভূপেন বৰা ফেক্টৰ নহয় । ভূপেন বৰাৰ দৰে নিৰ্লজ্জ মানুহ নাই । তেওঁক কংগ্ৰেছে যথেষ্ট সুবিধা দিছিল । তেওঁক দলে অসমৰ সৰ্বোচ্চ আসনত বহুৱাইছিল । দলৰ সৰ্বোচ্চ আসনত বহি হিমন্ত বিশ্বৰ সন্মুখত কথাবোৰ লিক কৰি আছিল । খবৰ লিক কৰি থকা মেইন মানুহজন তেওঁ । তেওঁৰ দৰে সুবিধাবাদী নেতা নাই ।"
তেওঁ লগতে কয়, "বিজেপিত তেওঁৰ কি হয় চাই থাকক । ভুৱনেশ্বৰ কলিতা, ৰূপজ্যোতি কুৰ্মী, ৰাণা গোস্বামীৰ দৰে একেই অৱস্থা ভূপেন বৰাৰো হ'ব । ভূপেন বৰা ইতিহাস হ'বলৈ বেছি দিন নাই ।"
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক শিক্ষা দিব বুলি দাবী কৰি মীৰা বৰঠাকুৰে কয়, "ইমান দিনে হিমন্ত বিশ্ব শৰ্মাক গালি দি আছিল । এতিয়া হিমন্ত বিশ্ব শৰ্মাই সুধাই নেৰে । কোটি কোটি টকাও দিছে গালিও খাইছে । হিমন্ত বিশ্বই তাৰ হিচাপ নল'ব নেকি ? এতিয়া তেওঁ নিজৰ লেকামত ঘোঁৰা বান্ধি ল'লে । কেনেকৈ হিচাপ ল'ব লাগে হিমন্ত বিশ্বই ল'ব ।"
ইফালে শনিবাৰে বিজেপিৰ যুৱ মৰ্চাই ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ অহাৰ সময়ত আৰক্ষীয়ে পক্ষপাতিত্বমূলকভাৱে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰা কাৰ্যক গৰিহণা দি মীৰা বৰঠাকুৰে কয়, "ডিজিপিলৈ আমাৰ প্ৰশ্ন - অসম আৰক্ষী কাৰ ? আমি প্ৰতিবাদী সমদল উলিয়ালে আৰক্ষীয়ে বেৰিকেড দি বাধা দিয়ে । কালি আমাৰ ৰাজীৱ ভৱন ভাঙিব আহোঁতে কিয় বাধা নিদিলে ? আমাৰ ৰাতুল কলিতাক আৰক্ষীয়ে চৰিয়াইছে । কালি আৰক্ষীয়ে যি কাম কৰিলে তাক আমি গৰিহণা দিছোঁ ।" তেও আৰক্ষীলৈ বিশেষ আহ্বান জনাই কয় যে আৰক্ষীয়ে নিজৰ খাকী পোছাকৰ মৰ্যাদা ৰক্ষা কৰক ।
লগতে পঢ়ক :প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পৰিধান কৰিলে গেৰুৱা বসন: বাজেপেয়ী ভৱনত উষ্ম আদৰণি

