ETV Bharat / politics

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথম বিধানসভা নিৰ্বাচন : গুৱাহাটীৰ সমষ্টি চাৰিটাৰ পৰা পাঁচটালৈ বৃদ্ধি, কি নতুনত্বৰ মাজত হ'ব নিৰ্বাচন

সলনি হৈছে গুৱাহাটীৰ বিন্যাস । পূৰ্বৰ ৪টা পৰিৱৰ্তে এতিয়া গুৱাহাটীৰ সমষ্টি হ'ল ৫টা, ভাগ হ'ল ভোটাৰৰ সংখ্যাও । আহকচোন জানো কোন সমষ্টিৰ ভোট বিন্যাস কেনেধৰণৰ...

Assembly elections
সলনি হৈছে গুৱাহাটীৰ বিন্যাস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 11:13 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : বিধানসভা নিৰ্বাচন সমাগত । মাজত মাত্র কেইটামান মাহ বাকী আছে । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে । কিন্তু এইবাৰ বিধানসভা নিৰ্বাচন কিছু পৃথক হ'ব ।

সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হ'ব বিধানসভা নিৰ্বাচন । গতিকে এইবাৰ বিধানসভা নিৰ্বাচনত সমষ্টিৰ ক্ষেত্রত যথেষ্ট পৰিৱৰ্তন হৈছে । যাৰ বাবে কিছু পৃথক হ'ব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টি সংখ্যা ১২৬ টা আছে যদিও বহু সমষ্টিৰ বিলুপ্তি ঘটোৱাৰ লগতে নতুনকৈ বহু সমষ্টি কৰা হৈছে ।

লগতে সমষ্টিৰ সীমা যথেষ্ট সলনি হৈছে । আনকি বহু বিধায়কৰ সমষ্টিয়ে নোহোৱা হৈছে । অৰ্থাৎ সমষ্টিৰ গাঠনিগত ব্যাপক পৰিৱৰ্তন কৰা হৈছে । এই প্ৰতিবেদনত গুৱাহাটীৰ পূৰ্বৰ চাৰিটা সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত হোৱা পাঁচটা সমষ্টিকলৈ প্ৰস্তুত কৰা হৈছে ।

  • গুৱাহাটীত সমষ্টি সংখ্যা চাৰিটাৰ পৰা পাঁচটালৈ বৃদ্ধি :

গুৱাহাটীৰ চাৰিটা বিধানসভা সমষ্টি হৈছে দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী সমষ্টি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটীৰ বিধানসভা সমষ্টি পাঁচটালৈ বৃদ্ধি হৈছে । নতুনকৈ হোৱা সমষ্টিটো হৈছে ডিমৰীয়া সমষ্টি ।

Assembly elections
গুৱাহাটীত সমষ্টি সংখ্যা চাৰিটাৰ পৰা পাঁচটালৈ বৃদ্ধি (ETV Bharat)

আনহাতে পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী সমষ্টি নোহোৱা কৰি নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল কৰাৰ লগতে নতুনকৈ ডিমৰীয়া সমষ্টি কৰা হৈছে । ডিমৰীয়া সমষ্টিটো এছ চিৰ বাবে সংৰক্ষিত । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টি হ'ল ক্ৰমে ৩৩নং দিছপুৰ, ৩৪নং ডিমৰীয়া (এছ চি), ৩৫নং নিউ গুৱাহাটী, ৩৬নং গুৱাহাটী চেণ্ট্ৰেল আৰু ৩৭নং জালুকবাৰী বিধানসভা সমষ্টি ।

উল্লখ্য যে বিলুপ্ত হোৱা পূব গুৱাহাটী সমষ্টিটো একমাত্র বিধানসভা সমষ্টি আছিল, য'ত কোনো ধৰণৰ গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত নাছিল । সমষ্টিটো সম্পূৰ্ণ ৰূপে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ দ্বাৰা গঠিত আছিল। যাৰ বাবে সমষ্টিটোক মহানাগৰিক সমষ্টি কোৱা হৈছিল

  • দিছপুৰ সমষ্টিৰ অন্তৰ্গত এলেকা :

গুৱাহাটীৰ পাঁচটা সমষ্টিৰ ভিতৰত নতুনকৈ সীমা নিৰ্ধাৰণেৰে গঠিত দিছপুৰ সমষ্টিত পৌৰ নিগমৰ ১৩ টা ৱাৰ্ডক সামৰি লোৱা হৈছে । ৩৩ নং দিছপুৰ বিধানসভা সমষ্টি গুৱাহাটী পৌৰ নিগমৰ ১৬ নং ৱাৰ্ডৰ লালগণেশ, জ্যোতিকুছি, ১৭ নম্বৰৰ সাউকুছি, ২২ নম্বৰৰ লুটুমা, কাহিলীপাৰা পাৱাৰ হাউছ, ২৪ নং ৱাৰ্ডৰ উদয়াচল, গণেশগুৰি, ২৬ নম্বৰৰ শ্ৰীমন্তপুৰ, ৪৩ নম্বৰৰ খ্ৰীষ্টানবস্তি, আনন্দনগৰ, ৪৪ নম্বৰৰ চিৰিয়াখানা, জাপৰিগোগৰ অংশবিশেষ, ৫৫ নং ৱাৰ্ডৰ বেলতলা, ছার্ভে, ৰুক্মিণীগাঁও, ৫৬ নং ৱাৰ্ডৰ বশিষ্ঠ, লতাকটা, ৫৭নং ৱাৰ্ডৰ ভেটাপাৰা, বশিষ্ঠ, ঘোঁৰামাৰা, ৫৮ নং ৱাৰ্ডৰ বেলতলা অঞ্চল, ৫৯ নং ৱাৰ্ডৰ কাহিলীপাৰা, হাতীগাঁও আৰু ৬০ নং ৱাৰ্ডৰ হাতীগাঁও, ভেটাপাৰাৰ বিস্তীর্ণ অঞ্চল অন্তর্ভুক্ত হৈছে ।

Assembly elections
সলনি হৈছে গুৱাহাটীৰ বিন্যাস (ETV Bharat)
  • নতুনকৈ হোৱা ডিমৰীয়া সমষ্টি :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ কৰা ৩৪ নং ডিমৰীয়া (এছ চি) বিধানসভা সমষ্টি গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড নম্বৰ ৪৬ৰ নুনমাটি অঞ্চলৰ অংশবিশেষ, ৪৯ নং ৱাৰ্ডৰ মঠঘৰীয়া, গীতানগৰ, পাথৰকুৱেৰী অঞ্চলৰ অংশবিশেষ আৰু ৫২ নং ৱাৰ্ধৰ ডাউন টাউন, দ্বাৰকা নগৰৰ অংশবিশেষক সামৰি লোৱা হৈছে । তদুপৰি সমষ্টিটোত আছে চন্দ্ৰপুৰ উন্নয়ন খণ্ড, ডিমৰীয়া উন্নয়ন খণ্ড আৰু নাৰেংগী উন্নয়ন খণ্ডৰ অংশবিশেষ ।

  • নিউ গুৱাহাটীৰ অন্তৰ্গত এলেকা :

৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিটো পৌৰ নিগমৰ ১৭ টা ৱাৰ্ডৰ এলেকাক সামৰি লোৱা হৈছে । এই সমষ্টিটোত পৌৰ নিগমৰ ৩৩ নম্বৰ ৱাৰ্ডৰ চোলাপাৰা, পল্টনবজাৰ, আমবাৰী, লেম্বৰোড, লতাশিল, ৩৪ নং ৱাৰ্ডৰ উজানবজাৰ, ৩৫ নং ৱাৰ্ডৰ চেনিকুঠী, হেপীভিলা, ৩৬ নং ৱাৰ্ডৰ নেহৰু ষ্টেডিয়াম, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিতনগৰ, ৩৭ নং ৱাৰ্ডৰ চানমাৰি, কৰ্নাচল, পদুমপুখুৰী, ৩৮ নং ৱাৰ্ডৰ কৃষ্ণনগৰ, ৩৯ নং ৱাৰ্ডৰ ৰাজগড়, গান্ধীবস্তিৰ অংশবিশেষ, ৪০ নং ৱাৰ্ডৰ জ্যোতিনগৰ, মিলনপুৰ, ৪১ নং ৱাৰ্ডৰ হাতীগড় চাৰিআলি, জুৰোড, ৪২ নং ৱাৰ্ডৰ তৰুণ নগৰ, অনিল নগৰ অঞ্চলৰ অংশবিশেষ, ৪৪ নং ৱাৰ্ডৰ চিৰিয়াখানা, জাপৰিগোগৰ অঞ্চলৰ অংশবিশেষ, ৪৫ নং ৱাৰ্ডৰ বামুণীমৈদামৰ অংশবিশেষ, ৪৭ নং ৱাৰ্ডৰ জ্যোতিনগৰ, গোপালনগৰ, ৪৮ নং ৱাৰ্ডৰ নুনমাটিৰ অংশবিশেষ, ৫০ নং ৱাৰ্ডৰ হেঙেৰাবাৰী, লিচুবাগানৰ অংশবিশেষ, ৫১ নং ৱাৰ্ডৰ বৰবাৰী আৰু ৫৩ নং ৱাৰ্ডৰ ছয়মাইল, আনন্দনগৰৰ অংশবিশেষেৰে সামৰি লোৱা হৈছে ।

Assembly elections
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথম বিধানসভা নিৰ্বাচন (ETV Bharat)
  • মুখ্যমন্ত্রীৰ জালুকবাৰী সমষ্টি :

৩৭ নং জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ গাড়ীগাঁও, জালুকবাৰী, ২ নং ৱাৰ্ডৰ পদুমবড়ী, গুৱাহাটী বিশ্ববিদ্যালয়, সুন্দৰবড়ী, ৩, ৪, ৫, ৬, ৭, ৮ আৰু ৯ নং ৱাৰ্ডৰ পাণ্ডু, মালিগাঁও, গোশালাৰ বৃহৎ অঞ্চল, ১০ নং ৱাৰ্ডৰ বৰাগাঁৱৰ অংশবিশেষ আৰু ১৩ নং ৱাৰ্ডৰ ফটাশিলৰ অংশবিশেষ। সমষ্টিটোত লগতে অন্তৰ্ভুক্ত হৈছে ৰাণী উন্নয়ন খণ্ড আৰু উত্তৰ গুৱাহাটী পৌৰ সভাৰ অংশবিশেষ ।

  • গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ অন্তৰ্গত এলেকা :

৩৬ নং গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত পৌৰ নিগমৰ ১৬ টা ৱাৰ্ডৰ অংশবিশেষ সামৰি লোৱা হৈছে । সমষ্টিটোত পৌৰ নিগমৰ ১১ নং ৱাৰ্ডৰ ফটাশিল অঞ্চলৰ অংশবিশেষ, ১২ নং ৱাৰ্ধৰ মিঠা আমতল, আদিংগিৰি, ১৪ নং ৱাৰ্ডৰ ভাস্কৰ নগৰ, কালাপাহাৰ, ১৫ নং ৱাৰ্ডৰ বর্ষাপাৰা, ১৮ নং ৱাৰ্ডৰ ভৰলুমুখ অঞ্চলৰ অংশবিশেষ, ১৯ নং ৱাৰ্ডৰ মাছখোৱা, ২০ নং ৱাৰ্ডৰ বিষ্ণুপুৰ, ২১ নং ৱাৰ্ডৰ বিহাবাৰী, ২৩ নং ৱাৰ্ডৰ বিৰুবাৰী হিলছাইড, ২৫ নং ৱাৰ্ডৰ বিৰুবাৰী, ৰূপনগৰ অঞ্চলৰ অংশবিশেষ, ২৭ নং ৱাৰ্ডৰ ৰিহাবাৰী, নেপালী মন্দিৰৰ অংশবিশেষ, ২৮ নং ৱাৰ্ডৰ ছাত্ৰীবাৰী, আৰ্যনগৰ, ২৯ নং ৱাৰ্ডৰ ফাঁচীবজাৰ, ৩০ নং ৱাৰ্ডৰ ফাঁচীবজাৰ, পাণবজাৰ, পুলিচ ৰিজাৰ্ভৰ অংশবিশেষ, ৩১ নং ৱাৰ্ডৰ পাণবজাৰৰ ডনবস্ক'ৰ সমীপৰ অংশবিশেষ আৰু ৩২ নং ৱাৰ্ডৰ মণিপুৰীবস্তি, উলুবাৰী, ৰিহাবাৰীৰ অংশবিশেষ অন্তৰ্ভুক্ত হৈছে ।

  • গুৱাহাটীৰ বৰ্তমানৰ চাৰিটা বিধানসভা সমষ্টিৰ কিছু আভাস :

গুৱাহাটীৰ বৰ্তমানৰ চাৰিটা বিধানসভা সমষ্টি বিজেপি আৰু বিজেপিৰ মিত্রদলৰ দখলত আছে । ইয়াৰে তিনিটা বিজেপিৰ দখলত আৰু এটা মিত্রদল অগপৰ দখলত আছে । জালুকবাৰী সমষ্টিৰ বিধায়ক হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।

Assembly elections
গুৱাহাটীৰ বৰ্তমানৰ চাৰিটা বিধানসভা সমষ্টিৰ কিছু আভাস (ETV Bharat)

সেইদৰে পূব গুৱাহাটীৰ বিধায়ক হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰৰ বিধায়ক হৈছে অতুল বৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক হৈছে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই সমষ্টি কেইটাৰ সীমাৰ ব্যাপক সালসলনি হৈছে । পশ্চিম গুৱাহাটীক প্ৰতিনিধিত্ব কৰা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টি নোহোৱা হৈ পৰিছে ।

অৱশ্যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২৬ৰ নিৰ্বাচনত গুৱাহাটী চেণ্ট্ৰেলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে । কিন্তু গুৱাহাটী চেণ্ট্ৰেলত এইবাৰ বিজেপিৰ কেইবাজনো নেতাই প্ৰাৰ্থিত্ব লাভৰ আশাৰে কাম কৰি আছে । তেনেস্থলত সমষ্টিটো বিজেপিয়ে অগপক এৰি দিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক : ব্লাইণ্ড ক্ৰিকেটাৰ চিমু দাসক ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিব চৰকাৰে: কেবিনেটে ল'লে সিদ্ধান্ত

লগতে পঢ়ক : টেনচন দূৰ কৰিবলৈ এতিয়া আটাইতকৈ ভাল মেডিচিন অখিল গগৈৰ ফেচবুক, ময়ো ৰাতি চাওঁ: মুখ্যমন্ত্ৰী