ETV Bharat / politics

অখিল গগৈৰ অভিযোগৰ নয়া পইচাৰো দাম নাই: দিলীপ শইকীয়া

অখিল গগৈক বৈঠকৰ স্ক্ৰীনশ্বট যোগান ধৰিছিল শিৱসাগৰৰ ডিমৌৰ হৰ্ষ ওৰফে বিনোদ কোঁৱৰ নামৰ এজন যুৱকে ৷ এই তথ্য সদৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৷

BJP president Dilip Saikia
দিলীপ শইকীয়াৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 7:19 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: ‘‘বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৬০ টা বিধানসভা সমষ্টিত ১০,০০০ কৈ বিজেপি বিৰোধী ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ নিৰ্দেশ দি মন্ত্ৰী অশোক সিংহলক দায়িত্ব অৰ্পণ কৰিছে’’ - ৰাইজৰ দলৰ সভাপতি তথা বিৰোধী বিধায়ক অখিল গগৈৰ এই বিস্ফোৰক অভিযোগে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাইছে ৷ অৱশ্যে এই অভিযোগক মুঠেই গুৰুত্ব দিব খোজা নাই বিজেপি আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৷

দিলীপ শইকীয়াৰ মন্তব্য - 'পাঁচ পইচাৰো মূল্য নাই’ অখিল গগৈৰ অভিযোগৰ । সোমবাৰে অখিল গগৈয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰাৰ পিছত মঙলবাৰে বিজেপি সভাপতিগৰাকীয়ে অখিলৰ অভিযোগক মনে সজা আৰু উদ্দেশ্য প্ৰণোদিত আখ্যা দি খণ্ডন কৰিছিল ।

অখিল গগৈৰ অভিযোগৰ নয়া পইচাৰো দাম নাই: দিলীপ শইকীয়া (ETV Bharat Assam)

তাৰপিছতেই অখিল গগৈয়ে সামাজিক মাধ্যমযোগে বিজেপিৰ অনলাইন বৈঠকৰ স্ক্ৰীনশ্বট ৰাজহুৱা কৰি বিজেপি আৰু দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাইছিল । সেয়ে বুধবাৰে পুনৰ অখিল গগৈক উদ্দেশ্যি সংবাদ মাধ্যমৰ সন্মুখত প্ৰত্যুত্তৰ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ।

অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা ভোট কৰ্তনৰ অভিযোগ সন্দৰ্ভত দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অখিল গগৈয়ে দিয়া স্ক্ৰীনশ্বটসমূহ যোৱা ৪ জানুৱাৰীত হোৱা ভিডিঅ' কনফাৰেন্সৰ ফটো । সেইখিনি ফটো ইতিমধ্যে আমাৰ বিষয়ববীয়াসকলে সামাজিক মাধ্যমত ৰাজহুৱা কৰি থৈছে ৷ অখিল গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দাম নাই ৷ নলবাৰীৰ ফালে আমি ৫ নয়া পইচা বুলি কওঁ ৷”

অখিল গগৈয়ে ক’ত পালে বিজেপিৰ বৈঠকৰ স্ক্ৰীনশ্বট ?

বিজেপিৰ বিৰুদ্ধে অখিল গগৈৰ এই বিস্ফোৰক অভিযোগৰ পিছত স্বাভাৱিকতে প্ৰশ্ন হয় যে বিজেপিৰ কোনে অখিল গগৈক দিলে দলীয় বৈঠকৰ গোপন তথ্য আৰু স্ক্ৰীনশ্বট ? এই কথাৰো ভেদ ভাঙিলে দিলীপ শইকীয়াই । অখিল গগৈক কোনে এই স্ক্ৰীনশ্বট দিলে সেই কথা গুৱাহাটীত বিজেপিৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সদৰি কৰিলে দিলীপ শইকীয়াই ।

