ETV Bharat / politics

জল্পনা-কল্পনা চলি থকাৰ মাজতে বিৰোধী মিত্ৰতাৰ ৰূপৰেখা চূড়ান্ত হোৱাৰ দিশে বুলি ক’লে লুৰীণজ্যোতি গগৈয়ে

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা লুৰীণজ্যোতি গগৈৰ । খচৰা ভোটাৰ তালিকাৰ বিসংগতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী নেতাজনৰ ।

Lurinjyoti Gogoi
মাঘ বিহুৰ আগে-পিছে বিৰোধী মিত্ৰতাৰ ৰূপৰেখা চূড়ান্ত হ'ব : লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 4:05 PM IST

5 Min Read
Choose ETV Bharat

যোৰহাট : অসমৰ বিধানসভা নিৰ্বাচন সমাগত । ইতিমধ্যে শাসক-বিৰোধীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে । শাসকীয় দলৰ বিপৰীতে বিৰোধীৰ স্থিতি এতিয়াও নৰম দেখা গৈছে । কিয়নো বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰতা এতিয়া চূড়ান্ত হোৱা নাই ।

বিৰোধীৰ মূল কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এতিয়াও বিপৰীত স্থিতিত আছে । অৱশ্যে মাঘ বিহুৰ আগে-পিছে বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰতা চূড়ান্ত হ'ব বুলি ঘোষণা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)

এই সন্দৰ্ভত গগৈয়ে কয়, "বিৰোধী নিশ্চিতভাৱে ঐক্যবদ্ধ হ'ব, সেই দিশেৰে আমি অগ্ৰসৰ হৈছোঁ । মাঘৰ বিহুৰ আগে-পিছে বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ মাজত যি মিত্ৰতা তাৰ চূড়ান্ত ৰূপৰেখা নিৰ্ধাৰণ হ'ব । ইতিমধ্যে আনুষ্ঠানিকভাৱে সভা আৰু অনানুষ্ঠানিকভাৱে আলোচনা চলি আছে । বিৰোধী একত্ৰিত হৈ ভোট বিভাজন ৰোধ কৰি সৰ্বশক্তিৰে নিৰ্বাচনত জঁপিয়াই পৰিবলৈ আমি আগবাঢ়িছো আৰু দৃঢ়তাৰে বিশ্বাস কৰোঁ বিৰোধী একত্ৰিত হ'লে বিজেপিৰ নিস্তাৰ নাই । বুজাপৰাৰ মাজেৰে ইটো দলে সিটো দলৰ প্ৰতি সন্মান প্ৰদৰ্শনৰে আগন্তুক দিনত আগবাঢ়িলে সাধাৰণ জনগণৰ মাজত এটা বাৰ্তা দিব পাৰিম । আমি আশাবাদী যিটো ৰাজনৈতিক পৰিৱেশ বিচাৰিছে সেইটো মানুহৰ মাজত আহিব ।"

Lurinjyoti Gogoi
মাঘ বিহুৰ আগে-পিছে বিৰোধী মিত্ৰতাৰ ৰূপৰেখা চূড়ান্ত হ'ব : লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

ভোটাৰৰ খচৰা তালিকাৰ বিসংগতি

শেহতীয়াকৈ প্ৰকাশ পোৱা ভোটাৰৰ খচৰা তালিকাৰ বিসংগতি সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয়, "ভোটাৰ তালিকাৰ যি বিশেষ পুনৰীক্ষণ চলি আছে আমি তাত দেখিছোঁ যে কিছু অচিনাকি মানুহৰ নাম সন্নিবিষ্ট হৈছে । যেতিয়াই নিৰ্বাচন আয়োগে ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে তেতিয়াই আমি আশংকা প্ৰকাশ কৰিছিলোঁ । কাৰণ বিহাৰৰ পিছত অসমত এছ আই আৰ নহয় বুলি কৈছিল । কিন্তু যেতিয়াই বিহাৰ নিৰ্বাচনৰ ফলাফল আহিল লগে লগে অসমতো এছ হ'ব বুলি ঘোষণা কৰিলে । তেতিয়াই অসমৰ ৰাইজৰ শংকা আৰু সন্দেহ হৈছিল বিহাৰৰ সম্পৰীক্ষা অসমতো প্ৰয়োগ কৰি ৰাজনৈতিক মুনাফা ল'ব । সেয়া কিছু আভাস দেখিবলৈ পোৱা গৈছে । আমাৰ থলুৱা মানুহৰ ঘৰত 'যাদৱ' উপাধিৰ মানুহ পোৱা গৈছে । সেয়া ঘৰৰ গৰাকীয়ে চিনি নাপায় । আমি পূৰ্বতে কৰা শংকা আৰু সন্দেহক ভোটাৰ তালিকাত 'যাদৱ' উপাধিৰ মানুহ পোৱাটো বাস্তৱত প্ৰতিফলন ঘটাইছে ।"

এইক্ষেত্ৰত নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই গগৈয়ে কয়, "দেশৰ নিৰ্বাচন আয়োগে গুৰুত্বসহকাৰে গ্ৰহণ কৰক । কাৰণ আজি বিজেপি চৰকাৰ আছে, সৰ্বকালৰ বাবে বিজেপি চৰকাৰৰ নাথাকে । যিবোৰ বিধি বহিৰ্ভূত কথা-বতৰা আৰু বিশেষকৈ নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰি থকা অভিযোগ মানুহৰ মাজত আহিছে, সেইটো কোনো কাৰণতে ভাল কথা নহয় । সুস্থ গণতান্ত্ৰিক বাতাবৰণ, সুস্থ ঐতিহ্য পৰম্পৰাৰ কাৰণে ভাল কথা নহয় ।"

তেওঁ লগতে কয়, "নিৰ্বাচন আয়োগৰ দায়িত্ব আছে যে কোনো ধৰণে এই ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত বাহিৰৰ পৰা মানুহ আনি ভৰাই দিয়া নহয় । দ্বিতীয়তে যি ঠাইত তেওঁলোকে ভোট কম পাব বুলি ভাবে স্থানীয় বাসিন্দাৰ নাম যাতে কৰ্তন নকৰে । এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দলে সতৰ্ক দৃষ্টি ৰাখিব লাগিব আৰু এইক্ষেত্ৰত বিএলঅ' সকলৰো জাতীয় দায়িত্ব আছে । অসমৰ ৰাজনৈতিক অধিকাৰত যাতে বাহিৰৰ লোকে নিৰ্ণায়ক ভূমিকা ল'ব নোৱাৰে ইয়াত সকলোৰে দৃষ্টি ৰখাটো বহু প্ৰয়োজন ।"

Lurinjyoti Gogoi
লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

জয়ী হ'ব পৰা প্ৰাৰ্থীক প্ৰাধান্য দিব লাগে

বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ আগতেই ৰাইজৰ দলে মৰিয়নী সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰাৰ প্ৰসংগত লুৰীণজ্যোতি গগৈয়ে কয়, "আমি আলোচনা কৰাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত সকলোৱে লোৱাটো প্ৰয়োজন । কাৰণ প্ৰাৰ্থী ঘোষণা কৰাটো আৰু জয়লাভ কৰি যোৱাটো মূল কথা । মইও বিভিন্ন স্থানত প্ৰাৰ্থী ঘোষণা কৰিব পাৰিম কিন্তু জয়লাভ কৰিব পৰা প্ৰাৰ্থীগৰাকী আৰু সংগঠন আদি কৰি সকলো কথা বিশ্লেষণ কৰিহে চূড়ান্ত সিদ্ধান্ত ল'ব লাগে । কাৰণ চৰকাৰ বনাবলৈ হ'লে বিধায়ক জিকি যাবই লাগিব । তাৰ কাৰণে সকলো জঁপিয়াই পৰিব লাগিব, সকলোৱে সহায় কৰিব লাগিব সকলো বিৰোধী দলক ।"

ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব লুৰীণজ্যোতি গগৈয়ে ?

লুৰীণজ্যোতি গগৈয়ে বিভিন্ন সমষ্টিত নিৰ্বাচনী যো-জা চলোৱা সন্দৰ্ভত শেহতীয়াকৈ চৰ্চা চলিছে । খোৱাং সমষ্টিত গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও এক খবৰ ওলাইছে । এই সন্দৰ্ভত গগৈয়ে স্পষ্ট কৰি দিয়ে, "এই বিষয়ত দলৰ মজিয়াত আলোচনা চলি আছে, মই য'ত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰয়োজন, দলে সিদ্ধান্ত ল'ব । চৰ্চা চলা আৰু আমি সঠিক আৰু শুদ্ধ সিদ্ধান্ত লোৱা তাৰ কাৰণে এটা পৰ্যালোচনাৰ প্ৰয়োজন, বিশ্লেষণৰ প্ৰয়োজন । সেইটো আমাৰ দলৰ মাজত হ'ব আৰু সিদ্ধান্ত ল'ব ।" আনহাতে ৰাজেন গোহাঁয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰসংগত আলোচনা চলি আছে বুলিও উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক :বিৰোধী একত্ৰিত হ'লেও লুৰীণক খোৱাং সমষ্টি এৰি নিদিয়ে কংগ্ৰেছ কৰ্মীয়ে !