বৃহস্পতিবাৰে তামিলনাডুৰ ২৩৪ টা আৰু পশ্চিম বংগত প্ৰথম পৰ্যায়ত ১৫২ টা সমষ্টিত ভোটগ্ৰহণ
পশ্চিম বংগত প্ৰথম পৰ্যায়ত আৰু তামিলনাডুত একক পৰ্যায়ত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ দুয়োখন ৰাজ্যৰ নিৰ্বাচনৰ এক চমু আভাস জানি লওক-

Published : April 22, 2026 at 5:25 PM IST
নিউজ ডেস্ক: বৃহস্পতিবাৰে বাৰে দেশৰ দুখন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ পশ্চিম বংগত প্ৰথম পৰ্যায়ত আৰু তামিলনাডুত একক পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ ইতিমধ্যে নিকা আৰু স্বচ্ছভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ ৷ মোতায়েন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ দল ৷ ভোটগ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয়, তাৰ বাবে চোকা দৃষ্টি ৰাখিছে আয়োগে ৷
পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
যোৱা নিৰ্বাচনত পশ্চিমবংগত ৮ টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও এইবাৰ দুটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব মুঠ ২৯৪ টা সমষ্টিত । ইয়াৰে প্ৰথম পৰ্যায়ত ১৬ খন জিলাৰ ১৫২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বৃহস্পতিবাৰে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ ১৪৭৮ গৰাকী প্ৰাৰ্থীয়ে ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰায় ৩.৬ কোটি ভোটাৰে । ইয়াৰে ১.৭৫ কোটি মহিলা ভোটাৰ । কেন্দ্ৰীয় বাহিনীৰ ২৪৫০ টা কোম্পানী মোতায়েন কৰা হৈছে ৷ প্ৰথম পৰ্যায়ত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৪৪,৩৭৮ টা । ইয়াৰে ৭,৩৮৪ টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হৈছে । পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ২৯ এপ্ৰিলত ।
নন্দীগ্ৰামত যোৱা নিৰ্বাচনত মমতা বেনাৰ্জীক পৰাস্ত কৰিছিল বিজেপিৰ সুভেন্দু অধিকাৰীয়ে । এইবাৰ তেওঁৰ বিৰুদ্ধে থিয় দিছে তৃণমূল কংগ্ৰেছৰ পবিত্ৰ কৰ । বেহৰামপুৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰী আৰু বিজেপিৰ সুব্ৰত মৈত্ৰৰ মাজত তীব্ৰ যুঁজ হ’ব ৷
একেদৰে আনকেইগৰাকীমান হেভীৱেট প্ৰাৰ্থী হৈছে বাৰাবানিত বিজেপিৰ অৰিজিৎ ৰয়, বাঁকুৰাত তৃণমূল কংগ্ৰেছৰ ডাঃ অনুপ মণ্ডল, আচানচোল উত্তৰত বিজেপিৰ কৃষ্ণেন্দু মুখাৰ্জী আৰু বাঘমুণ্ডিত কংগ্ৰেছৰ নেপাল চন্দ্ৰ মাহাতো ৷
তামিলনাডু বিধানসভা নিৰ্বাচন ২০২৬
২৩৪ খন আসন বিশিষ্ট তামিলনাডু বিধানসভাৰ বাবে বৃহস্পতিবাৰে একক পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ ৰাজ্যখনত ডিএমকে নেতৃত্বাধীন ছেকুলাৰ প্ৰগ্ৰেছিভ এলায়েন্স আৰু এআইএডিএমকে নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ মাজত মূল যুঁজখন অনুষ্ঠিত হ’ব ৷ ইফালে অভিনেতা বিজয়ৰ তামিলাগা ভেট্ৰি কাঝাগামেও এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷
তামিলনাডুত মুঠ ২৩৪ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৪০২৩ গৰাকী প্ৰাৰ্থীয়ে । ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫,৭৩,৪৩,২৯১ গৰাকী । নিৰ্বাচন পৰিচালনাৰ বাবে প্ৰায় ১.৪০ লাখ আৰক্ষী নিয়োগ কৰা হৈছে । মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৭৫,০৬৪ টা ।
হেভীৱেট প্ৰাৰ্থী
এম কে ষ্টেলিন আৰু উদয়নিধি ষ্টেলিন (ডিএমকে): মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কোলাথুৰ সমষ্টিৰ পৰা আৰু তেওঁৰ পুত্ৰ তথা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী উদয়নিধি ষ্টেলিনে চেপাউক-থিৰুভেলিকেনি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ।
বিজয় (টিভিকে): অভিনেতা-ৰাজনীতিক বিজয়ে তামিলাগা ভেট্ৰি কাঝাগাম দলৰ হৈ দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে । এই সমষ্টি দুটা হৈছে তিৰুচিৰাপল্লী পূব আৰু পেৰাম্বাডুৰ ।
ঈডাপ্পি কে পালানিস্বামী (এআইএডিএমকে): দলটোৰ সাধাৰণ সম্পাদক তথা এন ডি এৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী পালানিস্বামীয়ে ইডাপ্পি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ২০১১ চনৰ পৰা এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে ।
অ’ পান্নীৰচেল্ভাম (ডিএমকে): প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এআইএডিএমকেৰ প্ৰাক্তন নেত্ৰী জে জয়লালিতাৰ একালৰ অনুগামী পান্নীৰচেল্ভামে নিৰ্বাচনৰ পূৰ্বে ডিএমকেত যোগদান কৰে । এআইএডিএমকেৰ দুৰ্গ স্বৰূপ বডিনায়াক্কনুৰৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্ৰক্ষেপ কৰিছে ডিএমকেই ।
উল্লেখ্য যে, অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালাম আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব অহা ৪ মে’ তাৰিখে ৷
লগতে পঢ়ক:
ভোট কিনিবলৈ ১২০০ কোটি ! ভোটগ্ৰহণৰ পূৰ্বে তামিলনাডুত টকাৰ উজান

