ETV Bharat / politics

'২৬ত কি হ'ব এই পাঁচ বিধায়কৰ গতি ? কোনে ল'ব বিশ্বাসত ?

যিমানে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে নিলম্বিত পাঁচ কংগ্ৰেছ বিধায়কৰ ৰাজনৈতিক ভবিষ্যৎ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ।

Assembly elections 2025
২০২৬ ৰ বিধানসভা নিৰ্বাচনত কি হ’ব পাঁচ বিধায়কৰ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 4:50 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ২০২৬ ৰ বিধানসভা নিৰ্বাচন সমাগত । সকলো ৰাজনৈতিক দলে নিজা নিজা এজেণ্ডা লৈ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । আনহাতে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও নিজা নিজা সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে ।

এইখিনিতে বিশেষভাৱে চৰ্চালৈ আহিছে পাঁচজন বিধায়ক । কি হ'ব এই পাঁচজন বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত ? কাৰণ তেওঁলোকে বিধায়ক হিচাপে এটা দলক প্ৰতিনিধিত্ব কৰি আহিছে আৰু সমৰ্থন আন এটা দলক আগবঢ়াই আহিছে । এক কথাত ক'বলৈ গ'লে- না ইকুল, না সিকুল !

Assembly elections 2025
না ইকুল, না সিকুল ! কমলাক্ষ দে' পুৰকায়স্থ, শশীকান্ত দাস, বসন্ত দাস, ছিদ্দিক আহমেদ আৰু শ্বেৰমান আলী আহমেদ (ETV Bharat Assam)

প্ৰকৃততে তেওঁলোকক পৰিচয় দিবলৈয়ো অসুবিধা । বিধায়ক কংগ্ৰেছ দলৰ যদিও সমৰ্থন কৰে বিজেপি দলক । হয়, ঠিকেই ধৰিব পাৰিছে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, শশীকান্ত দাস, বসন্ত দাস, শ্বেৰমান আলী আহমেদ আৰু ছিদ্দিক আহমেদৰ কথাই কোৱা হৈছে ।

অৱশ্যে ইয়াৰে বিধায়ক শ্বেৰমান আলী আহমেদে বিজেপি দলৰ সমৰ্থক নহয় যদিও কংগ্ৰেছৰো পক্ষত নাই । এওঁলোক বৰ্তমান কংগ্ৰেছৰ নিলম্বিত বিধায়ক ।

  • পাঁচজন বিধায়কৰ স্থিতি আৰু ৰাজনৈতিক ভৱিষ্যৎ :

বিজেপিক সমর্থন জনোৱা কংগ্ৰেছী বিধায়কৰ ২০২৬ৰ নিৰ্বাচনত কি হ'ব ! যিমানে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে নিলম্বিত পাঁচ কংগ্ৰেছী বিধায়কৰ ৰাজনৈতিক ভবিষ্যৎ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে । কিয়নো কংগ্ৰেছত থাকি বিজেপিক সমর্থন জনোৱা চাৰিজন বিধায়ক ক্ৰমে ৰহাৰ শশীকান্ত দাস, দক্ষিণ কৰিমগঞ্জৰ ছিদ্দিক আহমেদ, উত্তৰ কৰিমগঞ্জৰ কমলাক্ষ দে' পুৰকায়স্থ আৰু মঙলদৈৰ বসন্ত দাসক শাসকীয় দলটোৱে বিশ্বাসত লোৱা নাই ।

Assembly elections 2025
হিমন্ত বিশ্ব শৰ্মাৰ সভাত বিধায়ক শশীকান্ত দাস (ETV Bharat Assam)

আনহাতে কংগ্ৰেছত থাকিও কংগ্ৰেছৰ বিৰোধিতা কৰি অহা নিলম্বিত বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বিজেপিৰ পৰিৱৰ্তে ৰাইজৰ দলতহে যোগদান কৰাৰ চেষ্টা চলাই আছে যদিও এতিয়াও তেওঁৰ যোগদান নিশ্চিত হোৱা নাই ।

উল্লেখ্য যে, দলবিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে এই কংগ্ৰেছী বিধায়ককেইজনক পুনৰ কংগ্ৰেছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্রার্থিত্ব প্ৰদান নকৰে । এই কথা ইতিমধ্যে কংগ্ৰেছ দলে স্পষ্ট কৰি দিছে ।

এই সন্দৰ্ভত মঙলবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ই টিভি ভাৰতৰ আগত কয়, "কংগ্ৰেছত থাকি কংগ্ৰেছৰ বিৰোধিতা কৰা নেতাক গ্ৰহণ কৰাৰ প্ৰশ্নই নাহে । আমাৰ লক্ষ্য বিজেপিক প্ৰতিহত কৰা আৰু এই লক্ষ্যৰে আমি আগবাঢ়িছো । আজি বিজেপিকে ধৰি বিভিন্ন দলৰ নেতা আমাৰ লগত চামিল হৈছে । প্ৰত্যেক মাহৰ ১০ তাৰিখে ৰাজ্যজুৰি কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে । বতাহ বৰ্তমান কংগ্ৰেছৰ পক্ষত বলিছে । গতিকে কোনোবা নেতা ওলাই গ'লে আমাৰ ক'বলগীয়া নাই ।"

