ETV Bharat / politics

মহানন্দ সৰকাৰে ২ কোটিত টিকট লৈ ৫ কোটিত বিক্ৰী কৰিছে : বৰপেটাত বিস্ফোৰক অভিযোগ টিকট বঞ্চিত কংগ্ৰেছীৰ

টিকট বঞ্চিত কংগ্ৰেছ নেতা তথা বৰপেটা জিলা এছ চি মৰ্চাৰ অধ্যক্ষ মানৱ কুমাৰ দাসৰ বৰপেটা প্ৰেছ ক্লাবত বিস্ফোৰক সংবাদমেল ৷

Barpeta constituency
বৰপেটা জিলা এছ চি মৰ্চাৰ অধ্যক্ষ মানৱ কুমাৰ দাসৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 6:37 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : বৰপেটাৰ প্ৰেছ ক্লাবত টিকট বঞ্চিত কংগ্ৰেছ নেতা তথা বৰপেটা জিলা এছ চি মৰ্চাৰ অধ্যক্ষ মানৱ কুমাৰ দাসে এক সংবাদমেল আয়োজন কৰি বিস্ফোৰক অভিযোগ আনে ৷ সংবাদমেলত মানৱ কুমাৰ দাসৰ প্ৰশ্ন, "বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰ বিজেপিৰ এজেণ্ট নেকি ?"

বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন নাকচৰ পিছতে বৰপেটা প্ৰেছ ক্লাবত কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থিত্ব প্ৰত্যাশী মানৱ দাসে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতৃত্বক প্ৰশ্ন কৰে, "বৰপেটা সমষ্টিত অসমীয়া যুৱকে কংগ্ৰেছ কৰিব নালাগে নেকি । বৰপেটা সমষ্টিত অসমীয়াক প্ৰাৰ্থিত্ব দিবলৈ দলৰ নেতৃত্বক দাবী জনাইছিলোঁ । পিচে কাৰ স্বাৰ্থত কোনে মহানন্দ সৰকাৰক প্ৰ'জেক্ট কৰিলে ।"

মহানন্দ সৰকাৰে ২ কোটিত টিকট লৈ ৫ কোটিত বিক্ৰী কৰিছে: বৰপেটাত বিস্ফোৰক অভিযোগ টিকট বঞ্চিত কংগ্ৰেছীৰ (ETV Bharat Assam)

আনহাতে, মহানন্দ সৰকাৰ বিজেপিৰ এজেণ্ট আছিল নেকি তাৰ তদন্তৰ দাবী কৰে টিকট বঞ্চিত কংগ্ৰেছ নেতা মানৱ দাসে । তেওঁ কয়, "টিকট প্ৰদানৰ নামত ঘোটালা হৈছে নেকি ! এনে ঘটনা কিয় হ'বলৈ পালে সেয়া তদন্ত কৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ । বৰপেটাত যদি অসমীয়া নেতা নালাগে তেন্তে প্ৰদেশ কংগ্ৰেছে কৈ দিয়ক, আমি কংগ্ৰেছ নকৰোঁ । কংগ্ৰেছ কৰ্মীসকলে আজি ক'ত ভোট দিব ।"

টিকট বঞ্চিত কংগ্ৰেছ নেতা মানৱ কুমাৰ দাসে কংগ্ৰেছ কৰ্মীসকলক ন্যায় দিয়াৰো দাবী কৰে । সংবাদমেলত কংগ্ৰেছ নেতা মানৱ কুমাৰ দাসৰ মন্তব্য, "মহানন্দ সৰকাৰে ২ কোটি টকাত টিকট লৈ ৫ কোটি টকাত টিকট বিক্ৰীৰ অভিযোগ । ইমান পুৰণি দল এটাৰ মনোনয়ন নাকচ হোৱাটো লাজৰ কথা ।"

আনহাতে, জিলা কংগ্ৰেছৰ প্ৰতিও অভিযোগৰ আঙুলি নেতাজনৰ । জিলাৰ প্ৰাৰ্থী তালিকাত কি কাৰণত অকল মহানন্দ সৰকাৰৰ নাম প্ৰেৰণ কৰা হৈছিল, মহানন্দ সৰকাৰে কাৰ চুপাৰিছত টিকট লাভ কৰিলে তাৰ তদন্ত হ'ব লাগে বুলিও মানৱ দাসে মন্তব্য কৰে ।

লগতে পঢ়ক :ইজৰাইল বিজেপিৰ পিতৃভূমি, সেয়ে বিজেপিয়ে তাত চৰকাৰ গঠন কৰক : মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যুত্তৰ কংগ্ৰেছৰ
লগতে পঢ়ক :বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ কোঠাৰ ৰহস্য : কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই