কংগ্ৰেছৰ সাত জনীয়া চতুৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ : এঘাৰটা সমষ্টি দিলে ৰাইজৰ দলক
অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আসন বুজাবুজি সম্পন্ন হ'ল । শুকুৰবাৰে নিশা কংগ্ৰেছ দলে সাতটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে ।

Published : March 20, 2026 at 11:21 PM IST
গুৱাহাটী : মিত্রদল ৰাইজৰ দলক এঘাৰটা সমষ্টি এৰি দি শুকুৰবাৰে কংগ্ৰেছে ঘোষণা কৰে সাতজনীয়া চতুৰ্থখন প্ৰাৰ্থী তালিকা । বহু পলমকৈ বহু আলোচনাৰ অন্তত বৃহস্পতিবাৰে নিশা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আসন বুজাবুজিৰে মিত্রতা সম্পন্ন হয় । মিত্রতা সম্পন্ন হোৱাৰ পাছতে শুকুৰবাৰে কংগ্ৰেছ দলে সাতটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে ।
ইতিমধ্যে তিনিখন তালিকাৰে কংগ্ৰেছ দলে ৮৭ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল । চতুৰ্থখন তালিকাত সাতটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । সেই হিচাপত কংগ্ৰেছ দলে ৯৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে ।
আনহাতে অসম জাতীয় পৰিষদকে ধৰি আন মিত্রদলৰ বাবে ১৫ খন আসন কংগ্ৰেছে এৰি দিছে । সেইদৰে ৰাইজৰ দলক এৰি দিছে ১১ টা সমষ্টি । সেই হিচাপত কংগ্ৰেছ আৰু মিত্রজোঁটৰ মুঠ আসনৰ সংখ্যা হৈছে ১২০ খন । এতিয়াও ছয়খন আসন বাকী আছে ।

শুকুৰবাৰে কংগ্ৰেছ দলে ঘোষণা কৰা চতুৰ্থখন প্ৰাৰ্থী তালিকা অনুসৰি জালুকবাৰী সমষ্টিত বিদিশা নেওগ, টংলাত ৰোহিত পাৰিগা, বিশ্বনাথত জয়ন্ত বৰা, নাওবৈচাত ড০ জয়প্ৰকাশ দাস, মাহমৰাত জ্ঞনদীপ মহন, তিতাবৰত প্ৰাণ কুৰ্মী আৰু হাইলাকান্দিত ৰাহুল ৰয়ক প্ৰাৰ্থীত্ব দিয়া হৈছে ।
তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাক এইবাৰ দলে টিকট নিদিলে । তেওঁৰ ঠাইত প্ৰাণ কুৰ্মীক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে ।
আনহাতে কংগ্ৰেছে মিত্রদল ৰাইজৰ দলক ১১ খন আসন এৰি দিছে । ৰাইজৰ দলক দিয়া আসন কেইখন হৈছে মানস, দলগাঁও, ধিং, কলিয়াবৰ, তেজপুৰ, চিচিবৰগাঁও, মাৰ্ঘেৰিটা, ডিগবৈ, শিৱসাগৰ, মৰিয়নী আৰু বোকাখাট সমষ্টি ।
উল্লেখ্য যে, কংগ্ৰেছ দলে প্ৰথমখন প্ৰাৰ্থী তালিকাত ৪২ টা সমষ্টি, দ্বিতীয়খন প্ৰাৰ্থী তালিকাত ২৩ টা সমষ্টি আৰু তৃতীয়খন প্ৰাৰ্থী তালিকাত ২২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল । কংগ্ৰেছে মিত্রদলক পূৰ্বতে এৰি দিয়া ১৫ টা সমষ্টি হৈছে ভৱানীপুৰ-সৰভোগ, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গোৰেশ্বৰ, মৰিগাঁও, বঢ়মপুৰ, বিন্নকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আমৰি সমষ্টি ।
লগতে পঢ়ক : ঝুমুৰ নাচি নাচি মনোনয়ন পত্ৰ দাখিল কৰিলে জ্ঞানশ্ৰী বৰাই
লগতে পঢ়ক : বৰছলাত নিৰ্বাচন একপক্ষীয় হ'ব; মনোনয়ন দাখিল কৰি আত্মবিশ্বাসী ৰিপুণ বৰা
লগতে পঢ়ক : ‘‘এসময়ত আমি বিজেপিৰ টিকট দিছিলো, আজি মোৰ এই দুৰ্দশা’’ : টিকট বঞ্চিত জয়ন্ত দাসৰ আক্ষেপ
লগতে পঢ়ক : প্ৰাৰ্থিত্ব নাপাই অগপৰ সকলো বিষয়-বাব এৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই

