কোন ডাঙৰ কংগ্ৰেছ নেতাই হিমন্ত বিশ্বৰ পৰা টকা লয় ? তথ্য-প্ৰমাণ দিব হেনো আজমলে
What is this মিঞা ? মিঞা কিবা ইছ্যু নেকি ? জ্বলি-পকি উঠিল বদৰুদ্দিন আজমল ৷

Published : December 18, 2025 at 8:53 PM IST
ধুবুৰী : ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ধুবুৰী জিলাত এইবাৰ এ আই ইউ ডি এফ দলৰ নিৰ্বাচনী কুচকাৱাজ বৃদ্ধি পোৱা দেখা গৈছে । দীৰ্ঘ বিৰতিৰ পিছত বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা এ আই ইউ ডি এফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল ।
ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এ আই ইউ ডি এফৰ ধুবুৰী আৰু বিৰসিং জৰুৱা কমিটীৰ উদ্যোগত আয়োজন কৰা এ আই ইউ ডি এফৰ এখন কৰ্মীসভাত অংশগ্ৰহণ কৰে মৌলানা বদৰুদ্দিন আজমলে । সভাত আজমলৰ সৈতে উপস্থিত থাকে বিলাসীপাৰাৰ বিধায়ক বছিৰ আহমেদ কাছিমী, ধুবুৰী আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে নজৰুল হক আৰু নিজানুৰ ৰহমান ।
আনহাতে, সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৌলানা বদৰুদ্দিন আজমলে কয়, "যদি বিজেপিৰ বি-টীম বুলি কংগ্ৰেছে আই ইউ ডি এফক আঙুলি টোঁৱাই আছে, তেন্তে কংগ্ৰেছ দল বিজেপিৰ এ প্লাছ টীম বুলি মই ঘোষণা কৰি আছোঁ ।"
আজমলে কয়, "কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা গৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয় ।"
আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফে ৩৫ খন আসনত প্রার্থী দিব বুলিও তেওঁ কয় । ইফালে অখিল গগৈক টাৰ্গেট কৰি আজমলে কয়, "এ আই ইউ ডি এফ যদি জিৰো হওঁ, তেন্তে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ কি ? এইবাৰ আমি স্পষ্ট হ'ম- কোন দল আমাৰ সকলোতকৈ ডাঙৰ দুচমন; কংগ্ৰেছ নে বিজেপি ?"
কি কি কামৰ কাৰণে আজমলে বিজেপিক বেয়া পায় বুলি প্ৰশ্ন কৰাত আজমলে কয়, "What is this মিঞা । মিঞা কিবা ইছ্যু নেকি ।" আনহাতে, তেওঁ এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ নকৰে বুলি কয় যদিও দলে বিচাৰিলে তেওঁৰ সিদ্ধান্ত সলনি কৰিব পাৰে বুলিও উল্লেখ কৰে ।
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি আজমলে কয়, "আজি অসমত এনেকুৱা অৱস্থা হৈছে যে অসমত মুছলমান লোকে কাৰ লগত শুব মুখ্যমন্ত্রীয়ে কয় । কিন্তু মুখ্যমন্ত্রী কাৰ লগত শুৱে কোনে ক'ব । হিমন্ত বিশ্ব শৰ্মা হিটলাৰ, মুছলিনি, জালিম । এই মুখ্যমন্ত্ৰীৰ নিচিনা জালিম মুখ্যমন্ত্ৰী পৃথিৱীত দেখা নাই ।"
আজমলে এইবুলিও কয়, "কংগ্ৰেছে উজনি অসমত ভালদৰে কাম কৰক । ৰাহুল গান্ধীয়ে যদি ক'ব পাৰে আমি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি সংখ্যালঘু লোকৰ সমস্যাৰ সমাধান কৰিম, তেন্তে এ আই ইউ ডি এফ দল বন্ধ কৰি দিব বদৰুদ্দিন আজমলে । অসমৰ পৰা বিজেপি খেদিব লাগে এয়াই হ'ব এ আই ইউ ডি এফৰ নিৰ্বাচনী ইছ্যু ।"
ইফালে আজমলে কংগ্ৰেছ দলক টাৰ্গেট কৰি লৈ কয়, "গণভিত্তি নথকা দলৰ লগত লিলি হোটেলত লিলিমাই কৰে কংগ্ৰেছে ।" আনহাতে, ভোট চুৰি, এছ আৰৰো বিৰোধিতা কৰে এ আই ইউ ডি এফে ।
নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত বদৰুদ্দিন আজমলে কয়, "আমি ভোট বিভাজনৰ বাবে প্ৰাৰ্থিত্ব নিদিওঁ । য'ত আমাৰ জিকাৰ সম্ভাৱনা আছে তাতে আমি প্ৰাৰ্থী দিম ।"
আনহাতে, ধুবুৰীৰ বিধায়ক নজৰুল হকে কয় যে এ আই ইউ ডি এফ দল মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত শক্তিশালী আছিল আৰু এতিয়াও শক্তিশালী হৈ আছে । সাম্প্ৰদায়িক শক্তি বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগিব আৰু কংগ্ৰেছ দলে সংখ্যালঘু এলেকাত প্ৰচাৰ নচলাই উজনি অসম, বিটিএডিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে আহ্বান বিধায়ক নজৰুল হকৰ ।