Assembly elections 2025
ইফালেও নহ'ল সিফালেও নহ'ল... (ETV Bharat Assam)

লক্ষণীয় বিষয় যে এই পাঁচজন বিধায়কক কংগ্ৰেছ দলে ইতিমধ্যে বিদায় দিছে । ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলেও উক্ত কংগ্ৰেছী বিধায়ক কেইজনক আদৰি লোৱাৰ কথাও ভবা নাই । ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্রই সদৰী কৰা অনুসৰি উক্ত কংগ্ৰেছী বিধায়ক কেইজনক প্রার্থিত্ব প্ৰদানৰ সমগ্ৰ বিষয়টো এতিয়া মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিছে । কিন্তু ৰাজ্যৰ পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে জয়ী হ'ব পৰা প্ৰাৰ্থীকহে সংশ্লিষ্ট সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা অধিক ।

আনহাতে কংগ্ৰেছত থাকি কংগ্ৰেছৰ বিৰোধিতা কৰা নেতা কেইজনৰ সমষ্টিতো ভাল ইমেজ নাই । এনে হ'লে কংগ্ৰেছত থাকিও বিজেপিৰ হৈ কাম কৰি বিধায়ক কেইজনে প্রার্থিত্ব লাভ কৰাৰ সম্ভাৱনা নাই ।

লক্ষণীয় বিষয় যে মঙলদৈৰ বিধায়ক বসন্ত দাস, ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই মুকলিভাৱেই বিগত দিনবোৰত বিধানসভাৰ বাহিৰে-ভিতৰে বিজেপিৰ সহযোগী বিধায়ক হিচাপে ৰাজনৈতিক কাম অব্যাহত ৰাখিছে । আনকি আজিও ৰহাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ এক অনুষ্ঠানত বিধায়ক শশীকান্ত দাসক উপস্থিত থকা দেখা গৈছে । বিজেপিক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা দূৰ হোৱা শশীকান্ত দাসে ২০২৬ত বিজেপিৰ পৰা টিকট পাব নে নাই সেয়া নিশ্চিত নহয় ।

ইফালে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ছিদ্দিক আহমেদে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনক সমৰ্থন কৰিলেও তেওঁ আঞ্চলিক দল অগপত যোগদান কৰাৰ ক্ষেত্ৰতহে অধিক আগ্রহী । কিয়নো সমষ্টি পুনৰ গঠনৰ পাছত ছিদ্দিক আহমেদৰ সমষ্টিটোত প্রায় ৮৮ শতাংশলৈ সংখ্যালঘু মুছলমান ভোটাৰ বৃদ্ধি পাইছে । সেইবাবেই মুখ্যমন্ত্ৰীৰ প্ৰতি সমর্থন থাকিলেও ছিদ্দিক আহমেদে অগপতহে যোগদান কৰিব বিচাৰিছে । কিন্তু এতিয়ালৈকে অগপৰ শীৰ্ষ নেতৃত্বই তেওঁক সেউজ সংকেত দিয়া নাই ।

Assembly elections 2025
শশীকান্ত দাস (ETV Bharat Assam)

ইফালে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে দল বিৰোধী স্থিতি গ্ৰহণ কৰাৰ পাছত কংগ্ৰেছ দলৰ নেতা দেবব্ৰত শ‍ইকীয়াই বিধায়ক আলী আহমেদৰ বিৰুদ্ধে বিধানসভাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অভিযোগ দিছিল । দেৱব্ৰত শ‍ইকীয়াই শশীকান্ত দাস আৰু বসন্ত দাসৰ বিৰুদ্ধেও দলবিৰোধী অভিযোগ উত্থাপন কৰিছিল ।

কিন্তু বিধানসভাৰ অধ্যক্ষই এইক্ষেত্ৰত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । এনে পৰিস্থিতিত এতিয়া কংগ্ৰেছত থাকিও বিজেপিক সমর্থন জনোৱা কংগ্ৰেছী বিধায়কসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে ।

আনহাতে দুই নাৱত দুই ভৰি থকাৰ বাবে তেওঁলোকে নিজা সমষ্টিত কাম কৰিবও পৰা নাই । যাৰ ফলত এতিয়া তেওঁলোকৰ একমাত্ৰ আশা-ভৰসাৰ থল হৈ পৰিছে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা । মুখ্যমন্ত্ৰীৰ সমৰ্থন নাপালে কংগ্ৰেছৰ চাৰিগৰাকী বিধায়কৰ ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব । আনহাতে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক কোনো দলে বিশ্বাসত নল'লে তেওঁৰো ৰাজনৈতিক ভৱিষ্যৎ সংকটাপন্ন হৈ পৰিব ৷

লগতে পঢ়ক : পুৰণা বস্তুক নতুন ৰূপ দি নিৰ্বাচনী কৌশল ৰচিছে মুখ্যমন্ত্ৰীয়ে; দেৱব্ৰত শইকীয়া

লগতে পঢ়ক : ১০০ টকাতে তিনিবিধ সামগ্ৰী যোগান ধৰিব চৰকাৰে : মুখ্য়মন্ত্ৰী