ETV Bharat / politics

নৱগঠিত ডিমৰীয়াত উৰিল অগপৰ পতাকা : প্ৰথমবাৰ অৱতীৰ্ণ হৈ ১,১৬,০৫৮ টা ভোট লাভ কৰি জয়ী তপন দাস

সমষ্টিটোৰ পৰা পাঁচগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । মূল যুঁজখন অগপ আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ আছিল ।

ASSEMBLY ELECTION RESULTS 2026
ডিমৰীয়া বিধানসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে অগপই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 4, 2026 at 6:49 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ হোৱা ডিমৰীয়া বিধানসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে অগপই । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অগপৰ যুৱনেতা তপন দাসে অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ডিমৰীয়া সমষ্টিত বিপুল ভোটত জয় লাভ কৰে । তেওঁ ৬৫,৩৮৫ টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাক পৰাজিত কৰে ।

তপন দাসে ১,১৬,০৫৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাই ৫০,৬৭৩ টা ভোট লাভ কৰে । সমষ্টিটোৰ পৰা পাঁচগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।

মূল যুঁজখন অগপ আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ আছিল । আনহাতে, ডিমৰীয়া সমষ্টিৰ ৩,৩০৬ গৰাকী ভোটাৰে ন’ট‍াত ভোট দিয়ে । ইফালে সমষ্টিটোৰ পৰা অৱতীৰ্ণ হোৱা নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে কাবেৰী দাস টেৰণে ৫,৮৫৩ টা, নিতুল দাসে ১,৮৬৫ টা আৰু ভাস্কৰজ্যোতি পাঠকে ১,৫৯৩ টা ভোট লাভ কৰে । ২০ টা ৰাউণ্ডত হৈছিল ভোটগণনা ।

ASSEMBLY ELECTION RESULTS 2026
প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়লাভ তপন দাসৰ (ETV Bharat Assam)

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ হোৱা ডিমৰীয়া সমষ্টিটো বিজেপিয়ে মিত্রদল অগপক এৰি দিছিল । ২০২১ চনৰ নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিটো বিজেপিয়ে অগপক এৰি দিছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পশ্চিম গুৱাহাটীৰ ঠাইত নতুনকৈ হোৱা মধ্য গুৱাহাটী সমষ্টিটো বিজেপিয়ে নিজৰ হাতত ৰাখি ডিমৰীয়া সমষ্টিটো অগপক দিয়ে । ফলত অগপৰ যুৱ নেতা তপন দাসে টিকট লাভ কৰে । অগপৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা তপন দাস অসম ৰাজ্যিক ৱেৰহাউচ নিগমৰ উপাধ্যক্ষৰ দায়িত্বৰ লগতে অসম চাইকেলিং সংস্থাৰ সাধাৰণ সম্পাদক আৰু অসম অলিম্পিক সংস্থাৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছে । এইবাৰ প্ৰথমবাৰৰ বাবে ভোটযুদ্ধত অৱতীৰ্ণ হোৱা তপন দাসে ডিমৰীয়া সমষ্টিৰ যোগেদি বিধানসভালৈ যোৱাৰ সৌভাগ্য লাভ কৰিলে ।

উল্লেখ্য যে, ৩৪ নং ডিমৰীয়া সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১৮,১৫৮ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ১,০৫,৯৬৬ গৰাকী, মহিলা ভোটাৰ ১,১২,১৮৫ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৭ গৰাকী । সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮১.৭৯ শতাংশ ।

লগতে পঢ়ক: নগাঁও-বটদ্ৰৱা সমষ্টিত ৬০ হাজাৰৰো অধিক ভোটত জয়লাভ ৰূপক শৰ্মাৰ