ETV Bharat / politics

কংগ্ৰেছৰ কাৰ্যালয়ত পৰিৱেশন বাংলাদেশৰ জাতীয় সংগীত: বিজেপিৰ গোচৰ ৰুজু

ইন্দিৰা ভৱনত অনুষ্ঠিত সেৱা দলৰ অনুষ্ঠানত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰে । যাক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা আৰম্ভ হৈছে ৷

BANGLADESHS NATIONAL ANTHEM
মন্ত্ৰী কৃষ্ণেন্দু পালৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 11:36 AM IST

3 Min Read
Choose ETV Bharat

শ্রীভূমি: জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশনক লৈ শ্রীভূমিৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে নতুন বিতৰ্ক । মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৃষ্ণেন্দু পালে বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে জিলাখনৰ কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে । তেওঁ কয় যে দেশৰ স্বাধীনতাৰ বহু বছৰৰ পিছতো কংগ্ৰেছ নেতাসকল বাংলাদেশৰ প্ৰেমত পৰিছে ।

জিলাখনৰ ইন্দিৰা ভৱনত অনুষ্ঠিত সেৱা দলৰ অনুষ্ঠানত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰে । ঘটনাটো এজন সাংবাদিকৰ কেমেৰাত বন্দী হোৱাৰ উপৰিও চকুৰ পলকতে ভাইৰেল হৈ পৰে ৷ যাক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা আৰম্ভ হৈছে ৷

বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশনক লৈ বিতৰ্ক (ETV Bharat Assam)

মঙলবাৰে সন্ধিয়া জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী কৃষ্ণেন্দু পালে বিষয়টো তীব্ৰ গৰিহণা দিয়ে । এই সংবাদমেলত উপস্থিত থাকে জিলা বিজেপিৰ বৰ্তমানৰ সভাপতি সঞ্জীৱ বণিক আৰু প্ৰাক্তন সভাপতি সুব্ৰত ভট্টাচাৰ্য ৷ মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, ‘‘বিভাজনৰ কৰুণ ইতিহাস সকলোৰে হৃদয়ত আজিও সজীৱ হৈ আছে । স্বাধীনতাৰ বহু বছৰৰ পাছতো কংগ্ৰেছীসকলৰ হৃদয়ত দেশপ্ৰেম জাগ্ৰত হোৱা নাই, যিটো দুখৰ বিষয় ।’’ কংগ্ৰেছ নেতা-কৰ্মীসকলে এতিয়াও ভাৰতত থাকি বাংলাদেশৰ জাতীয় সংগীত পৰিবেশন কৰাত ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে বহু গীত ৰচনা কৰিছিল ৷ সমগ্ৰ বিশ্বৰ জনসাধাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি সন্মান জনাই আজিও ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰে । ‘‘কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ভাৰতত থাকিও কিহৰ বাবে বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰিব ?’’ সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী পালে ৷

কংগ্ৰেছ নেতাসকলে বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰাটো কোনো প্ৰকাৰে মানি লোৱা নহ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তদুপৰি বিষয়টো সন্দৰ্ভত জিলা বিজেপিয়ে অচিৰে গোচৰ ৰুজু কৰিব বুলিও তেওঁ সংবাদমেলত প্ৰকাশ কৰে ৷

প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে ভাষা আন্দোলনৰ শ্বহীদসকলক বাংলাদেশীৰ লগতে বিদেশী বুলি দাবী কৰা ডিমাছা লেখক মঞ্চৰ সভাপতি মুক্তেশ্বৰ কেম্প্ৰাইক শীঘ্ৰে ক্ষমা খুজিবলৈ আহ্বান জনায় । তেওঁ কয় যে অসমীয়া সাহিত্য সমিতিয়ে বৰাকক লৈ একোটা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সাহিত্য-সংস্কৃতিৰ এখন সেতু নিৰ্মাণৰ বাবে কাম কৰি আছে । এনে পৰিস্থিতিত মুক্তেশ্বৰৰ দৰে ব্যক্তিৰ মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে সংবাদমেলত কয় ৷

লগতে পঢ়ক: শিশু নিৰ্যাতনৰ ঘটনা : দুবছৰৰ পাছত জামিন পালে ডাঃ ৱালিউল ইছলামে, কাৰাগাৰত ডাঃ সংগীতা দত্ত