মই APCC(R) ত নাথাকো... ! বিজেপি গমনৰ ইংগিত দি কংগ্ৰেছত থকা R ৰ আখ্যান শুনালে ভূপেন বৰাই
সন্ধিয়া ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীৰে বৈঠকৰ পিছতেই বিজেপিত যোগদানৰ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা ভূপেন বৰাৰ ।

Published : February 17, 2026 at 2:43 PM IST
|Updated : February 17, 2026 at 3:06 PM IST
গুৱাহাটী: ৰাহুল গান্ধীয়ে ১৫ মিনিট কথা পতাৰ পিছতো কংগ্ৰেছ দলত নথকাৰ সিদ্ধান্ত অসম কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ভূপেন বৰাৰ ৷ মঙলবাৰে আবেলি ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পৰা ধাৰণা কৰা হৈছে যে বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৷ আজি মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰে সাক্ষাতৰ পিছতেই ভূপেন বৰাই বিজেপিত যোগদানৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে ।
কংগ্ৰেছ দল ত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা নকৰে বুলি চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা কৰিলে সোমবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ভূপেন বৰাই । মঙলবাৰে এই কথা স্পষ্ট কৰি ভূপেন বৰাৰ ঘোষণা,"মই APCC(R)ত থাকিব নিবিচাৰোঁ ৷" অৰ্থাৎ R মানে ৰকিবুল হুছেইন পৰিচালিত কংগ্ৰেছ দলত নাথাকে ভূপেন বৰা ৷
সোমবাৰে কংগ্ৰেছ দলৰ অসম আৰু ৰাষ্ট্ৰীয় নেতৃত্বই পদত্যাগ পুনৰ বিবেচনাৰ বাবে ভূপেন বৰাৰে তিনি ঘণ্টা বৈঠকত মিলিত হোৱাৰ উপৰিও ৰাহুল গান্ধীয়েও ১৫ মিনিট ফোন যোগে কথা পাতি ভূপেন বৰাক পদত্যাগ পত্ৰ পুনৰ বিবেচনা কৰাৰ বাবে কথা পাতিছিল ।
অসমত কংগ্ৰেছ দল এতিয়া ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাঁৰত নচা বুলি পুনৰ এবাৰ অভিযোগ তুলি ভূপেন বৰাই কৰিলে বিস্ফোৰক মন্তব্য । ভূপেন বৰাই কয়,"কংগ্ৰেছ এতিয়া দুটা ভাগত বিভক্ত । এটা হৈছে APCC আৰু আনটো হৈছে APCC(R) । মই APCC(R) কৰিব নিবিচাৰোঁ ।"
ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ কংগ্ৰেছত্যাগী ভূপেন বৰাই কয়,"অসম প্ৰদেশ কংগ্ৰেছ কমিটী এতিয়া APCC-R লৈ পৰিণত হৈছে ৷ APCC-R ত মই থাকিব নোৱাৰোঁ ৷ এতিয়া বহু জিলা সমিতিও APCC-R হৈছে, কংগ্ৰেছত চলিছে Rৰ ৰাজত্ব ৷"
লগতে, তেওঁ গঠন কৰা বিৰোধী মহাজোঁট ভাঙি কোন লাভান্বিত হ’ল বুলি প্ৰশ্ন ভূপেন বৰাৰ ৷ লগতে ভূপেন বৰাই উজাৰিলে তেওঁৰ পূঞ্জীভূত ক্ষোভ ৷ আনকি R— অৰ্থাৎ R-ৰ বাবেই ভূপেন বৰাই ২০২৪ ত উপ-নিৰ্বাচন খেলাৰ পৰা বঞ্চিত হ'ল বুলি মুকলিকৈ ক্ষোভ উজাৰে ৷ মঙলবাৰে কংগ্ৰেছ ত্যাগৰ স্থিতিত অটল থকাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে মুকলিকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু পৰৱৰ্তী সময়ত তেওঁ সন্মুখীন হোৱা পৰিস্থিতিৰ কথাও ৰাজহুৱাকৈ ক'লে ৷
ভূপেন বৰাই কয়, "মই হাইকামাণ্ডলৈ প্ৰেৰণ কৰা পত্ৰত APCC(R)ত নাথাকোঁ বুলি লিখিছোঁ । এই R শব্দটোৰ অৰ্থ কংগ্ৰেছত থকা সকলোৱে জানে আৰু হাইকামাণ্ডেও ইয়াৰ অৰ্থ বুজিব বুলি মই বিশ্বাস কৰোঁ । দলত থকা কালত মোৰ কথাৰ গুৰুত্ব নাছিল । টিভিৰ সন্মুখত মোক জ্যেষ্ঠ নেতা বুলি কয়, কিন্তু বাস্তৱত ইয়াৰ কোনো মূল্য নাই ।"
ইয়াৰ উপৰিও ভূপেন বৰাই কয়,"কংগ্ৰেছত মই সন্মুখীন হোৱা বঞ্চনাৰ বাবেই মিত্ৰদলৰ এগৰাকী নেতাই ক'ব পাৰে যে হু ইজ ভূপেন বৰা । কংগ্ৰেছৰ বাবে মই কৰা নাই কি ? কংগ্ৰেছৰ ভিতৰত বহু অন্তঃকন্দল চলি আছে। এনেকৈ হ'লে কংগ্ৰেছে শক্তিশালী যুঁজ কৰিব নোৱাৰে। এই কথা সময় থাকোতেই অনুধাৱন কৰা উচিত । মই ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ দুঃসাহস কৰিছোঁ ।”
সমান্তৰালভাৱে এইটো স্পষ্ট হৈ পৰিছে যে শীঘ্ৰেই ভূপেন বৰাৰ নতুন ঠিকনা হৈ পৰিব বিজেপি । ভূপেন বৰাই যে বিজেপিত যোগদান কৰিব সেই কথা মঙলবাৰে অসম বিধানসভা চৌহদত একপ্ৰকাৰ নিশ্চিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী শৰ্মাই কয়,"মই ভাবোঁ ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰে ৷ তেওঁ মোক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছে ৷ যদি পদত্যাগ পত্র প্রত্যাহাৰ কৰে মোক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ নজনালেহেঁতেন ! তেওঁৰ ঘৰলৈ মই সন্ধিয়া ৭ বজাত যাম, তেওঁ বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে ৷ আজি সন্ধিয়া তেওঁক ঘৰত লগ কৰাৰ পিছত জনাই দিম । যোগদান কৰিলে সোনকালে ২১-২২ ফেব্ৰুৱাৰীৰ ভিতৰত যোগদান কৰিলে ভাল হ’ব ৷ কাৰণ বিজেপিৰ মানুহবোৰৰ লগত চিনাকি হোৱাৰ বাবে সুবিধা হ'ব ৷”
উল্লেখযোগ্য যে আজি মঙলবাৰে সন্ধিয়া ৭ বজাত মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক তেওঁৰ গুৱাহাটীৰ ঘৰলৈ গৈ লগ ধৰিব । ভূপেন বৰাৰ ঘৰত বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী আৰু ভূপেন বৰাই যৌথভাৱে বিজেপিত যোগদানৰ বিষয়ে সদৰী কৰাৰ সম্ভাৱনা ৷ এক কথাত ভূপেন বৰাৰ বিজেপিত যোগদানৰ ঘোষণাৰ আনুষ্ঠানিকতাহে বাকী বুলিলেও ভুল কৰা নহ’ব ।

