অসমৰ লগতে কেৰালাম আৰু পুডুচেৰীতো আৰম্ভ ভোটগ্ৰহণ : কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰা উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
পুৱাৰে পৰা আৰম্ভ হৈছে অসম, কেৰালাম, পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ আন তিনিখন ৰাজ্যত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷

Published : April 9, 2026 at 7:03 AM IST
গুৱাহাটী: অসমৰ লগতে বৃহস্পতিবাৰে কেৰালাম আৰু পুডুচেৰীত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ তাৰোপৰি আন তিনিখন ৰাজ্যত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ পুৱা 7 বজাৰ পৰাই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাজ্য কেইখনত ৷
উপনিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যকেইখন হৈছে কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰা ৷ আনহাতে, গোৱাত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন আদালতৰ নিৰ্দেশৰ পিছত বাতিল কৰা হৈছে ।
কেৰালামত ১৪০ খন আসনৰ বাবে একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । মুঠ ৮৯০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ২.৭ কোটিৰো অধিক ভোটাৰে এইবাৰ ভোটদান কৰিব । ইয়াত মূল যুঁজখন হৈছে শাসকীয় চিপিআই(এম) নেতৃত্বাধীন বাওঁ গণতান্ত্ৰিক ফ্ৰণ্ট(এলডিএফ) আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মাজত । মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে একেৰাহে তৃতীয়বাৰৰ বাবে শাসনৰ গাদী দখলৰ লক্ষ্য ৰাখিছে ৷
আনহাতে ইউডিএফে পুনৰ ক্ষমতা দখল কৰাৰ আশা কৰিছে । পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৩০ হাজাৰৰো অধিক ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । নিৰ্বাচনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু নিকা ভোটদানৰ ব্যৱস্থা কৰা হৈছে ।
ইফালে পুডুচেৰীত বিধানসভাৰ ৩০ খন আসনৰ বাবে বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । মুখ্যমন্ত্রী এন ৰাংগাস্বামীকে ধৰি মুঠ ২৯৪ জন প্রার্থী এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ নেতৃত্বত শাসকীয় এনডিএ-ৰ মুখামুখি হৈছে কংগ্ৰেছ-ডিএমকেৰ মিত্ৰশক্তি । প্ৰায় ৯.৫ লাখ ভোটাৰে ভোটদান কৰিব এই নিৰ্বাচনত । ইয়াৰ বাবে ১০০০ ৰো অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে আৰু গভীৰ নিৰীক্ষণ কৰা হৈছে ।
বৃহস্পতিবাৰে কৰ্ণাটক, নাগালেণ্ড, ত্ৰিপুৰাতো উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । কৰ্ণাটকত কাৰ্যকালত থকা বিধায়কৰ মৃত্যুৰ পিছতে দভাংগেৰে দক্ষিণ আৰু বাগালকোটে সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । মূলতঃ কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে সমষ্টি দুটাত । শাসকীয় কংগ্ৰেছে কৰ্ণাটকৰ মন্ত্ৰী এছ এছ মল্লিকাৰ্জুনৰ পুত্ৰ সমৰ্থ শমানুৰক দভাংগেৰে দক্ষিণ আৰু উমেশ মেটিক বাগালকোটত প্ৰক্ষেপ কৰিছে ।
নাগালেণ্ডত কোৰিডাং আসনত উপ-নিৰ্বাচন হৈছে, য’ত ছজন প্ৰাৰ্থীয়ে যুঁজত অৱতীৰ্ণ হৈছে । বিজেপিৰ এগৰাকী বিধায়কৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে সমষ্টিটোত ৷ একেদৰে ত্ৰিপুৰাত ধৰ্মনগৰ আসনত বিজেপি, কংগ্ৰেছ আৰু চিপিআই(এম)ৰ প্ৰাৰ্থীক লৈ ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে । বিধায়ক তথা বিধানসভাৰ অধ্যক্ষৰ মৃত্যুৰ ফলত এই উপ-নিৰ্বাচন অনুষ্ঠিত হয় সমষ্টিটোত ৷
আনহাতে নিৰ্বাচন আয়োগৰ অধিসূচনাক বাতিল বুলি অভিহিত কৰি বম্বে উচ্চ ন্যায়ালয়ে গোৱাৰ পণ্ডা সমষ্টিৰ উপ-নিৰ্বাচন বাতিল কৰিছে । আদালতে উল্লেখ কৰে যে বিধানসভাৰ কাৰ্যকালত এবছৰতকৈও কম সময় বাকী আছে, যাৰ বাবে উপ-নিৰ্বাচন অপ্ৰয়োজনীয় হৈ পৰিছে । ৪ মে’ত সকলো নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ ভোটগণনা হ’ব ।
লগতে পঢ়ক:
নিৰ্বাচনী ব্যৱস্থাৰ বুজ ল'বলৈ গুৱাহাটীত সাতখন দেশৰ ১৫ গৰাকী প্ৰতিনিধি

