ETV Bharat / politics

অসমৰ বিকাশৰ চাবিকাঠি এতিয়া বৰাক উপত্যকা: হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় এক্ট ইষ্ট ভিছনত বৰাক উপত্যকাৰ গুৰুত্ব সম্পৰ্কত আলোকপাত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Barak Valley is key to Assam growth: Himanta Biswa Sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য (ETV Bharat Assam)
author img

By ANI

Published : February 20, 2026 at 3:59 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাছাৰৰ পৰা সমগ্ৰ দেশতে ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰাম-২ শুভাৰম্ভ কৰা প্ৰাক-মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় এক্ট ইষ্ট ভিছনত বৰাক উপত্যকাৰ গুৰুত্ব আলোকপাত কৰে ।

সামাজিক মাধ্যম X যোগে শৰ্মাই লিখে,"এবাৰ, আহিবলগীয়া বৰাক উপত্যকাৰ সচিবালয়লৈ চকু ফুৰাওক । আজি অমিত শ্বাহ ডাঙৰীয়াই কাছাৰৰ পৰা সমগ্ৰ দেশত ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰাম-২ শুভাৰম্ভ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অঞ্চলটোৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব । এসময়ত যি অঞ্চল অৱহেলিত আছিল, আজি তাৰিখত অসমৰ উন্নয়নৰ দৃষ্টিকোণত আৰু ৰাষ্ট্ৰীয় এক্ট ইষ্ট ভিছনত এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে থিয় হৈছে ।"

আন্তঃগাঁথনি আৰু সংযোগৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰসংগত শৰ্মাই লগতে কয়,"আমি অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট জোৰ দিছোঁ আৰু আগন্তুক এক্সপ্ৰেছৱে’ৰ জৰিয়তে গুৱাহাটী আৰু শিলচৰৰ মাজৰ দূৰত্ব মাত্ৰ ৫ ঘণ্টালৈ হ্ৰাস কৰাকে ধৰি একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।"

ৰাজ্য় চৰকাৰৰ প্ৰতিশ্ৰুতি সম্পৰ্কত পুনৰবাৰ উল্লেখ কৰি তেওঁ কয়,"আমাৰ ডাবল ইঞ্জিন চৰকাৰে অধিক কাম কৰিবলৈ আৰু বৰাক আৰু ব্ৰহ্মপুত্ৰ উভয় উপত্যকাৰ ন্যায্য উন্নয়ন নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।" ইফালে, অসম বিধানসভা নিৰ্বাচনৰ পূর্বে শেহতীয়া ৰাজনৈতিক পৰিঘটনাত বৃহস্পতিবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ২০ দফীয়া 'চাৰ্জশ্বীট' প্ৰকাশ কৰি ৰাইজৰ কথিত অভিযোগৰ ৰূপৰেখা দাঙি ধৰে ।

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত গঠিত এখন কমিটীয়ে প্ৰস্তুত কৰা এই অভিযোগনামাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ বিৰুদ্ধে ২০টা ডাঙৰ অভিযোগ সন্নিবিষ্ট কৰা হৈছে । গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এক কাৰ্যসূচীত এই চাৰ্জশ্বীট প্ৰকাশ কৰে ।

সমাৱেশত ভাষণ দি এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কয়,"প্ৰিয়ংকা গান্ধীয়ে জনসাধাৰণৰ আৱেগ বুজি পাইছে আৰু স্ক্ৰীণিং কমিটীৰ নেতৃত্ব দিয়াৰ বিশেষ দায়িত্ব গ্ৰহণ কৰিছে, আগন্তুক নিৰ্বাচনত কংগ্ৰেছে কিমান গুৰুত্বসহকাৰে আগবাঢ়িছে তাৰ ওপৰত আলোকপাত কৰি ।"

প্ৰদ্যুৎ বৰদলৈয়ে উল্লেখ কৰে যে তৃণমূল পৰ্যায়ৰ সংগঠন, খিলঞ্জীয়া গোট, ব্যৱসায়িক সম্প্ৰদায়, বুদ্ধিজীৱী আৰু অন্যান্য অংশীদাৰসকলৰ পৰা অহা তথ্যকে ধৰি পাঁচটা দলে ৰাজ্যজুৰি ভ্ৰমণ কৰি জনমত সংগ্ৰহ কৰাৰ পিছত এই অভিযোগনামা প্ৰস্তুত কৰা হৈছিল ।

দিছপুৰৰ পৰা চলি থকা 'চিণ্ডিকেট ৰাজ'ৰ দাবী, অবৈধ কয়লা খনিৰ দৰে অবৈধ কাম-কাজক অবৈধ পুঁজি আহৰণৰ বাবে উৎসাহ আৰু সুৰক্ষা দিয়াৰ অভিযোগ, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে সৰবৰাহ কৰা নিষিদ্ধ সামগ্ৰী আৰু ড্ৰাগছ পৰিবহণৰ বাবে অসমক চৰকাৰীভাৱে সুৰক্ষিত কৰিড'ৰলৈ ৰূপান্তৰিত কৰাৰ অভিযোগকে ধৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে । অসমে বিধানসভা নিৰ্বাচনৰ বাবে সাজু হোৱাৰ সময়তে শাসকীয় বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে প্ৰচাৰৰ আখ্যান চোকা কৰি তোলাৰ সময়তে এই ৰাজনৈতিক আদান-প্ৰদান ।

লগতে পঢ়ক: হাফলং অসামৰিক চিকিৎসালয়ত উদ্বোধন কেন্সাৰ ৰিচাৰ্ছ চেণ্টাৰ

১৪ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱে প্ৰকল্পৰ