নিৰ্বাচনৰ ফলাফল অত্যন্ত হতাশাজনক;পৰাজয়ৰ দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ
২০২৬ৰ নিৰ্বাচনত দলৰ হতাশাজনক ফলাফলৰ দায়িত্ব স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।

By ANI
Published : May 10, 2026 at 6:06 PM IST
গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ ফলাফল অতি শোচনীয় আছিল । অসমৰ মূল বিৰোধী দলটোৱে মাত্ৰ ১৯ খন আসন লাভ কৰি বিৰোধীৰ সেই মৰ্যাদাও হেৰুৱাৰ উপক্ৰম হৈছে । এই ফলাফলৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে দলটোৰ পৰাজয়ৰ সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰিছে । কংগ্ৰেছৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয় যে, শেহতীয়া নিৰ্বাচনৰ ফলাফল অত্যন্ত হতাশাজনক ।
সাংবাদিকৰ আগত গগৈয়ে কয়, "শেহতীয়া অসম বিধানসভা নিৰ্বাচনৰ ফলাফল অত্যন্ত হতাশাজনক । ইয়াৰ পূৰ্বেও মই কৈছোঁ যে মই ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল'ম ।" তেওঁ লগতে কয় যে, দলৰ হাইকমাণ্ডকো একেখিনি কথা জনাইছে আৰু দলটোৱে ইতিমধ্যে আভ্যন্তৰীণ পৰ্যালোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ উল্লেখ কৰে ।
তেওঁ কয়, "সাংগঠনিক পুন গঠনৰ ক্ষেত্ৰত ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰাৰ লগতে পৰৱৰ্তী কেইটামান পদক্ষেপৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ উদ্দেশ্যে মই হাইকমাণ্ডৰ সৈতেও যোগাযোগ কৰিছো । একে সময়তে আমি ইতিমধ্যে আভ্যন্তৰীণ পৰ্যালোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছো... ৷ মই ভাবো অহা এমাহৰ ভিতৰত আমি প্ৰকৃত কাৰণসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰিম যিয়ে এই বিশেষ ২০২৬ চনৰ ফলাফলৰ ব্যাখ্যা দিব পাৰে ।"
উল্লেখ্য যে শেহতীয়া নিৰ্বাচনত অসমত বিজেপি মিত্ৰজোঁটে ঐতিহাসিক বিজয় সাব্যস্ত কৰি তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ প্ৰস্তুতি চলাইছে । বিজেপি নেতৃত্বাধীন এনডিএয়ে ১০২ খন আসন লাভ কৰিছে । বিজেপিয়ে অকলে ৮২ খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰদল অগপ আৰু বিপিএফয়ে ১০ খনকৈ আসন লাভ কৰি এনডিএৰ মুঠ আসন ১০২ লৈ বৃদ্ধি কৰে ।
ইফালে ড৹ হিমন্ত বিশ্ব শৰ্মাক দেওবাৰে বিধায়িনী দলৰ নেতা ঘোষণা কৰে । তাৰ পিছত তেওঁ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি ইতিমধ্যে চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰিছে । অহা ১২ মে'ত ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শপতগ্ৰহণ কৰিব ।
লগতে পঢ়ক :