দিলীপ শইকীয়াই সদৰি কৰে যে অখিল গগৈক বৈঠকৰ স্ক্ৰীনশ্বট যোগান ধৰিছিল শিৱসাগৰৰ ডিমৌৰ হৰ্ষ ওৰফে বিনোদ কোঁৱৰ নামৰ এজন যুৱকে ৷

ডিমৌ সমষ্টিৰ বি এল এ-১ বিনোদ কোঁৱৰ । অখিল গগৈৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই বৈঠকত ভাগ লোৱা স্ক্ৰীনশ্বটসমূহ অখিল গগৈক দিব পাৰে বুলি মন্তব্য দিলীপ শইকীয়াৰ ।

অভিযোগ সত্য প্ৰমাণ কৰাৰ সাহস নাই অখিল গগৈৰ

লগতে অখিল গগৈয়ে অসমৰ ৰাইজক বিভ্ৰান্ত কৰাৰ অভিযোগ তুলি অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য, “ৰাইজক পুনৰ বুৰ্বক সজাব খুজিছে অখিল গগৈয়ে ৷ অভিযোগ সত্য প্ৰমাণ কৰিবলৈ অখিল গগৈৰ সাহস নাই ৷ ৪ জানুৱাৰীৰ ভিডিঅ' কনফাৰেন্সৰ স্ক্ৰীনশ্বট দি আচলতে অখিল গগৈয়ে কি ক’ব বিচাৰিছে সেয়া ঠিক কৰি লওক ৷”

লগতে শইকীয়াই উল্লেখ কৰে যে অখিল গগৈয়ে দিয়া স্ক্ৰীনশ্বটত একো নাই । তাৰ পূৰ্বেই বিজেপিৰ কৰ্মকৰ্তাই সামাজিক মাধ্যমত ৪ জানুৱাৰীৰ অনলাইন বৈঠকখনৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিছিল । কেৱল সংখ্যালঘুক তুষ্টিকৰণৰ বাবেই এই অভিযোগ অনা বুলি অখিল গগৈক প্ৰত্যুত্তৰ দিলীপ শইকীয়াৰ ।

সাংবাদিকৰ প্ৰশ্নত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য, “৩ গগৈৰ চিন্তা-চৰ্চা অসমৰ কাৰণে বহুত ভয়ংকৰ । ৩ গগৈৰ পৰা অসমৰ জনতা সাৱধান হোৱা উচিত । অখিল গগৈয়ে ভাবিছে তেওঁৰ ওচৰতে ফটো আছে । অখিলতকৈ আগতে আমাৰ কাৰ্যকৰ্তাই ফটো আপলোড দিছিল ।"

আনহাতে, অখিল গগৈয়ে উত্থাপন কৰা বিষয়টোত বিৰোধীয়ে বিভিন্ন ধৰণে মন্তব্য প্ৰকাশ কৰাক লৈ দিলীপ শইকীয়াৰ মন্তব্য যে বিৰোধীৰ নিজৰ মন্তব্যৰেই মিল নাই ৷

দিলীপ শইকীয়াই এইদৰে কয়, “অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে নাম কৰ্তনৰ অভিযোগ তুলি দিয়া পৰিসংখ্যা একে নহয় । এজনে কয় ৬০ হাজাৰ, আনজনে কয় ৩১ ৷ তেওঁলোকে সঠিককৈ ঠিক কৰি লৈ কওক কিমান সমষ্টিৰ ভোট কৰ্তন কৰিব লাগে !”

লগতে পঢ়ক :ভোটাৰৰ খচৰা তালিকাৰ বিসংগতি : ডেকা সত্ৰীয়াৰ পৰিয়ালত অন্তৰ্ভুক্ত মুছলমান লোক
লগতে পঢ়ক :নিৰ্বাচন অহা বাবে অখিল গগৈৰ মতিভ্ৰম হৈছে :ৰাইজৰ দলৰ সভাপতিক উভতি ধৰিলে অশোক সিংহলে