বিৰোধী একত্ৰিত হ'লেও লুৰীণক খোৱাং সমষ্টি এৰি নিদিয়ে কংগ্ৰেছ কৰ্মীয়ে !
২০২৬ৰ নিৰ্বাচনত খোৱাং সমষ্টি লুৰীণজ্যোতি গগৈৰ বাবে মসৃণ নোহোৱাৰ ইংগিত কংগ্ৰেছ কৰ্মীৰ । সমষ্টিটোত কংগ্ৰেছ দলৰে প্ৰাৰ্থী দিয়াটো বিচাৰিছে তৃণমূলৰ কৰ্মীয়ে ।

Published : January 4, 2026 at 2:33 PM IST
ডিব্ৰুগড় : অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ দুটামান মাহ বাকী থকা অৱস্থাত উজনি অসমৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত হৈছে ৮৯ নং খোৱাং বিধানসভা সমষ্টি । নৱগঠিত সমষ্টিটোত শাসক-বিৰোধীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখা গৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণত পূৰ্বৰ মৰাণ বিধানসভা সমষ্টিৰ তিলৈ, মৰাণ দিখাৰী আৰু বামুণবাৰী পঞ্চায়তক টিংখাং বিধানসভা সমষ্টিৰ লগত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে বৰবৰুৱা, দুলীয়া-কাকতি, বৰপথাৰ আৰু জকাই পঞ্চায়তক অন্তৰ্ভুক্ত কৰি গঠন হোৱা খোৱাং সমষ্টিত জাতি-জনগোষ্ঠীৰ ভোটৰ বিন্যাস কিছু সালসলনি ঘটিছে ।
পূৰ্বৰ মৰাণ সমষ্টি তথা বৰ্তমানৰ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে তৃতীয়বাৰৰ বাবে টিকট লাভ নকৰে বুলি বিজেপি দলৰ একাংশ নেতাই প্ৰচাৰ আৰম্ভ কৰিছে । তদুপৰি প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰম্ভ হৈছে বিধায়কজনৰ বিৰুদ্ধে । বিধায়ক চক্ৰধৰ গগৈৰ উত্তৰসূৰী হ'বলৈ বিজেপি দলৰ কেইবাজনো নেতাই সমষ্টিটোত চলাই আহিছে সাংগঠনিক কুচকাৱাজ । ইয়াৰ সমান্তৰালভাৱে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাংগঠনিক কামকাজ চলাই গৈছে !
আনহাতে কংগ্ৰেছ দলৰ পৰাও প্ৰাৰ্থী বিচাৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কাষ চপা নেতাৰ সংখ্যা বহু কেইজন । ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বিজিত সন্দিকৈ, জিলাৰ উপ-সভাপতি বিজু দুৱৰাকে ধৰি কেইবাজনো নেতাই প্ৰাৰ্থিত্ব বিচাৰি সাংগঠনিক কামকাজ কৰাৰ লগতে দলীয় কৰ্মীসকলক লৈ সঘনাই সাংগঠনিক সভা অনুষ্ঠিত কৰি আহিছে । তেনেস্থলত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী দলৰ মাজত প্ৰাৰ্থিত্বক লৈ খোৱা-কামোৰা আৰম্ভ হৈছে । খোৱাং সমষ্টিত বিৰোধী ঐক্যৰ হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি চৰ্চা চলা সময়তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত ।

খোৱাং সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰিছে খোৱাঙৰ কংগ্ৰেছ কৰ্মীসকলে । খোৱাং সমষ্টি কোনো কাৰণতে অন্য দলক এৰি দিব বিচৰা নাই তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে । বিৰোধী একত্ৰিত হ'লেও লুৰীণজ্যোতি গগৈক খোৱাং সমষ্টি এৰি নিদিয়ে কংগ্ৰেছ কৰ্মীয়ে । কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা কৰি খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সাংগঠনিক কামকাজত তৎপৰ হৈছে যদিও খোৱাং সমষ্টিৰ কংগ্ৰেছ নেতাসকলৰ মাজত বৃদ্ধি পাইছে ক্ষোভ-অসন্তুষ্টি । বিৰোধী ঐক্য স্থাপনৰ স্বাৰ্থত খোৱাং সমষ্টি লুৰীণজ্যোতি গগৈক এৰি দিলেও সমষ্টিটো লুৰীণজ্যোতি গগৈৰ বাবে মসৃণ নোহোৱাৰ ইংগিত কংগ্ৰেছ কৰ্মীসকলৰ । কংগ্ৰেছ কৰ্মীয়ে সহায় নকৰিলে খোৱাঙত বিপদত পৰিব পাৰে লুৰীণজ্যোতি গগৈ । কাৰণ খোৱাঙত বিজেপিৰ সাংগঠনিক ভেটি বৰ্তমান সময়ত অতি শক্তিশালী বুলি দাবী কৰিছে কংগ্ৰেছ কৰ্মীসকলে ।
ৰাজ্যৰ ভিতৰতে খোৱাং সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী
বিৰোধী ঐক্যৰ হৈ খোৱাং সমষ্টিত লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চলা চৰ্চাক লৈ কংগ্ৰেছ নেতা তথা ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ উপ-সভাপতি বিজু দুৱৰাই কয়, "সৰ্বভাৰতীয় কংগ্ৰেছ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত খোৱাং সমষ্টিৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে অতি উৎসাহেৰে কাম কৰিছে । '২৬ৰ নিৰ্বাচনৰ বাবে প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে । যিখিনি কাম বাকী আছে সেইখিনি কামত আমি লাগি আছোঁ । আমাৰ খোৱাং সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ লক্ষ্য হৈছে হাত আৰু মুখখন হৈছে গৌৰৱ গগৈ । এই দুটা বস্তুক লৈ আমি কংগ্ৰেছক আগুৱাই নিছোঁ । বিজেপিৰ বিৰুদ্ধে ভিতৰি ভিতৰি ৰাইজৰ ক্ষোভ অসন্তুষ্টি আছে । সেয়ে বিজেপিৰ বিৰুদ্ধে ৰাইজ এক হৈছে ।"

তেওঁ লগতে কয়, "১২৬ টা সমষ্টিৰ ভিতৰত খোৱাং সমষ্টিত এতিয়া কংগ্ৰেছৰ ভেটি ভাল । বিজেপিৰ যিকোনো প্ৰাৰ্থীয়েই নহওঁক কংগ্ৰেছৰ হাতত পৰাজিত হ'ব । বিৰোধী ঐক্য নিৰ্বাচনৰ সময়লৈকে থাকিব নে নাই সেয়া আমি ক'ব নোৱাৰোঁ । কাৰণ ইয়াৰ পূৰ্বে বিৰোধী ঐক্য ভংগ হৈছিল । লুৰীণজ্যোতি গগৈয়ে ক'ত সাংগঠনিক কামকাজ কৰিছে সেইটো আমাৰ চোৱা দায়িত্ব নহয় । বিৰোধী ঐক্য নহ'লেও তেওঁ য'তে খেলিবলৈ ইচ্ছা তাতে খেলিব পাৰিব । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ১০০ টা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিব বুলি মন্তব্য কৰিছিল । এই ১০০ সমষ্টিৰ ভিতৰতে খোৱাং সমষ্টি থাকিব বুলি আমি নিশ্চিত ।"
বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়াকৈ যুদ্ধ হ'ব
খোৱাং সমষ্টিত কংগ্ৰেছৰ স্থিতি সম্পৰ্কে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ উপাধ্যক্ষ বিজিত সন্দিকৈয়ে কয়, "নিৰ্বাচনলৈ যিহেতু কম সময় আছে এই সময়ত আমি দিন-ৰাতি একাকাৰ কৰি সাংগঠনিক কামকাজ কৰিছোঁ । তৃণমূল পৰ্যায়ৰ পৰা দলটোক শক্তিশালী কৰিবলৈ চেষ্টা কৰিছোঁ । লুৰীণজ্যোতি গগৈ যিহেতু এটা দলৰ সভাপতি গতিকে তেওঁ যিকোনো সমষ্টিত সাংগঠনিক কামকাজ কৰিব পাৰে, সেইমতেই কৰিছে । এইবাৰ খোৱাং সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত পোনপটীয়াকৈ যুদ্ধ হ'ব । এইবাৰ কংগ্ৰেছৰ দখললৈ যাব খোৱাং সমষ্টি ।"
বিৰোধীৰ ভোট বিভাজন নহ'বলৈ কংগ্ৰেছক আহ্বান অসম জাতীয় পৰিষদৰ
কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাটোত তীব্ৰ বিৰোধিতা কৰিলেও অসম জাতীয় পৰিষদৰ কৰ্মীসকলে খোৱাং সমষ্টিতে বিচাৰে লুৰীণজ্যোতি গগৈক । এই সম্পৰ্কে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় য়ুৱ শক্তিৰ সম্পাদক অংকিত গগৈয়ে কয়, "অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব । এই সম্পৰ্কে বিভিন্ন পৰ্যায়ত আলোচনা চলি আছে । দলৰ ফালৰ পৰাও আমি সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছোঁ । ইতিমধ্যে খোৱাং সমষ্টিত কেইবাখনো বুথ সন্মিলন হৈ উঠিছে । খোৱাং সমষ্টিৰ ৰাইজৰ বাবে লুৰীণজ্যোতি গগৈৰ দৰে নেতা অতি প্ৰয়োজন । সেইবাবে আমাৰ দলৰ কৰ্মীসকলে দিনে-নিশাই সাংগঠনিক কামকাজ চলাই নিছে । বিৰোধীৰ ভোট বিভাজন নহ'বলৈ কংগ্ৰেছ দলে কিছু এৰা-ধৰা কৰিব লাগিব ।"
অৱশ্যে খোৱাং সমষ্টিত কোনে টিকট পায় সেয়া পিছৰ কথা কিন্তু কংগ্ৰেছ আৰু বিৰোধীৰ মাজত যদি এইধৰণৰ অসন্তুষ্টি থাকে তেনেহ'লে নিৰ্বাচনলৈ বিৰোধী ঐক্য থাকিব নে নাই সেয়াহে ডাঙৰ প্ৰশ্ন !
লগতে পঢ়ক :সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অভয়াপুৰী বিধানসভা সমষ্টিৰ এক অৱলোকন

