হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণ থকা বাবে দেৱব্ৰত শইকীয়াকো বিজেপিলৈ নিব মুখ্য়মন্ত্ৰীয়ে
প্ৰদ্যুৎ বৰদলৈয়ে '২৯ ৰ লোকসভা নিৰ্বাচনৰ আগত আৰু দেৱব্ৰত শইকীয়া এই বিধানসভা নিৰ্বাচনৰ পিছতে বিজেপিত যোগ দিব । মুখ্য়মন্ত্ৰীৰ ভৱিষ্যদ্বাণী ৷

Published : February 16, 2026 at 7:22 PM IST
তেজপুৰ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা জেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰাই হঠাতে দলৰ পৰা পদত্যাগ কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিৰ বতাহ গৰম হৈ পৰিছে । বৰাৰ পদত্যাগৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেতবোৰ ৰাজনৈতিক ভবিষ্যদ্বাণী কৰে ।
ইয়াৰ পিছত কোন কোন জ্য়েষ্ঠ কংগ্ৰেছ নেতাই দলত্য়াগ কৰিব সেই বিষয়েও ভবিষ্যদ্বাণী কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "আগন্তুক ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ আগতে জেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব । যেতিয়া মই আপোনালোকক কৈছিলো '২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস কৰিবলৈ টান পাইছিল । আজি মই দ্বিতীয় ভবিষ্যদ্বাণী কৰিছো যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰদ্যুৎ বৰদলৈয়েও কংগ্ৰেছ দল ত্যাগ কৰিব । দেৱব্ৰত শইকীয়া এইবাৰ নিৰ্বাচনত হাৰিব । হাৰাৰ পিছত দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টীত লৈ আনিম । কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে । গতিকে নিৰ্বাচনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টীত লৈ আনিম ।"
মুখ্যমন্ত্ৰীয়ে আৰু কয়, "দেৱব্ৰত শইকীয়াও বহুত বেছি সন্তুষ্ট নহয় । তেওঁৰ কথা-বাৰ্তা আপোনালোকক মই কি ক'ম অন কেমেৰাত কোৱাটো বাদ দিয়ক অফ কেমেৰাত কি কৈ থাকেতো আপোনালোকে জানে । আৰু মোক আপোনালোকে এনেই এতিয়া সোধে, অফ কেমেৰাতো আপোনালোকক কংগ্ৰেছৰ চবেই কথা কৈয়ে থাকে ।"
আনহাতে সাংবাদিকে দেৱব্ৰত শইকীয়াৰ বিষয়টো প্ৰদ্যুৎ বৰদলৈতকৈ আগতে হ'ব নেকি বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "প্ৰদ্যুৎ বৰদলৈ '২৯ চনত হ'ব । লোকসভা নিৰ্বাচনৰ আগত । দেৱব্ৰত শইকীয়া '২৭ চনত অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ পিছত । প্ৰদ্যুৎ বৰদলৈয়ে ভূপেন বৰাতকৈও বেছি অপমান পাব । আজি মই ভবিষ্যদ্বাণী কৰিছো প্ৰদ্যুৎ বৰদলৈয়ে যিটো অপমান পাব সেইটো কোনোৱে ভাবিব নোৱৰা অপমান পাব ।"

