ETV Bharat / politics

উদুলি-মুদুলি ৰাজীৱ ভৱন: ৭৫০ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন দাখিল

কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশী-সমৰ্থকৰ চমক, আবেদন দাখিলৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি ৷ আবেদনৰ মাচুলত ৩.৫কোটিৰো অধিক ধন সংগ্ৰহ ।

Asssam Congress Rajiv Bhawan collected 3,5. Crores from candidature applications
উদুলি-মুদুলি ৰাজীৱ ভৱন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 9:23 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: কোনোবাই যদি ঢোলে-দগৰে আহিছে, আন কোনোবাই কোনো প্ৰাৰ্থীৰ লগত শ শ সমৰ্থক আহি উত্তাল কৰি তুলিছে ৰাজীৱ ভৱন । উদ্দেশ্য ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব লাভ । প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সমৰ্থকৰ ভিৰত যেন প্ৰাণ পাই উঠিছে গুৱাহাটীৰ ৰাজীৱ ভৱনে ।

২০ জানুৱাৰী মঙলবাৰৰ দিনটোলৈ ৭৫০ৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে ৷ আনহাতে, ২০ জানুৱাৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ আবেদন দাখিলৰ শেষ সময় আছিল যদিও এই সময় বৃদ্ধি কৰা হৈছে ।

Asssam Congress Rajiv Bhawan collected 3,5. Crores from candidature applications
শ শ সমৰ্থক আহি উত্তাল কৰি তুলিছে ৰাজীৱ ভৱন (ETV Bharat Assam)

প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ আৰু দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰাৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰে ।

মঙলবাৰে দিনটো অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত বিৰ দি বাট নোপোৱা অৱস্থা । মঙলবাৰে নিশা ৭ বজালৈকে ডেৰ শতাধিক প্ৰাৰ্থীয়ে আবেদন দাখিল কৰে । ভালে সংখ্যক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সংগ্ৰহ কৰে আবেদন পত্ৰ ।

Asssam Congress Rajiv Bhawan collected 3,5. Crores from candidature applications
উদুলি-মুদুলি ৰাজীৱ ভৱন (ETV Bharat Assam)

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে জনোৱা অনুসৰি প্ৰথম দিনটোৰ পৰা ২০ জানুৱাৰীলৈকে প্ৰায় ৭৫০ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰে । প্ৰত্যেকগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ৫০ হাজাৰ টকা আবেদন মাচুল জমা দিয়ে ।

উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছে প্ৰতি গৰাকী প্ৰাৰ্থিত্বৰ বাবে আবেদনকাৰীয়ে আবেদন মাচুল নিৰ্ধাৰণ কৰিছে ৫০ হাজাৰ টকা । এই আবেদনৰ ধন ঘূৰাই দিয়া নহয় । কেৱল মিত্ৰ দলক এৰি দিয়া সমষ্টিৰ আবেদনকাৰীকহে ঘূৰাই দিয়া হ’ব এই ধন ৷

Asssam Congress Rajiv Bhawan collected 3,5. Crores from candidature applications
কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশী-সমৰ্থকৰ চমক (ETV Bharat Assam)

সেই অনুসৰি কেৱল আবেদনকাৰীৰ মাচুলৰ পৰাই কংগ্ৰেছৰ মঙলবাৰলৈকে মুঠ ৩.৫১ কোটি টকা সংগ্ৰহ হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা । প্ৰায় ১.৫ কোটি টকা সংগ্ৰহ হৈছে মঙলবাৰৰ দিনটোতেই । এতিয়ালৈকে ধিং বিধানসভা সমষ্টিত ২৭ গৰাকীয়ে সৰ্বোচ্চ আবেদন কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে ।

Asssam Congress Rajiv Bhawan collected 3,5. Crores from candidature applications
আবেদনৰ মাচুলত ৩.৫কোটিৰো অধিক ধন সংগ্ৰহ (ETV Bharat Assam)

মঙলবাৰে ৰাজীৱ ভৱন হাইপ্ৰফাইল নেতাৰ পৰা সাধাৰণ কৰ্মীলৈ মঙলবাৰে ভৰি পৰিল ৰাজীৱ ভৱন ৷ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, দিগন্ত বৰ্মন, নুৰল হুচেইন, সামাজিক মাধ্যম বিভাগৰ সম-অধ্যক্ষ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ, ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন আদিয়ে আবেদন দাখিল কৰে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছবি চাৰিওফালে নষ্ট কৰিছে: ভূপেশ বাঘেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানি-আম্বানীক ৰাইজৰ ধন দিছে: ৰাহুল গান্ধী