হেট্ৰিক ! তৃতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰা
জনপ্ৰিয়তা অটুট ৰাখি ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত অতুল বৰা ৷ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৬০,৫৩৭টা ভোটৰ ব্যৱধানত বৃহৎ জয় লাভ কৰে ৷

Published : May 5, 2026 at 1:02 PM IST
গোলাঘাট: ‘‘বোকাখাতৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদে মোক অভিভূত কৰিছে ৷’’ তৃতীয়বাৰলৈ বিধায়ক পদত নিৰ্বাচিত হোৱা অগপৰ সভাপতি তথা বোকাখাত সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে এই মন্তব্যৰে সমষ্টিবাসীক কৃতজ্ঞতা জনায় ৷
হেট্ৰিকেৰে তৃতীয়বাৰলৈ বিধায়কৰ পদত নিৰ্বাচিত হৈছে অতুল বৰা ৷ জনপ্ৰিয়তা অটুট ৰাখি ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে অতুল বৰা ৷ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৬০,৫৩৭ টা ভোটৰ ব্যৱধানত বৃহৎ জয় লাভ কৰে ৷
বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত সোমবাৰে নিশা বোকাখাতস্থিত নিজা বাসগৃহত অতুল বৰা উপস্থিত হয় ৷ পূৰ্বৰে পৰাই ৰৈ থকা সমৰ্থকসকলে এক সমদল কৰি বৰাক আদৰি আনে ৷ সমৰ্থকসকলে আতজবাজী প্ৰদৰ্শনৰে বিজয়োল্লাস প্ৰদৰ্শন কৰে ৷
বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়, ‘‘বোকাখাতৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদে মোক অভিভূত কৰিছে ৷ ২০১৬ চনতো বোকাখাতৰ ৰাইজে প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছিল ৷ ২০২১ চনতো দিছিল আৰু এইবাৰ বিপুল ভোটত আমাক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছে ৷ আমাৰ এটাই লক্ষ্য যে এখন বিকশিত বোকাখাত, এখন সমৃদ্ধিশালী বোকাখাত ৷’’
বোকাখাতৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনাই অতুল বৰাই মিত্ৰদল ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তিৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ ইপিনে, ভবাৰ ধৰণেই সকলো হৈছে বুলি প্ৰকাশ কৰি অতুল বৰাই অসমবাসী ৰাইজক ধন্যবাদ জনায় কয় যে মুখ্যমন্ত্ৰীয়ে বিগত পাঁচটা বছৰ ৰাজ্যখনৰ উন্নয়ন, বিকাশৰ কাৰণে যিখিনি কষ্ট, শ্ৰম কৰিলে, তেখেতৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই এনে ফলাফল সম্ভৱ হ’ল ৷

